ETV Bharat / state

International Arm wrestling Competition 2023 : আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ দুজনকৈ খেলুৱৈৰ পদক জয়

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 4:22 PM IST

ৰাজ্য তথা দেশবাসীৰ বাবে সু-খবৰ ৷ মালয়ছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ দুজনকৈ খেলুৱৈয়ে পদক জয় কৰি ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ ৷ ১৫ বছৰ অনুৰ্ধৰ শাখাত ৬৩ কেজিত মৃন্ময় তালুকদাৰে সোণৰ পদক আৰু ২১ অনুৰ্ধৰ ৯৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে ৷

International Arm wrestling Competition 2023
আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা

ডিব্ৰুগড়, ২৯ ছেপ্টেম্বৰ : ৰাজ্যৰ লগতে ডিব্ৰুগড়ৰ ৰাইজৰ বাবে আহিছে এটা ভাল খবৰ । মালয়ছিয়াত অনুষ্ঠিত হৈ থকা বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ দুজনকৈ খেলুৱৈয়ে পদক জয় কৰি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ । মালয়ছিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত ডিব্ৰুগড়ৰ নালিয়াপুলৰ খেলুৱৈ মৃন্ময় তালুকদাৰে পদক জয় কৰিবলৈ ৰাজ্য তথা দেশলৈ সৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই আন্তঃৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাখন ১ অক্টোবৰলৈকে মালয়ছিয়াত অনুষ্ঠিত হ’ব ৷ বিশ্বৰ কেবাখনো দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত ৷ এই প্ৰতিযোগিতাৰ ১৫ বছৰ অনুৰ্ধৰ শাখাত ৬৩ কেজিত মৃন্ময় তালুকদাৰে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে, ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে পদক জয় কৰিবলৈ সক্ষম হৈছে । বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ২১ অনুৰ্ধৰ ৯৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে নাহৰকটীয়াৰ নৱদ্বীপ গগৈয়ে । মৃন্ময় তালুকদাৰ আৰু নাহৰকটীয়া পি ডব্লিউ ডি ক'লনিৰ সুবোধ গগৈ আৰু ঋতুমণি গগৈৰ সু-সন্তান নৱদ্বীপ গগৈয়ে বিশ্ব পাঞ্জা প্ৰতিযোগিতাত পদক লাভ কৰি সমগ্ৰ অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ ।

উল্লেখযোগ্য যে, মালেয়েছিয়াত ২৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা বিশ্ব পাঞ্জা প্ৰতিযোগিতাত অসমৰ ২৫ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । ইয়াৰে ৮ গৰাকী মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে বিশ্ব পাঞ্জা প্ৰতিযোগিতাখনিত ।

লগতে ৫০ খন দেশৰ প্ৰায় ৭০০ ৰো অধিক খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Tense situation in Nagaon: মগজুত আঘাতপ্ৰাপ্ত ৰোগীৰ পেটত অস্ত্ৰোপচাৰৰ দাগ; উত্তপ্ত নগাঁৱৰ চিমছ হাস্পতাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.