ETV Bharat / state

Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি-ৰাজনীতিক-সমাজকৰ্মীৰ ঘৰলৈ গৈ জাতীয় পতাকা প্ৰদান মুখ্যমন্ত্ৰীৰ

author img

By

Published : Aug 11, 2022, 10:39 PM IST

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ‘ঘৰে ঘৰে জাতীয় পতাকা’(Har Ghar Tiranga) কাৰ্যসূচী অনুসৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উৰিব ত্ৰিৰংগ পতাকা ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সমাজকৰ্মীৰ গৃহত উপস্থিত হৈ জাতীয় পতাকা প্ৰদান কৰে (CM visited veteran politician)৷

CM visited prominent personalities, politicians and social workers and handed over national flag
বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সমাজকৰ্মীৰ গৃহলৈ গৈ জাতীয় পতাকা প্ৰদান মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, 11 আগষ্ট: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে এইবাৰ স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav)। চৰকাৰে ঘোষণা কৰা ‘ঘৰে ঘৰে জাতীয় পতাকা’(Har Ghar Tiranga) কাৰ্যসূচী অনুসৰি ২০ কোটিৰো অধিক ঘৰৰ ওপৰত উৰিব ত্ৰিৰংগ পতাকা ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি ‘ঘৰে ঘৰে জাতীয় পতাকা’ কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, ৰাজনীতিক, সমাজকৰ্মীৰ গৃহত উপস্থিত হৈ জাতীয় পতাকা প্ৰদান কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে পোনতে বিশিষ্ট সমাজকর্মী তথা পদ্মশ্ৰী অজয় কুমাৰ দত্তৰ পাণবজাৰস্থ গৃহলৈ গৈ জাতীয় পতাকা প্ৰদান কৰাৰ লগতে তেওঁৰ সৈতে বাৰ্তালাপ কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশিষ্ট অধিবক্তা দিলীপ হাজৰিকাৰ উজান বজাৰত থকা বাসভৱনলৈ গৈ ‘ঘৰে ঘৰে জাতীয় পতাকা’ অভিযানৰ অংশ হিচাপে জাতীয় পতাকা প্ৰদান কৰাৰ লগতে মত-বিনিময় কৰে ৷

মুখ্যমন্ত্ৰীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন অধ্যক্ষ ধীৰেণ বৰুৱাৰ আমবাৰীস্থিত বাসভৱনলৈ গৈ তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে জাতীয় পতাকা প্ৰদান কৰে ৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বাসভৱনলৈ গৈ স্বাধীনতাৰ অমৃত মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে জাতীয় পতাকা উপহাৰ হিচাপে আগবঢ়ায় ৷

মুখ্যমন্ত্ৰী শৰ্মাই প্ৰাক্তন সাংসদগৰাকী স্বাস্থ্যৰো বুজ লয় ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে প্ৰবীণ বাওপন্থী নেতা উদ্ধৱ বৰ্মনৰ বামুণীমৈদানস্থিত বাসভৱনলৈ গৈ জাতীয় পতাকা প্ৰদান কৰাৰ লগতে সৌহাদ্যমূলক বাৰ্তালাপ কৰে ৷ এই সাক্ষাৎকালত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্তও উপস্থিত থাকে ৷

লগতে পঢ়ক: Har Ghar Tiranga: ত্ৰিৰংগাৰ বিষয়ে জানিবলগীয়া কিছু কথা আৰু হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.