ETV Bharat / state

আয় বহিৰ্ভূত সম্পত্তি : লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ ঘৰত চি এম ভিজিলেন্স

author img

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 4:38 PM IST

CM Vigilance Cell raids retd PWD Engineers
আয় বৰ্হিভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান

CM Vigilance Cell raids: লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ বাসগৃহত চি এম ভিজিলেন্সৰ অভিযান ৷ চি এম ভিজিলেন্সে অৱসৰপ্ৰাপ্ত অভিযন্তা চামেদ আলীৰ ঘৰত আয় বৰ্হিভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান চলায় ৷

অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তাৰ ঘৰত চি এম ভিজিলেন্সৰ অভিযান

গুৱাহাটী, 15 ডিচেম্বৰ : আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত গুৱাহাটীত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অভিযান ৷ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা চামেদ আলীৰ বাসগৃহত অভিযান চি এম ভিজিলেন্সৰ ৷ আয়ৰ অধিক সম্পত্তিৰ 9/2023 গোচৰৰ ভিত্তিত শুকুৰবাৰে চি এম ভিজিলেন্সে এই অভিযান চলায় ৷

নামে-বেনামে সম্পত্তি গঢ়াৰ অভিযোগ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা চামেদ আলীৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি চামেদ আলীৰ গুৱাহাটীৰ সৰুমটৰীয়া আৰু জোনালীত আছে বৃহৎ ভূ-সম্পত্তি ৷ উল্লেখ্য যে কৰিমগঞ্জত দীৰ্ঘসময় ধৰি কাম কৰিছিল চামেদ আলীয়ে ৷ 2022 বৰ্ষত কৰিমগঞ্জৰ পৰা অৱসৰ লৈছিল অভিযন্তাগৰাকীয়ে ৷ কৰিমগঞ্জত কাম কৰি থাকোতেই নামে-বেনামে ঘটিছিল সম্পত্তি ৷

লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণ বিভাগৰ দায়িত্বত আছিল অভিযন্তাজন ৷ গান্ধীবস্তিত বিশাল অট্টালিকাৰ উপৰিও তেওঁৰ আছে আৰু এটা বৃহৎ ফ্লেট ৷ আজি চি এম ভিজিলেন্সে অৱসৰপ্ৰাপ্ত অভিযন্তা চামেদ আলীৰ ঘৰত আয় বৰ্হিভূত সম্পত্তিৰ বিৰুদ্ধে অভিযান চলায় ৷ পূব শৰণীয়াৰ লালমাটি পথত থকা তেওঁৰ বাসগৃহত চি এম ভিজিলেঞ্চৰ অভিযান চলে ৷

উল্লেখ্য যে চি এম ভিজিলেঞ্চে এগৰাকী বিধায়কৰ অভিযোগৰ ভিত্তিত অৱসৰপ্ৰাপ্ত অভিযন্তা চামেদ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৷ চি এম ভিজিলেঞ্চে চলোৱা অভিযানত চামেদ আলীৰ ঘৰৰ পৰা বহু ভূমিৰ নথি-পত্ৰ পাইছে বুলি জানিব পৰা গৈছে ৷ সকলোখিনি জব্দ কৰি ভিজিলেঞ্চৰ দলে পুনৰ পৰীক্ষা কৰিব এই সমূহ নথি-পত্ৰ৷ লগতে এই অভিযানত ভিজিলেঞ্চে বহুকেইখন বেংক পাছবুক জব্দ কৰিছে বুলিও জানিব পৰা গৈছে ৷ চামেদ আলীৰ বাসগৃহৰ মাটি কালিয়ো জোখ-মাপ লৈছে ভিজিলেঞ্চৰ দলে ৷ সৰুমটৰীয়াৰ নৱনিৰ্মিত বাসগৃহতো চি এম ভিজিলেঞ্চে অভিযান চলাব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ফাইলতে আৱদ্ধ ক্ষুদ্ৰ চাহ ফেক্টৰী স্থাপনৰ চৰকাৰী প্ৰস্তাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.