ETV Bharat / state

শৃংখল চলিহাক ২ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰিলে ন্যায়ালয়ে

author img

By

Published : Dec 27, 2019, 12:00 AM IST

সংগ্ৰামী সতীৰ্থক এনেদৰে কাৰাৰুদ্ধ কৰিলে বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৮৩ৰ দৰে ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাৰ উপদেষ্টা গৰাকীয়ে ৷ পোতাশালৰ ভয় দেখুৱাই চৰকাৰে আন্দোলন অৱদমিত কৰিবলৈ সক্ষম ন'হব বুলিও মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে ৷

court has sent sringkhal chaliha to cid custody for 2 days
জাতিৰ লগত আপোচ ন'হব-শৃংখল চলিহা


গুৱাহাটী , 26 ডিচেম্বৰঃ বুধবাৰে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক হাজিৰ কৰোৱা হ'ল মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ কাৰ্যালয়ত ৷ ইয়াৰ পাচতে 2 দিনৰ বাবে চি আই ডিৰ জিম্মালৈ নেতাজনক প্ৰেৰণ কৰে ন্যায়ালয়ে ৷ উল্লেখযোগ্য যে , নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক নেতৃত্ব প্ৰদান কৰাৰ সময়তে ডিব্ৰুগড়ৰ পৰা আটক কৰা হৈছিল বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদকজনক ৷ নেতাগৰাকীক আদালতৰ চৌহদত হাজিৰ কৰোৱাৰ সময়তে জই আই অসম ধ্বনি দিয়ে শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ সদস্য সকলে ৷ সংগ্ৰামী সতীৰ্থক এনেদৰে কাৰাৰুদ্ধ কৰিলে বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৮৩ৰ দৰে ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ দিয়ে বীৰ লাচিত সেনাৰ উপদেষ্টা গৰাকীয়ে ৷ সংগঠনটোৰ আন এগৰাকী সদস্যাই মন্তব্য কৰে যে ,চৰকাৰে প্ৰতিবাদী জনতাক পোতাশাললৈ নিক্ষেপ কৰি সংগ্ৰাম স্তব্ধ কৰিব নোৱাৰে ৷ যিমানেই চৰকাৰে প্ৰতিবাদীক কাৰাৰুদ্ধ কৰিব , হাজাৰ অখিল গগৈ, শৃংখল চলিহা ওলাই আহিব ৷ আনহাতে চি আই ডিয়ে শৃংখল চলিহাক ৫ দিনৰ বাবে জিম্মাত বিচাৰিছিল যদিও আদালতে ২ দিনৰ বাবে চি আই ডিৰ জিম্মাত নিবলৈ অনুমতি দিয়ে ৷ লগতে 24 ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য নেতাজনৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈও নিৰ্দেশ দিয়ে ন্যায়ালয়ে ৷

জাতিৰ লগত আপোচ ন'হব-শৃংখল চলিহা

লগতে পঢ়কঃ অগণতান্ত্ৰিক পন্থাৰ আন্দোলন চৰকাৰে কোনো কাৰণত মানি নলয়!

Intro:শৃংখল চলিহাক ২ দিনৰ বাবে চি আই ডিৰ জিম্মালৈ প্ৰেৰণ কৰে ন্যায়ালয়ে


shringkhal chaliha Visual send through Reporter App





Body:শৃংখল চলিহাক হাজিৰ কৰোৱা হ'ল মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ কাৰ্য্যালয়ত । আদালতৰ চৌহদতেই শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ সদস্যৰ জয় আই অসম ধ্বনি।

সংগ্ৰামী সতীৰ্থক এনেদৰে কাৰাৰুদ্ধ কৰিলে বীৰ লাচিত সেনাৰ তৰফৰ পৰা ৮৩ৰ ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ লাচিত সেনাৰ উপদেষ্টাৰ ।

সংগ্ৰামীক পোতাশাললৈ নিক্ষেপ কৰি সংগ্ৰাম স্তব্ধ কৰিব নোৱাৰে । প্ৰতিবাদ কৰিবলৈ হাজাৰজন শৃংখল চলিহা, অখিল গগৈ ওলাই আহিব - এনেদৰে মন্তব্য বীৰ লাচিত সেনাৰ আন এগৰাকী সদস্যৰ।

ইফালে শৃংখল চলিহাক চি আই ডিয়ে ৫ দিনৰ বাবে জিম্মাত বিচাৰে যদিও আদালতে ২ দিনৰ বাবে চি আই ডিৰ জিম্মাত দিয়ে আৰু ২৪ ঘণ্টাৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে নিৰ্দেশ দিয়ে ।






Conclusion:Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.