ETV Bharat / state

ভিক্টৰ দাসৰ সন্দৰ্ভত মহানগৰীৰ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল

author img

By

Published : Sep 10, 2022, 6:22 PM IST

ভিক্টৰ দাসৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিলে মহানগৰীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই(JCP Partha Sarathi Mahanta) ৷ ভিক্টৰ দাসে উত্থাপন কৰা প্ৰতিটো অভিযোগেই মিছা আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা বুলি মন্তব্য কৰে শীৰ্ষ আৰক্ষী বিষয়া দুগৰাকীয়ে ৷

JCP Partha Sarathi Mahanta
ভিক্টৰ দাসৰ সন্দৰ্ভত মহানগৰীৰ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: ভিক্টৰ দাসৰ সম্পৰ্কত মহানগৰীৰ আৰক্ষী আয়ুক্ত হৰমিত সিং(CP Harmeet Singh) আৰু যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই(JCP Partha Sarathi Mahanta) প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ছছিয়েল মিডিয়াত লিখিলেই সকলো কথা সঁচা নহয়, ভিক্টৰে মিছা আশ্ৰয় লৈছে বুলি মন্তব্য কৰে মহানগৰীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে ।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই কয় যে ভিক্টৰ দাসে টুইটাৰযোগে উত্থাপন কৰা এটাও অভিযোগ সঁচা নহয় (Victor Das tweet)। ভিক্টৰে অভিযোগ কৰা ধৰণে কোনো প্ৰাক্তন বিধায়কৰ নাম তেওঁ উল্লেখ কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে পাৰ্থ সাৰথি মহন্তই ৷ ভিক্টৰ দাসৰ ইউটিউব চেনেলৰ ওপৰতো তদন্ত চলাব বুলি সংবাদমেলখনত জানিবলৈ দিয়ে শীৰ্ষ আৰক্ষী বিষয়া দুগৰাকীয়ে (Inquiry on Victor Das tweet)।

ভিক্টৰ দাসৰ সন্দৰ্ভত মহানগৰীৰ আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তৰ সংবাদমেল

উদ্দেশ্য প্ৰণোদিতভাৱে ভিক্টৰ দাসে ভুৱা অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৷ ভিক্টৰ দাসৰ টুইটে সকলোৰে মনত সন্দেহ উপজোৱা বুলি উল্লেখ কৰি পাৰ্থ সাৰথি মহন্তই কয় যে ভিক্টৰ দাসৰ টুইটটোৰ ভিত্তিত সকলো তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু ভিক্টৰ দাসে কোৱা সকলো কথা মিছা বুলি প্ৰমাণিত হৈছে । ভিক্টৰ দাসৰ বিৰুদ্ধে পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা বুলি উল্লেখ কৰে (Victor Das arrested)৷

উল্লেখ্য যে, অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোৱা বুলি টুইটাৰযোগে অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাস নামৰ লোকজনে ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ নাম প্ৰকাশ নকৰাকৈয়ে কোনো প্ৰাক্তন বিধায়কৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল ভিক্টৰ দাসে ৷ উক্ত টুইটটোৰ ভিত্তিত ভিক্টৰ দাসক মহানগৰ আৰক্ষীয়ে সোধাপোছা কৰে যদিও প্ৰয়োজনীয় তথ্য প্ৰদান কৰিব নোৱাৰিলে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

ভুৱা অভিযোগ উত্থাপন কৰাৰ অভিযোগত পৰৱৰ্তী সময়ত আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰে ৷ সমগ্ৰ বিষয়টোৱে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰাৰ লগতে বিভিন্নজনে ভিক্টৰ দাসৰ পক্ষত মন্তব্য আগবঢ়াইছে ৷

লগতে পঢ়ক: নিযুক্তি পৰীক্ষাত ধনৰ লেনদেন হোৱা বুলি দাবী কৰা কোন এই ভিক্টৰ দাস ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.