ETV Bharat / state

খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত ক'ভিড টীকাকৰণ শিবিৰ

author img

By

Published : May 6, 2022, 10:21 PM IST

covid-vaccination-camp-at-khanapara-kendriya-vidyalaya-in-guwahati
খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত ক'ভিড টীকাকৰণ শিবিৰ

খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত ক'ভিড টীকাকৰণ শিবিৰ (Covid Vaccination Camp at Khanapara Kendriya Vidyalaya) ৷ ইউএচএআইডিৰ(USAID) উদ্যোগত লগতে হেল্পেজ ইণ্ডিয়াৰ (Helpage India) সহযোগত আয়োজিত এই শিবিৰত ১২ৰ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক টীকাকৰণ কৰা হয় ।

গুৱাহাটী, 6 মে' : ইউএচএআইডিৰ(USAID) উদ্যোগত লগতে হেল্পেজ ইণ্ডিয়াৰ (Helpage India) সহযোগত শুকুৰবাৰে খানাপাৰাস্থিত কেন্দ্ৰীয় বিদ্যালয়ত এক ক'ভিড টিকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হয় । এই শিবিৰত ১২ৰ পৰা ১৪ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীক টীকাকৰণ কৰা হয় (Covid Vaccination Camp at Khanapara Kendriya Vidyalaya)।

ইতিমধ্যে শুকুৰবাৰে ৬০০ গৰাকী ছাত্ৰ-ছাত্ৰীক টীকাকৰণৰ লক্ষ্য কৰি লোৱা হৈছিল যদিও খুব কম সংখ্যক ছাত্ৰ-ছাত্ৰীৰহে টীকাকৰণ সম্পন্ন কৰা হয় ৷

উল্লেখ্য যে, ইউএচএআইডিয়ে বিগত জানুৱাৰী মাহৰ পৰা ক'ভিড টীকাকৰণৰ কাম আৰম্ভ কৰিছে । এই অভিযানৰ বাবে ৰাজ্যৰ চাৰিখন জিলা ক্ৰমে কামৰূপ মেট্ৰ’, কামৰূপ গ্ৰাম্য, যোৰহাট, শিৱসাগৰক সামৰি লোৱা হৈছে বুলি সংস্থাটোৰ বিষয়ববীয়াই জানিবলৈ দিয়ে ।

খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ত ক'ভিড টীকাকৰণ শিবিৰ

জানিব পৰা মতে, সংস্থাটোৱে প্ৰথমাৱস্থাত জ্যেষ্ঠ নাগৰিক সকলক টীকাকৰণৰ কৰাৰ লক্ষ্য কৰি লৈছিল যদিও সম্প্ৰতি সকলো বয়সৰ লোককে ক'ভিড টীকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সংস্থাটোৱে । সংস্থাটোৰ উদ্যোগত কামৰূপ মেট্ৰ’ত বৰ্তমানলৈকে ১০ হাজাৰতকৈও অধিক ৬০ বছৰ বয়সৰ উৰ্ধৰ জেষ্ঠ নাগৰিকক ক'ভিড টীকাকৰণ কৰা হৈছে ।

লগতে পঢ়ক : নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত আতিশায্যৰ বলি চিকিৎসাধীন যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.