ETV Bharat / state

Guwahati Double Murder Update: সাৰি যাব নোৱাৰিব বন্দনা; আৰক্ষীৰ হাতত পৰিছে সকলো তথ্য প্ৰমাণ

author img

By

Published : Mar 3, 2023, 9:08 PM IST

Guwahati Double Murder Update
সাৰি যাব নোৱাৰিব বন্দনা; আৰক্ষীৰ হাতত পৰিছে সকলো তথ্য প্ৰমাণ

শীঘ্ৰেই ডাবল মাৰ্ডাৰ, ৰঞ্জিত বৰা হত্যাকাণ্ড আৰু বিশ্বজিত হাজৰিকাৰ হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে দাখিল কৰিব অভিযোগনামা (Guwahati double murder update) ৷ সংবাদমেলযোগে এই মন্তব্য আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ ৷

সাৰি যাব নোৱাৰিব বন্দনা; আৰক্ষীৰ হাতত পৰিছে সকলো তথ্য প্ৰমাণ

গুৱাহাটী, 3 মাৰ্চ: গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ সকলো তথ্য প্ৰমাণ মজুত কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষী ৷ গুজৰাট, দিল্লীৰ অভিজ্ঞ ফাৰেনচিকৰ দলে দায়িত্ব লৈছে ডাবল মাৰ্ডাৰৰ সত্য উদঘাটন কৰিবলৈ । অতি সোনকালেই ডাবল মাৰ্ডাৰ, ৰঞ্জিত বৰা হত্যাকাণ্ড (Guwahati Ranjit Bora murder) আৰু বিশ্বজিৎ হাজৰিকা হত্যাকাণ্ডৰ অভিযোগনামা দাখিল কৰা হ’ব আদালতত ৷ এই মন্তব্য আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ (CP Diganta Bora)।

উল্লেখ্য যে, 14 দিনৰ আৰক্ষীৰ জিন্মাৰ অন্তত বৃহস্পতিবাৰে অৱশেষত ডাবল মাৰ্ডাৰ ঘটনাৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতাক CJM আদালতত হাজিৰ কৰোৱাৰ পাচত প্ৰেৰণ কৰা হয় কাৰাগাৰলৈ ৷ ইফালে শিহৰণকাৰী হত্যাকাণ্ডটোত বন্দনাক সহযোগ কৰা দুই সহযোগী ক্ৰমে ধনটি ডেকা আৰু অৰূপ ডেকাক পুনৰ দুদিনৰ আৰক্ষীয়ে নিজৰ জিম্মাত লয় ৷ অৰূপ আৰু ধনটিক লৈ পুনৰ তদন্তকাৰী আৰক্ষীৰ দলটোৱে চলাব অভিযান (Guwahati double murder update) ৷

স্মৰ্তব্য যে, গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ ঘটনাই ৰাজ্যৰ লগতে দেশজুৰি সৃষ্টি কৰিছিল চাঞ্চল্য ৷ সম্পত্তিৰ লোভত বন্দনা কলিতাই নিজৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰীৰ দে’ক পৃথকে পৃথকে হত্যা কৰি মৃতদেহ দুটা কাটি টুকুৰা-টুকুৰা কৰি পেলাই দিছিল মেঘালয়ৰ পাহাৰৰ পৰা (Bandana Kalita News update) ৷

উল্লেখ কৰা প্ৰয়োজন যে, বন্দনা কলিতাৰ পিতৃৰ ঘৰতে ভাৰাতীয়া হিচাবে থকা ধনটি ডেকা পেছাত আছিল এজন গাড়ী চালক । আনহাতে নুনমাটি আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডত ব্যৱহাৰ কৰা AS-01-JC-5795 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখন জব্দ কৰাৰ পাচত ফৰেন্সিকলৈ প্ৰেৰণ কৰে । সেই বাহনখনতে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ মৃতদেহ লৈ যোৱা হৈছিল । ইতিমধ্যে বাহনখন পৰা মৃতদেহৰ তেজৰ নমুনা সংগ্ৰহ কৰে ফৰেন্সিক বিভাগে।

ইয়াৰ পূৰ্বে এই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন বোন্দাজানত উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা অনুসৰি মৃতদেহ দুটা নিয়াৰ সময়ত বন্দনাৰ নিৰ্দেশত বাহনখনত ভক্তিমূলক সংগীত লগোৱা হৈছিল । 26 জুলাইত শাহুৱেক শংকৰী দে’ক আৰু 17 আগষ্টত স্বামী অমৰজ্যোতি দে’ক নৃশংসভাৱে হত্যা কৰাৰ পাচত বন্দনাই নাৰেংগীৰ স্বামী গৃহত পাপ মোচনৰ বাবে সত্যনাৰায়ণ পূজা পাতিছিল (Bandana Kalita Murder case) ।

লগতে পঢ়ক: Guwahati Double Murder Update: কাৰাগাৰৰ এন্ধাৰ কুঠৰী হ‘ল পাষাণ বন্দনাৰ ঠিকনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.