ETV Bharat / state

Decision to rebuild roads: অসমত কেইবাহাজাৰ কিলোমিট‍াৰ ৰাস্তা নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত

author img

By

Published : Feb 3, 2022, 9:03 PM IST

লোক নিৰ্মাণ বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (Assam CM reviews various activities of PWD)। বন্ধ হ'ব পুৰণি এছ অ' পি ডি শিতান । নিৰ্মাণৰ নামত বৰ্তমান চলি থকা প্ৰক্ৰিয়াটো বন্ধ কৰি কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কৰা হ'ব । সমগ্ৰ প্ৰক্ৰিয়াটো পদ্ধতিগত সংস্কাৰৰ দিশে লৈ যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

Assam
অসমত কেইবাহাজাৰ কিলোমিট‍াৰ ৰাস্তা নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত

গুৱাহাটী,৩ ফেব্ৰুৱাৰী : ৰাজ্য চৰকাৰৰ পুৰণি এছ অ' পি ডি শিতান বন্ধ কৰি দিয়া হ'ব । উদ্দেশ্য হ'ল যাতে বছৰৰ আৰম্ভনিতে ৰাস্তাবোৰ ঠিক কৰি লৈ এপ্ৰিল-মে'ত পথৰ নিৰ্বাচন কৰি মে'-জুনত নিবিদা গ্ৰহণেৰে আগষ্টৰ পৰা কাম আৰম্ভ কৰিব পৰা যায় (Decision to rebuild roads) । এই কথা সদৰি কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই লোক নিৰ্মাণ বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে (Assam CM reviews various activities of PWD)।

গুৱাহাটীৰ লোক নিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত বিভাগটোৰ কাৰ্যবাহী অভিযন্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ কাম-কাজৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে অহা বছৰত তিনিটা বিশেষ আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্রী গ্ৰাম্য সড়ক যোজনাৰ (PMGSY) আৰ্হিত অসমতো কেইবাহাজাৰ কিলোমিট‍াৰ ৰাস্তা নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে । কিমান হাজাৰ হ'ব তথা কিমান ধৰণে হ'ব সেয়া বাৰ্ষিক বাজেটত সকলোৱে গম পাব ।

অসমত কেইবাহাজাৰ কিলোমিট‍াৰ ৰাস্তা নতুনকৈ নিৰ্মাণ কৰাৰ সিদ্ধান্ত

ৰাজ্য চৰকাৰৰ পুৰণি এছ অ' পি ডি শিতান বন্ধ কৰি দিয়া হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ইয়াৰ উদ্দেশ্য হ'ল যাতে বছৰৰ আৰম্ভনিতে ৰাস্তাবোৰ ঠিক কৰি লৈ এপ্ৰিল-মে'ত পথৰ নিৰ্বাচন কৰিব পৰা য‍ায় । মে'-জুনত নিবিদা গ্ৰহণ কৰি আগষ্টৰ পৰা কাম আৰম্ভ কৰা হ'ব । মুখ্যমন্ত্রীয়ে লগতে কয় যে পুঁজিৰ বাবে কোনেও আৰু বিত্ত বিভাগলৈ আহিব নালাগে ।

এটা নিৰ্দ্দিষ্ট একাউণ্টত আগতীয়াকৈ টকা জমা হৈ থাকিব । ঠিকাদাৰসকলেও কামৰ ধন সাত দিনৰ পাছত লৈ যাব পাৰিব । নিৰ্মাণৰ নামত বৰ্তমান চলি থকা প্ৰক্ৰিয়াটো বন্ধ কৰি কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত কৰা হ'ব ।

সমগ্ৰ প্ৰক্ৰিয়াটো পদ্ধতিগত সংস্কাৰৰ দিশে লৈ যোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই বিষয়ে বৃহস্পতিবাৰৰ বৈঠকত প্ৰাৰম্ভিক আলোচনা কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এই আলোচনাৰ ভিত্তিত বাজেটত কিমান হাজাৰ কিলোমিটাৰ ৰাস্তা নতুনকৈ বনোৱা হ'ব তাৰ বিষয়ে উল্লেখ কৰা হ'ব ।

তিনি ধৰণৰ ৰাস্তা হ'ব । এটা হৈছে পকী পথ নিৰ্মাণ আঁচনি । আনটো হ'ব উন্নত পকী পথ নিৰ্মাণ আঁচনি আৰু আনটো হ'ব অসমমালা আঁচনি ।

তদুপৰি মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণৰ এটা আঁচনি থাকিব । এই চাৰিটা আঁচনি লৈ লোক নিৰ্মাণ বিভাগে অহা বছৰ কাম আৰম্ভ কৰিব । পুৰণি খেলিমেলিৰে চলি থকা পৰম্পৰাসমূহ নোহোৱা হ'ব বুলিও মুখ্যমন্ত্রীয়ে সদৰি কৰে ।

লগতে পঢ়ক :Fraudster Mridupaban Neog Case: প্ৰৱঞ্চক মৃদুপৱনৰ দুই সতীৰ্থক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.