ETV Bharat / state

Guwahati Double Murder Update: কাৰাগাৰৰ এন্ধাৰ কুঠৰী হ‘ল পাষাণ বন্দনাৰ ঠিকনা

author img

By

Published : Mar 2, 2023, 8:47 PM IST

Guwahati Double Murder Update
কাৰাগাৰৰ এন্ধাৰ কুঠৰী হ‘ল পাষাণ বন্দনাৰ ঠিকনা

গুৱাহাটী ডাবল মাৰ্ডাৰৰ মূল অভিযুক্ত বন্দনা কলিতাক প্ৰেৰণ কৰা হ’ল জে’ললৈ ( Bandana Kalita sent to Jail) ৷ নিজৰ স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি পেলাই দিছিল বন্দনা কলিতাই ৷ এই কাৰ্যত বন্দনাত সহায় কৰিছিল অৰূপ আৰু ধনটি নামৰ দুই সহযোগীয়ে ৷

কাৰাগাৰৰ এন্ধাৰ কুঠৰী হ‘ল পাষাণ বন্দনাৰ ঠিকনা

গুৱাহাটী, 2 মাৰ্চ: 14 দিনৰ আৰক্ষীৰ তদন্তৰ অন্তত অৱশেষত গুৱাহাটী ডাবল মাৰ্ডাৰৰ মাষ্টাৰমাইণ্ড বন্দনা কলিতাক জে’ললৈ প্ৰেৰণ কৰে আদালতে (Bandana Kalita sent to Jail) । বৃহস্পতিবাৰে CJM আদালতত বন্দনা কলিতা আৰু দুই সহযোগীক হাজিৰ কৰোৱাৰ পাচত আদালতে এই হত্যাকাণ্ডৰ সকলো দিশ চালি-জাৰি চায় বন্দনা কলিতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । অৱশ্যে পুনৰ তিনিদিনৰ বাবে বন্দনা কলিতাক 3 জনীয়া তদন্তকাৰী দলটোৱে আৰক্ষীৰ জিম্মাত বিচাৰিছিল যদিও আদালতে অনুমতি নিদিলে ।

আনহাতে গুৱাহাটীৰ ডাবল মাৰ্ডাৰ ঘটনাৰ সৈতে জড়িত আন দুই অভিযুক্ত অৰূপ ডেকা আৰু ধনটি ডেকাক পুনৰ দুদিনৰ বাবে আৰক্ষীৰ জিম্মাত লয় নুনমাটি আৰক্ষীয়ে । অৰূপ আৰু ধনটিক লৈ পুনৰ তদন্তকাৰী আৰক্ষীৰ দলটোৱে বন্দনা কলিতাৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ হত্যাকাণ্ডৰ সন্দৰ্ভত পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে (Guwahati double murder update)।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰৰ মূল মাষ্টাৰমাইণ্ড বন্দনা কলিতাই (Guwahati double murder prime accused) দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকাক লগত লৈ ধনৰ লালসাৰ বাবে স্বামী অমৰজ্যোতি দে’ক আৰু শাহুৱেক শংকৰী দে’ক সু পৰিকল্পিতভাৱে হত্যা কৰিছিল । বুধবাৰে বন্দনাক লৈ বোন্দাৰ সোণালী নগৰস্থিত পিতৃৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলোৱাৰ পাচত ADCP কল্যাণ পাঠকৰ নেতৃত্বত বন্দনা কলিতাৰ নাৰেংগীস্থিত বাসগৃহত এই হত্যাকাণ্ডৰ গোপন তথ্য বিচাৰি চলিছিল অভিযান (Bandana Kalita Murder case) ।

উল্লেখ কৰা প্ৰয়োজন যে, বন্দনা কলিতাৰ পিতৃৰ ঘৰতে ভাৰাতীয়া হিচাবে থকা ধনটি ডেকা পেছাত আছিল এজন গাড়ী চালক । আনহাতে নুনমাটি আৰক্ষীয়ে এই নৃশংস হত্যাকাণ্ডত ব্যৱহাৰ কৰা AS-01-JC-5795 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখন জব্দ কৰাৰ পাচত ফৰেন্সিকলৈ প্ৰেৰণ কৰে । সেই বাহনখনতে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ মৃতদেহ লৈ যোৱা হৈছিল । ইতিমধ্যে বাহনখন পৰা মৃতদেহৰ তেজৰ নমুনা সংগ্ৰহ কৰে ফৰেন্সিক বিভাগে ।

ইয়াৰ পূৰ্বে এই হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন বোন্দাজানত উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত স্বীকাৰ কৰা অনুসৰি মৃতদেহ দুটা নিয়াৰ সময়ত বন্দনাৰ নিৰ্দেশত বাহনখনত ভক্তিমূলক সংগীত লগোৱা হৈছিল । 26 জুলাইত শাহুৱেক শংকৰী দে’ক আৰু 17 আগষ্টত স্বামী অমৰজ্যোতি দে’ক নৃশংসভাৱে হত্যা কৰাৰ পাচত বন্দনাই নাৰেংগীৰ স্বামী গৃহত পাপ মোচনৰ বাবে সত্যনাৰায়ণ পূজা পাতিছিল ।

লগতে পঢ়ক: Guwahati double murder update: বন্দনাৰ পিতৃৰ ঘৰত অভিযান চলাই কি পালে আৰক্ষীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.