ETV Bharat / state

কৰ'ণাৰ সংক্ৰমণ আৰু শিশুৰ সুৰক্ষা : কি কয় বিশেষজ্ঞ চিকিৎসকে

author img

By

Published : May 18, 2021, 5:57 PM IST

covid-and-child-interview-of-child-specialist
কৰ'ণাৰ সংক্ৰমণ আৰু শিশুৰ সুৰক্ষা : কি কয় বিশেষজ্ঞ চিকিৎসকে

ক'ভিডৰ এই ভয়াৱহ সংক্ৰমণৰ পৰা কিদৰে সুৰক্ষিত ৰাখিব নিজৰ কণমানিক ? কৰ'ণাৰ তৃতীয় ঢৌৰ লক্ষ্য নেকি কণ কণ শিশু ? ক'ভিড আক্ৰান্ত মাতৃয়ে সন্তানক কিদৰে দুগ্ধপান কৰাব ? শিশুৰ সাধাৰণ জ্বৰ-চৰ্দি হ'লে কি কৰিব ? ক'ভিডৰ এই সংকটৰ সময়ত শিশুৰ প্ৰসংগত এনে বহু প্ৰশ্নৰ উত্তৰ দিলে বিশিষ্ট শিশু বিশেষজ্ঞ ডলী কলিতাই ।

গুৱাহাটী, ১৮ মে' : দেশত এতিয়া ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌ চলি থাকিলেও চিকিৎসা বিশেষজ্ঞ মহলে দেশত ক'ভিডৰ তৃতীয় ঢৌৰ আশংকা কৰিছে । লক্ষণীয় বিষয় যে, কৰ'ণা ভাইৰাছৰ নতুন প্ৰৱাহে তৃতীয় ঢৌত শিশুৰ ওপৰত প্ৰভাৱ পেলোৱাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞমহলে ।

ইতিপূৰ্বে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ চমুকৈ আই চি এম আৰে বৰ্তমানৰ দ্বিতীয় ঢৌত কম বয়সীয়া লোক অধিক সংক্ৰমিত হোৱাৰ কথা স্বীকাৰ কৰিছে । আনহাতে, কম বয়সীয়া লোকৰ মৃত্যুৰ হাৰো যথেষ্ট বেছি পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ উত্তৰাখণ্ডকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত ক্ৰমাৎ শিশুসকল মাজত ক'ভিড আক্ৰান্ত হাৰ বৃদ্ধি পাইছে । যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে শিশুৰ স্বাস্থ্যক লৈ এক শংকাময় পৰিৱেশৰ সৃষ্টি হৈছে ।

কৰ'ণাৰ সংক্ৰমণ আৰু শিশুৰ সুৰক্ষা : কি কয় বিশেষজ্ঞ চিকিৎসকে

ইফালে অসমত ভয়াৱহ হাৰত ক'ভিডৰ দ্ৰুত সংক্ৰমণ হোৱাত শিশুসকলৰ সুৰক্ষাক লৈ শংকিত হৈ পৰিছে অভিভাৱক সকল । চৰকাৰী তথ্য মতে, ক'ভিডৰ প্ৰথম ঢৌৰ সময়ত অসমত ৫ বছৰ বয়সলৈ ৪,৭৫৮ টি শিশু কৰ'ণাৰ কৱলত পৰিছিল আৰু মৃত্যু হৈছিল ৮ টি শিশুৰ । সেইদৰে ৬ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ ২৩,৬৪২ টা শিশু তথা কিশোৰ-কিশোৰী কৰ'ণাত আক্ৰান্ত হৈছিল আৰু ইয়াৰে ১১ টাৰ মৃত্যু হৈছিল ।

এইবাৰৰ দ্বিতীয় ঢৌত পহিলা মাৰ্চৰ পৰা ৫ বছৰ বয়সলৈকে ১,৬২৮ টি শিশু কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫ টি শিশুৰ মৃত্যু হৈছে । সেইদৰে ৬ বছৰৰ পৰা ১৮ বছৰ বয়সলৈকে ৮,৬৮৮ টা শিশু আৰু কিশোৰ-কিশোৰী কৰ'ণাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৫ টাৰ মৃত্যু হৈছে । ক'ভিডৰ এই বিভীষিকাময় পৰিস্থিতিৰ মাজত নিজৰ সন্তানকলৈ প্ৰতিগৰাকী অভিভাৱকেই চিন্তিত হৈ পৰিছে; অৱতাৰণা হৈছে বহু প্ৰশ্নৰ ।

ক'ভিডৰ এই ভয়াৱহ সংক্ৰমণৰ পৰা কিদৰে সুৰক্ষিত ৰাখিব নিজৰ কণমানিক? কৰ'ণাৰ তৃতীয় ঢৌৰ লক্ষ্য হ'ব নেকি কণ কণ শিশু? ক'ভিড আক্ৰান্ত মাতৃয়ে সন্তানক কিদৰে দুগ্ধপান কৰাব? শিশুৰ সাধাৰণ জ্বৰ-চৰ্দি হ'লে কি কৰিব? ক'ভিডৰ এই সংকটৰ সময়ত শিশুৰ প্ৰসংগত এনে বহু প্ৰশ্নৰ উত্তৰ দিলে বিশিষ্ট শিশু বিশেষজ্ঞ ডলী কলিতাই ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশ: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন কিমান শুদ্ধ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.