ETV Bharat / state

চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ কৰিবলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ

author img

By

Published : Sep 7, 2021, 8:41 PM IST

cm-himanta-biswa-sarma-warns-circles-officer-to-close-corruption-running-in-circle-office
চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ কৰিবলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ

চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ নহ'লে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কাম কৰি যাব । পৰি থকা মাটিৰ কামৰ ফাইল সমূহ ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ । কামৰ বিনিময়ত কোনো লোকে ধন ল'ব নোৱাৰিব বুলি কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।

গুৱাহাটী,৭ ছেপ্তেম্বৰ: পৰি থকা মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আন্তজাৰ্তিক পেক্ষাগৃহত আয়োজন কৰা অতিৰিক্ত উপায়ুক্ত (ৰাজহ), ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াসকলৰ ৰাজ্যিক সন্মিলনত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিষয়াসকলক কঠোৰ সকিয়নী দিয়ে ।

চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ নহ'লে মুখ্যমন্ত্ৰীয়ে তদাৰকী কোষে কাম কৰি যাব বুলি সকিয়াই দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, দালাল দেখিলেই মই থপিয়াই আনিম । অতিৰিক্ত উপায়ুক্ত (ADC)সকলক কঠোৰ সকিয়নী দি তেওঁ সকলোকে বিনামূলীয়া সেৱা আগবঢ়োৱাবলৈ পৰামৰ্শ আগবঢ়ায় ।

চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দাদালৰাজ বন্ধ কৰিবলৈ কঠোৰ সকীয়নি মুখ্যমন্ত্রীৰ

লগতে পঢ়কঃ বিজেপি অসম প্ৰদেশৰ বিভিন্ন মৰ্চাৰ পূৰ্ণাংগ সমিতি ঘােষণা

ইপিনে ৰাজহ চক্ৰ বিষয়াসকলক মাটিৰ ফাইল পৰি থকাক লৈ প্ৰশ্ন উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰি থকা ফাইল সমূহ ৬ অক্টোবৰৰ ভিতৰত ক্লিয়াৰ কৰাৰ নিৰ্দেশ দিয়ে । ৰাজহ চক্ৰ বিষয়াসকলক দালালিৰাজ বন্ধ কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কামৰ বিনিময়ত কোনো লোকে ধন ল'ব নোৱাৰিব ।

উপঢৌকন লোৱাৰ সলনি সকলোকে বিনামূলীয়াকৈ সেৱা আগবঢ়োৱাবলৈ পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে মাটিৰ কামৰ ক্ষেত্ৰত কিবা দুৰ্নীতি সংঘটিত হ’লে সেই বিষয়ে দৃষ্টিগোচৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোৰে প্ৰতি আহ্বান জনায়।

উল্লেখযোগ্য যে, মাটিৰ কামৰ ক্ষেত্ৰত কামৰূপ গ্ৰাম্যত পৰি আছে ৬৭০ টা ফাইল আৰু কামৰূপ মহানগৰত পৰি আছে প্ৰায় ৬০০০ ফাইল। যাক লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা যায় ।

লগতে পঢ়কঃ যান বাহন আইন নমনা চালকক কঠোৰ সকীয়নি বাক্সা জিলা পৰিবহন বিষয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.