ETV Bharat / state

Guwahati double murder update: বন্দনাৰ পিতৃৰ ঘৰত অভিযান চলাই কি পালে আৰক্ষীয়ে !

author img

By

Published : Mar 1, 2023, 9:26 PM IST

Guwahati double murder update
বন্দনাৰ পিতৃৰ ঘৰত অভিযান চলাই কি পালে আৰক্ষীয়ে !

ক্ষীপ্ৰতাৰে চলি আছে গুৱাহাটী ডাবল মাৰ্ডাৰৰ তদন্ত ৷ তিনি হত্যাকাৰীক চলোৱা জেৰাত প্ৰতিদিনেই পোহৰলৈ আহিছে আহিছে ন ন তথ্য ৷ বুধবাৰে বন্দনাৰ পিতৃৰ গৃহত আৰক্ষীয়ে চলালে অভিযান (Guwahati double murder case) ৷

ক্ষীপ্ৰতাৰে চলি আছে গুৱাহাটী ডাবল মাৰ্ডাৰৰ তদন্ত

গুৱাহাটী, 1 মাৰ্চ: গুৱাহাটীৰ ডাবল মাৰ্ডাৰ সন্দৰ্ভত তিনি হত্যাকাৰীক মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে অভিযানো অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে ৷ হত্যাকাৰী বন্দনা কলিতা আৰু দুই সহযোগী অৰূপ ডেকা আৰু ধনটি ডেকা যাতে সাৰি যাব নোৱাৰে অধিক তথ্য বিচাৰি উলিওৱাৰ বাবে ধাৰাবাহিকভাৱে অভিযান চলাই থকা হৈছে ৷ ইফালে, আৰক্ষীয়ে চলোৱা জেৰাত প্ৰতিদিনেই পোহৰলৈ আহিছে ন ন তথ্য (Guwahati double murder) ৷

বুধবাৰে বন্দনাক লৈ বোন্দাৰ সোণালী নগৰৰ পিতৃৰ বাসগৃহত আৰক্ষীয়ে চলায় অভিযান । ADCP কল্যাণ পাঠকৰ নেতৃত্বত বন্দনা কলিতাৰ পিতৃৰ বাসগৃহত চলে অভিযান । বন্দনা কলিতাৰ পিতৃ ঘৰতে ভাৰাতীয়া হিচাপে আছিল ধনটি ডেকা । ধনটি ডেকা থকা ভাৰাৰ কোঠাত আৰক্ষীয়ে তালাচী চলোৱাৰ লগতে ওচৰ চুবুৰীয়াক সোধা-পোছা কৰে (Guwahati double murder investigation) ।

আনহাতে বুধবাৰে নুনমাটি থানাৰ পৰা ফৰেন্সিকলৈ লৈ যোৱা হয় হত্যাকাণ্ডত ব্যৱহাৰ কৰা AS-01-JC-5795 নম্বৰৰ বাহনখন । অমৰজ্যোতি দে’ আৰু শংকৰী দে'ৰ মৃতদেহ লৈ যোৱা হৈছিল বাহনখনত । বাহনখনত মৃতদেহৰ তেজৰ নমুনা সংগ্ৰহৰ বাবে চেষ্টা চলাব তদন্তকাৰী আৰক্ষীৰ দলে (Bandana Kalita Murder case update)।

উল্লেখ্য যে, AS-01-JC-5795 নম্বৰৰ বাহন খনেৰে অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ মৃতদেহ মেঘালয়ৰ চেৰাপুঞ্জী আৰু ডাউকীলৈ লৈ গৈ পাহাৰৰ তললৈ নিক্ষেপ কৰা হৈছিল । ইফালে বৰ্বৰ বন্দনা কলিতা, ধনটি ডেকা, অৰূপ ডেকাৰ কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে চাৰিদিন আৰক্ষী জিম্মাৰ ম্যাদ উকলিব ।

স্মৰ্তব্য যে, 2022 চনৰ 26 জুলাইত শাহুৱেক শংকৰী দে’ক আৰু 17 আগষ্টত স্বামী অমৰজ্যোতি দে’ক অতি নৃশংসভাৱে হত্যা কৰিছিল পাষাণ বন্দনা কলিতা আৰু দুই সহযোগীয়ে । 2022 চনৰে 29 আগষ্টত বন্দনা কলিতাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত এজাহাৰ দাখিল কৰিছিল । আৰক্ষীয়ে সন্ধানহীন হোৱা লোক দুজনৰ সন্ধান উলিয়াব পৰা নাছিল (Woman killed husband and mom in law) ।

আনহাতে যোৱা 21 নৱেম্বৰত শংকৰী দে’ৰ ভতিজাক নিৰ্মাল্য দে’য়ে নুনমাটি থানাত আন এখন এজাহাৰ দি শংকৰী দে’ৰ একাউন্টৰ পৰা কোনো লোকে ধন উলিয়াই নিয়াৰ কথা উল্লেখ কৰিছিল । ইফালে, 14 ফেব্ৰুৱাৰীত বন্দনা কলিতাই মহানগৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি স্বামী আৰু শাহুৱেকৰ নিৰুদ্দেশৰ ঘটনা সন্দৰ্ভত নুনমাটি থানাই ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল । ইয়াৰ পাচতে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

লগতে পঢ়ক: Operation Sarkhar 2.0: সাৱধান ! আৰম্ভ হ’ল অপাৰেশ্যন ছাৰখাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.