ETV Bharat / state

অগ্নিপথ আঁচনিৰ জৰিয়তে মোডী চৰকাৰে ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ কংগ্ৰেছৰ

author img

By

Published : Jun 26, 2022, 8:47 PM IST

Agnipath scheme
অগ্নিপথ আঁচনিৰ জৰিয়তে মোডী চৰকাৰে ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা অজয় কুমাৰে দাঙি ধৰিলে অগ্নিপথ আঁচনিৰ আঁৰৰ ৰহস্য (Agnipath scheme)। মোডীয়ে দেশৰ ১৬ লাখ সৈনিকৰ সংখ্যা ৬ লাখ কৰিব বিচাৰিছে । কেৱল পেঞ্চনৰ ধন বচাবৰ বাবেই দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ইমান ডাঙৰ খেল খেলিছে বুলি মন্তব্য কৰি তেওঁ কয়, ভাৰতীয় সেনাৰ প্ৰকৃত পৰিচয় নোহোৱা কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে অগ্নিপথ আঁচনিৰ জৰিয়তে ।

গুৱাহাটী, ২৬ জুন: অগ্নিপথ আঁচনিখন দেশৰ যুৱপ্ৰজন্মৰ বাবে বিশ্বাসঘাতকতা । এই মন্তব্য কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা নাগালেণ্ড, ছিকিম আৰু আৰু ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক তথা ঝাৰখণ্ড প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ড৹ অজয় কুমাৰৰ (Congress leader Ajoy Kumar)।

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত(Guwahati Rajiv Bhawan) আয়োজন কৰা এখন সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড৹ কুমাৰে কেন্দ্ৰৰ অগ্নিপথ আঁচনিখনক কঠোৰ ভাষাৰে সমালোচনা কৰে । তেওঁ কয় যে, বিজেপি চৰকাৰে প্ৰায়ে ভুল আইন তথা নিৰ্ণয় জাপি দি আহিছে । কৃষি আইন জাপি দিয়াৰ ফলত ৭০০ কৃষকৰ মৃত্যু হ'ল । বিমুদ্ৰাকৰণৰ যোগেদি দেশৰ অৰ্থব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস কৰা হ'ল । সেইদৰে জি এছ টিৰ প্ৰভাৱ সম্পৰ্কেও সকলো অৱগত । এতিয়া বিজেপি চৰকাৰে 'অগ্নিপথ' আঁচনি গ্ৰহণ কৰিছে ।

তেওঁ কয় যে, দেশৰ সেনা জোৱানসকলক পেঞ্চন দিব নোৱাৰাকৈ ৭০ বছৰত দেশৰ অৱস্থা ইমান বেয়া হোৱা নাছিল । বিজেপি চৰকাৰে টকা বচাবৰ বাবে অগ্নিপথ আঁচনিখন গ্ৰহণ কৰিছে বুলি অভিযোগ কৰি তেওঁ কয় যে, ‘অগ্নিপথ’ সেনাত নিযুক্তি দিয়াৰ কোনো আঁচনি নহয় । দেশক সুৰক্ষিত কৰাৰ আঁচনিও নহয় । নৰেন্দ্ৰ মোডী চৰকাৰে কেৱল পেঞ্চনৰ ধন বচাবৰ বাবেই দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত ইমান ডাঙৰ খেল খেলিছে ।

অগ্নিপথ আঁচনিৰ জৰিয়তে মোডী চৰকাৰে ঠগ-প্ৰৱঞ্চনা কৰাৰ অভিযোগ

তেওঁ কয় যে, মোডীৰ দিনত দেশৰ বৃহৎ অংশ চীনে দখল কৰিলে যদিও এই বিষয়ত কোনো চৰ্চা হোৱা নাই । অগ্নিপথ আঁচনিয়ে দেশক নিৰাপত্তাৰ দিশত দুৰ্বল কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰত্যেক বছৰে সেনা বাহিনীত ৮০ হাজাৰ নিযুক্তি হৈ আহিছে । কিন্তু মোডী চৰকাৰে সেই প্ৰক্ৰিয়া বন্ধ কৰি দিলে । এতিয়া কৈছে যে অগ্নিপথ আঁচনিৰ যোগেদি ৫০ হাজাৰ নিযুক্তি দিব ।

আনহাতে, উক্ত 50 হাজাৰৰ ১৫ হাজাৰে স্থায়ী নিযুক্তি পোৱাৰ সম্ভাৱনা আছে যদিও সেয়াও নিশ্চিত নহয় নহয় বুলি ড৹ অজয় কুমাৰে মন্তব্য কৰে । এই অগ্নিপথ আঁচনি প্ৰৱৰ্তন হ’লে দেশৰ বৰ্তমানৰ যি ১৬ লাখ সৈনিক আছে সেয়া অগন্তুক ১৫ বছৰত ৬ লাখলৈ নামি আহিব বুলি মন্তব্য কৰি তেওঁ কয় যে মোডীয়ে দেশৰ ১৬ লাখ সৈনিকৰ সংখ্যা ৬ লাখ কৰিব বিচাৰিছে । ইয়াৰ ফলত দেশৰ নিৰাপত্তা ব্যৱস্থা দুৰ্বল নহ'ব নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

লগতে তেওঁ কয় যে, দেশত বৰ্তমান ৬০ লাখ চৰকাৰী পদ খালী হৈ আছে । ভাৰত চৰকাৰৰ ২৬ লাখ পদ খালী হৈ আছে । আনহাতে এক্স চাৰ্ভিছ মেনৰ মাত্ৰ এক শতাংশইহে নিযুক্তি লাভ কৰিছে । তেনেস্থলত অৱসৰপ্ৰাপ্ত সৈনিকসকলক কেনেদৰে চাকৰি দিব বুলি তেওঁ প্ৰশ্ন কৰে । মোডী চৰকাৰে কেৱল মিছা কথা কৈ আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি চৰকাৰ মিছা কথা কোৱাৰ ৰজা । তেওঁ অগ্নিপথ আঁচনিক মোডী চৰকাৰৰ ঠগ-প্ৰৱঞ্চনাৰ ষড়যন্ত্ৰ আখ্যা দিয়ে ।

পেঞ্চন দিয়াৰ বাবে মোডী চৰকাৰৰ ধন নাই বুলি মন্তব্য কৰি অগ্নিপথ আঁচনি বাতিল কৰাৰ দাবী জনাই তেওঁ কয় যে এই আঁচনি দেশৰ সুৰক্ষাৰ বাবে বিপদজনক । এই আঁচনিখন ভাৰতীয় সেনাৰ মূল নীতিৰ বিৰুদ্ধে । ভাৰতীয় সেনাৰ প্ৰকৃত পৰিচয় নোহোৱা হৈ পৰিব ।

সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে(APCC president Bhupen Bora) ধৰি কেইবাজনো নেতা উপস্থিত আছিল ।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মা দেউলীয়া ৰাজ্যৰ দেউলীয়া মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.