ETV Bharat / state

Crime report in Guwahati: মহানগৰীত অপৰাধজনিত ঘটনাৰ শীৰ্ষত চুৰিকাণ্ডৰ ঘটনা

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 8:04 PM IST

ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ চৰকাৰী তথ্য অনুসৰি, চলিত বৰ্ষত গুৱাহাটী মহানগৰীত আগষ্ট মাহলৈ সংঘটিত হৈছে ৬,৪০৯ টা অপৰাধজনিত ঘটনা । তাৰ ভিতৰত চলিত বৰ্ষত মহানগৰীত সৰ্বাধিক চুৰিকাণ্ড সংঘটিত হৈছে ।

Crime report in Guwahati
মহানগৰীত অপৰাধজনিত ঘটনাৰ শীৰ্ষত চুৰিকাণ্ডৰ ঘটনা

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ: মহানগৰীত হত্যা, হিংসা, চুৰি, ডকাইতি, প্ৰৱঞ্চনাকে ধৰি আন আন অপৰাধজনিত ঘটনা দৈনিক সংঘটিত হৈ আহিছে । মহানগৰীত সঘনাই সংঘটিত হৈ থকা চুৰি, ডকাইতি, লুট-পাতৰ বাবে ঘৰ এৰি যাবলৈ শংকিত হৈছে মহানগৰীৰ নাগৰিক। চোৰৰ সন্ত্ৰাসৰ পৰা আনকি সাৰি যাব পৰা নাই খোদ আৰক্ষীৰ শীৰ্ষ বিষয়া ।

কিছুদিন পূৰ্বে প্ৰাতঃভ্ৰমণলৈ যোৱা শীৰ্ষ বিষয়াৰ হাতৰ পৰা চোৰে থপিয়াই নিছিল মোবাইল। চৰকাৰী তথ্য অনুসৰি, চলিত বৰ্ষত গুৱাহাটী মহানগৰীত আগষ্ট মাহলৈ সংঘটিত হৈছে ৬,৪০৯ টা অপৰাধজনিত ঘটনা । তাৰ ভিতৰত চলিত বৰ্ষত মহানগৰীত সৰ্বাধিক চুৰিকাণ্ড সংঘটিত হৈছে । মাত্ৰ আগষ্টলেকে মহানগৰীত ১,৮৪৫ টা চুৰিকাণ্ড সংঘটিত হৈছে । লগতে মহানগৰীত ৪৫৯ টা লুট-পাতৰ ঘটনা সংঘটিত হৈছে ।

ইয়াৰোপৰি ৭০৯ টা ঠগ প্ৰৱঞ্চনাৰ ঘটনা, ১৯৯ টা নাৰী অপহৰণৰ ঘটনা, ১৫৭ টা ডকাইতিৰ ঘটনা , ৪০ টা অন্যান্য অপহৰণৰ ঘটনা, ৩০ টা ধৰ্ষণকাণ্ড, ৩৮ টা হত্যাকাণ্ডৰ ঘটনা , ২০ টা হত্যাৰ চেষ্টা কৰাৰ ঘটনা সংঘটিত হৈছে।
আনহাতে ২০২২ চনত ১০,২৩৫ টা, ২০২১ ত ২০,৬৭৯ টা, ২০২০ ত ১৭,১০৭ টা, ২০১৯ ত ২০,৭২৯ টা, ২০১৮ ত ১৮,৪৩৬ টা, ২০১৭ ত ১৬,০৩৮ টা, ২০১৬ চনত ১৩,৭৫৭ টা অপৰাধজনিত ঘটনা সংঘটিত হৈছে বুলি বিধান সভাৰ মজিয়াত এই তথ্য প্ৰকাশ পাইছে ।

লগতে তথ্য অনুসৰি, ২০২২ চনত মহানগৰীত হত্যাকাণ্ডৰ ঘটনা ৭৪ টা, হত্যাৰ চেষ্টাৰ ঘটনা ৩৬ টা, ডকাইতিৰ ঘটনা ২২২ টা, লুট-পাতৰ ঘটনা ৫৮৪ টা, চুৰিকাণ্ড ২,৮৩২ টা , ধৰ্ষণৰ ঘটনা ৬২ টা, যৌতুকৰ বাবে মৃত্যুৰ ঘটনা ১০ টা, ঠগ প্ৰৱঞ্চনাৰ ১,৩৭৬ টা ঘটনা সংঘটিত হৈছে । আনহাতে ২০২১ চনত মহানগৰীত ৬১ টা হত্যাকাণ্ড, ৪৯ টা হত্যাৰ চেষ্টা , ৮৪৫ টা ডকাইতিৰ ঘটনা, ১০৭০ টা লুট-পাত , ৪৪৯২ চুৰিকাণ্ড , ৬০ ধৰ্ষণ, যৌতুকৰ বাবে মৃত্যু ২ টা, ২,২৪৪ টা ঠগ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে, মহানগৰীত সংঘটিত হৈ থকা অপৰাধমূলক ঘটনা ৰোধ কৰাৰ বাবে মহানগৰ স্মাৰ্ট আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে এই অপৰাধমূলক ঘটনা ৰোধ কৰাত ব্যৰ্থ হৈছে।

লগতে পঢ়ক: Robbery in Nagaon: গৃহস্থক অচেতন কৰি প্ৰায় 17 লাখ টকাৰ আ-অলংকাৰ লুট-পাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.