ETV Bharat / state

Massive traffic in Guwahati: গুৱাহাটীত এতিয়া ভয়ংকৰ যানজঁট

author img

By

Published : Aug 12, 2022, 6:25 PM IST

সাৱধান ! গুৱাহাটীত এতিয়া এতিয়া ভয়ংকৰ যানজঁট ৷ এতিয়া জালুকবাৰীৰ পৰা খানাপাৰলৈ Pick hour ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাব লাগিলে সময়ৰ প্ৰয়োজন হয় 2 ঘন্টাৰ পৰা আঢ়ৈ ঘন্টা ।

construction of the flyover lead to a massive traffic congestion in Guwahati
গুৱাহাটীত এতিয়া ভয়ংকৰ যান জঁট

গুৱাহাটী, 12 আগষ্ট: গুৱাহাটী মহানগৰীত মালিগাঁৱেৰে অথবা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰৱেশ কৰাৰ ক্ষেত্ৰত মানুহে এতিয়া ভয়ংকৰ যানজঁটৰ সম্মূখীন হ’ব লগা হৈছে । মহানগৰীত চাৰিওফালে দীঘল দীঘল উৰণীয়া সেঁতু নিৰ্মাণ কৰি থকাৰ ফলত মানুহে এই আহুকালৰ সম্মূখীন হ’ব লগা হৈছে । জালুকবাৰীৰ পৰা মালিগাঁৱেৰে অথবা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত এতিয়া দুই ঘন্টাৰ পৰা তিনি ঘন্টাৰ সময়ৰ প্ৰয়োজন হয় ।

construction of the flyover lead to a massive traffic congestion in Guwahati
গুৱাহাটীত এতিয়া ভয়ংকৰ যান জঁট

মনকৰিবলগীয়া যে, বিগত ২০২০ চনত মালিগাঁৱৰ পৰা কামাখ্যা গেটলৈ উৰণীয়া সেঁতুখন নিৰ্মাণৰ ফলত গুৱাহাটীত প্ৰৱেশৰ ক্ষেত্ৰত যথেষ্ট যানজঁটৰ সম্মূখীন হ’ব লগা হৈছে (Massive traffic in Guwahati) । তাৰ পিছত ২০২২ চনৰ আৰম্ভণিৰ পৰা গুৱাহাটীৰ ওচৰৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত চাৰিখন উৰণীয়া সেঁতু নিৰ্মাণৰ কাম একেলগে আৰম্ভ কৰাৰ ফলত যান জঁটৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে (Construction of the flyover lead to a massive traffic congestion) ।

construction of the flyover lead to a massive traffic congestion in Guwahati
গুৱাহাটীত এতিয়া ভয়ংকৰ যান জঁট

এতিয়া জালুকবাৰীৰ পৰা খানাপাৰলৈ Pick hour ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰেৰে যাব লাগিলে 2 ঘন্টাৰ পৰা আঢ়ৈ ঘন্টা পৰ্যন্ত সময়ৰ প্ৰয়োজন হয় । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এক উচ্চস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰি থকা চাৰিখন উৰণীয়া সেঁতু নিৰ্মাণৰ কাম বৰ্তমানলৈ মাত্ৰ ৮ শতাংশহে হৈছে ।

construction of the flyover lead to a massive traffic congestion in Guwahati
গুৱাহাটীত এতিয়া ভয়ংকৰ যান জঁট

লগতে, বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰি থকা চাৰিখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম ২০২৪ চনৰ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে বুলি এই তথ্যত প্ৰকাশ পাইছে ৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তথ্য মতে, বৰাগাঁও, গড়চুক, লখৰা আৰু বশিষ্ঠ চাৰিআলিত নিৰ্মাণ কৰি থকা চাৰিখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ সম্পূৰ্ণ প্ৰকল্পৰ বাবদ মুঠ ৩০০ কোটি টকা নিৰ্দ্ধাৰণ কৰা হৈছে ।

তথ্য মতে বৰাগাঁৱৰ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবদ ২৫.৩২ কোটি টকা, গড়চুকৰ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবদ ২৫.৬৪ কোটি টকা, লখৰাৰ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবদ ৩১.৮৩ কোটি টকা আৰু বশিষ্ঠ চাৰিআলিৰ উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবদ কোটি ২৮.৮৯ টকা খৰচ কৰা হ’ব । উৰণীয়া সেঁতু চাৰিখন নিৰ্মাণৰ বাবে M/S TPF Engineering Pvt. Ltd আৰু M/S MAV Associates LLP ক কনচালটেন্ট হিচাপে নিয়োগ কৰা হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (National Highways Authority) তত্বাৱধানত M/S Dhariwal Buildtech Ltd য়ে উৰণীয়া সেঁতু চাৰিখন নিৰ্মাণ কৰি আছে । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জনোৱা মতে উৰণীয়া সেঁতু চাৰিখনৰ কাম চলি থকাৰ সময়লৈকে যানজঁটৰ সমস্যা জটিল হৈ থাকিব । এই জটিলতা ২০২৪ চনলৈ চলিবনে তাতকৈ বেছি সময় মানুহে সহিব লাগিব সেয়া ভৱিষ্যতে উৰণীয়া সেঁতু চাৰিখন নিৰ্দ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰিব ।

লগতে পঢ়ক: Tragic incident: অসবৰ্ণ বিবাহ কৰাৰ বাবেই অতুল শৰ্মাক সৎকাৰৰ বাবে নাহিল কোনো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.