ETV Bharat / state

বিজেপিৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন হ'ল: প্ৰদ্যুৎ বৰদলৈ

author img

By

Published : Feb 26, 2021, 4:52 PM IST

congress press meet at guwahati
বিজেপিৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন হ'ল

'গুৰুজনাৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱাত অমিত শ্বাহ জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দিবলৈ ৰাইজক বাধ্য কৰোৱাই গুৰুজনাক অপমান কৰিলে বিজেপিয়ে ৷' শুকুৰবাৰে গুৱাহাটী ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

গুৱাহাটী, 26 ফেব্ৰুৱাৰী : 'বটদ্ৰৱাত অমিত শ্বাহ জিন্দাবাদ ধ্বনি দি গুৰুজনাক অপমান কৰিলে বিজেপিয়ে ৷ শ্ৰীমন্ত শংকৰদেৱে ধৰ্মনিৰপেক্ষ নীতিৰে অসমীয়া সমাজখনক এক গোট কৰি ৰাখিছিল ৷ গুৰুজনাৰ জন্মস্থান পবিত্ৰ বটদ্ৰৱাত অমিত শ্বাহ জিন্দাবাদ, বিজেপি জিন্দাবাদ ধ্বনি দিবলৈ ৰাইজক বাধ্য কৰোৱাই গুৰুজনাক অপমান কৰিলে বিজেপিয়ে ৷'

শুকুৰবাৰে গুৱাহাটী ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কংগ্ৰেছ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ তেওঁ কয়, ২০১৭ চনত অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনি গ্ৰহণ কৰিছিল ৷ কিন্তু সেই আঁচনিৰ বাবদ কেন্দ্ৰই আজিকোপতি এটকাও আৱণ্টন নকৰিলে ৷ বৰ্তমান বিজেপি চৰকাৰে অসমৰ বান সমস্যা সমাধান, নিৱনুৱা সংস্থাপন আদিৰ বাবে গুৰুত্ব আৰোপ কৰিছে বুলি অমিত শ্বাহে কোৱা কথা কোনো সত্য-সত্যতা নাই বুলি মন্তব্য প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

বিজেপিৰ দিনত অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা কৰ্তন হ'ল। ইফালে টোল গেটৰ জৰিয়তে অসমৰ ৰাইজক টেটু চেপা দিছে বিজেপিয়ে ৷ এইদৰে আজি সংবাদ মেলত সংবাদিকক সম্বোধন কৰি মত প্ৰকাশ কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷

উল্লেখ্য যে, শুকুৰবাৰে ভাৰত বন্ধলৈও পূৰ্ণ সমৰ্থন জনাই কংগ্ৰেছে ৷ আজিৰ সংবাদমেলত উপস্থিত থাকে ন কংগ্ৰেছৰ নেত্ৰী মীৰা বৰঠাকুৰ ৷

লগতে পঢ়ক: আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত কি ক'লে হাগ্ৰামাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.