ETV Bharat / state

GMC Election 2022: বিজেপিয়ে নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : Apr 16, 2022, 9:04 PM IST

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক ভয় আৰু হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ বি জ পি দলে নিৰ্বাচনত জয়ী হোৱাৰ বাবে অনিয়মৰ আশ্ৰয় গ্ৰহণ কৰিছে বুলিও অভিযোগ তুলিছে প্ৰদেশ কংগ্ৰেছে (Congress alleged BJP Violation of election roles)৷

GMC Election 2022
বিজেপিয়ে নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

গুৱাহাটী, 16 এপ্ৰিল: গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত(GMC Election 2022) কংগ্ৰেছৰ প্ৰাৰ্থীক ভয় আৰু হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ মনজিৎ মহন্তই । গুৱাহাটীৰ ৰাজীৱ ভৱনত শনিবাৰে অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া কোষৰ অধ্যক্ষ মনজিৎ মহন্তই এই অভিযোগ কৰি কয় যে বি জ পি দলে নিৰ্বাচনত জয় হোৱাৰ বাবে অনিয়মৰ আশ্ৰয় গ্ৰহণ কৰিছে (Congress alleged BJP Violation of election roles)। এই ক্ষেত্ৰত অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে চকু মুদা কুলিৰ ভাও জুৰি আছে (Assam State Election Commission)।

বিজেপিয়ে নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ

তেওঁ কয়, যোৱা ১৩ এপ্ৰিলত বিজেপিৰ একাংশ গুণ্ডাবাহিনীয়ে গুৱাহাটী পৌৰ নিগমৰ(Guwahati municipal corporation) ৮ নং ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী ছবিন শৰ্মাক ভয় ভাবুকি দিছে । ছবিন শৰ্মাই কামাখ্যা দেৱালয়ত থকা এছ বি আই এ টি এমৰ কাষৰ এটুকুৰা খালী মাটিত গৰাকীৰ অনুমতি লৈ কংগ্ৰেছৰ অস্থায়ী নিৰ্বাচনী বুথ কাৰ্যালয় স্থাপন কৰিছিল । যোৱা ১৩ এপ্ৰিলত বিজেপিৰ একাংশ গুণ্ডাবাহিনীয়ে ছবিন শৰ্মাক এই নিৰ্বাচনী বুথ কাৰ্যালয় তাৰ পৰা আঁতৰাবলৈ ভয় ভাবুকি দিছিল । এই সন্দৰ্ভত তাৰ পাছদিনা ছবিন শৰ্মাই জালুকবাৰী আৰক্ষী থানাত অভিযোগ দিছিল । কিন্তু জালুকবাৰী আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।

পাছত এই সন্দৰ্ভত কামৰূ মহানগৰ জিলা উপায়ুক্তক আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্তক লিখিত অভিযোগ দিয়া হৈছিল । কিন্তু কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্তই এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিলে । মনজিৎ মহন্তই কয় যে, অসম ৰাজ্যিক নিৰ্বাচন আয়োগ বিজেপিৰ সংস্থা হৈ পৰিছে । তেওঁ লগতে কয় যে, জালুকবাৰীৰ পৌৰ নিগমৰ ৩ নং ৱাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰশ্মি দাসৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা পোষ্টাৰ, বেনাৰ বিজেপিৰ একাংশ গুণ্ডাবাহিনীয়ে নষ্ট কৰিছে । এই সন্দৰ্ভত এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্ত আৰু অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্তক লিখিত অভিযোগ দিয়া হৈছিল যদিও কোনো গুৰুত্ব দিয়া নাই । সংবাদমেলত কংগ্ৰেছৰ প্ৰাক্তন মেয়ৰ কুশল কুমাৰ শৰ্মাও উপস্থিত আছিল ।

লগতে পঢ়ক: Harbhajan Singh as MP: কৃষকৰ কন্যা সন্তানলৈ আগবঢ়াব দৰমহাৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.