যান বাহন আইন নমনা চালকক কঠোৰ সকীয়নি বাক্সা জিলা পৰিবহন বিষয়াৰ

author img

By

Published : Sep 7, 2021, 8:02 PM IST

যান বাহন আইন নমনা চালকক কঠোৰ সকীয়নি বাক্সা জিলা পৰিবহন বিষয়াৰ

বাক্সা জিলা পৰিবহণ বিষয়াই জিলাখনত যান বাহন আইন মানি চলাৰ বাবে জাৰি কৰিছে নিৰ্দেশনা । আগন্তুক মাৰ্চৰ আগতে মালিক সকলে গাড়ীৰ কৰ সমূহ দিবলৈ আহ্বান জনাই পৰিবহণ বিষয়া গৰাকীয়ে ৷

বাক্সা,7 ছেপ্তেম্বৰ: যান বাহন আইন অমান্য কৰি গাড়ী মটৰ চলোৱাৰ বাবেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে বাক্সা জিলাত যাতে দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় তাৰ বাবে বাক্সা জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই গাড়ী চলোৱাৰ সময়ত যান বাহন আইন মানি চলাৰ বাবে গাড়ী চালক সকলক আহ্বান জনাইছে ।

লগতে সকলোৱে যাতে দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেট আৰু চাৰি চকীয়া বাহন চলোৱাৰ সময়ত চিট বেল্ট লগাই গাড়ী চলাই তাৰ প্ৰতিও গুৰুত্ব দিবলৈ সকলোকে আহ্বান জনাই বিষয়া গৰাকীয়ে ৷

বাক্সা জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই কয়, যি সকলে যান বাহন আইন অমান্য কৰিছে, তেওঁলোকৰ বিৰুদ্ধে ইতিমধ্যে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ অনাগত সময়ত যি সকলে যান বাহন আইন অমান্য কৰিব তেওঁলোকৰ বিৰুদ্ধেও জৰিমনা বিহাৰ হ’ব ৷

যান বাহন আইন নমনা চালকক কঠোৰ সকীয়নি বাক্সা জিলা পৰিবহন বিষয়াৰ

লগতে পঢ়কঃ আব্দুল গণিৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ

তাৰ সমান্তৰাল ভাৱে জিলাখনত অতিৰিক্ত বোজাই কঢ়িওৱা গাড়ী সমূহক জৰিমনা বিহা হ’ব বুলিও উল্লেখ কৰে বাক্সা জিলা পৰিবহণ বিষয়া গৰাকীয়ে । যি সকল গাড়ীৰ মালিকে যান বাহনৰ কৰ দিবলৈ বাকী আছে তেওঁলোকক বিভাগৰ পৰা কৰ আদায়ৰ দাবী পত্ৰ ( demand notice) প্ৰেৰণ কৰিব পৰিবহণ বিভাগে ৷

ইপিনে কৰ আদায় দিবলৈ বাকী থকা গাড়ীৰ মালিক সকলক অতি শীঘ্ৰে কৰ আদায় দিয়াৰ আহ্বান জনোৱা দেখা যায় বিষয়া গৰাকীক । বিষয়া গৰাকীয়ে পুনৰ কয়, এতিয়াৰে পৰা অনুজ্ঞাপত্ৰৰ কাৰণে ঘৰতে বহি আবেদন কৰিব পাৰিব ৷ লগতে ঘৰতে বহি অনলাইন যোগে পৰীক্ষা দিবও পাৰিব ৷

তাৰ লগে লগে অনুজ্ঞাপত্ৰ সমূহ ডাক যোগে পঠিওৱাৰ ব্যৱস্থা কৰিব বিভাগটোৱে ৷ যি সকল লোকে এতিয়াও চালকৰ পুৰণি অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰি আছে আৰু এতিয়াও স্মাৰ্ট কাৰ্ড লোৱা নাই তেওঁলোকক পুৰণি কাৰ্ড সমূহ জমা দি স্মাৰ্ট কাৰ্ড লোৱাৰ বাবে আহ্বান জনাই জিলা পৰিবহণ বিষয়া গৰাকীয়ে ।

একেদৰে যি সকল গাড়ীৰ স্বত্বাধিকাৰীয়ে হাই চিকিউৰিটি নম্বৰ প্লেটৰ বাবে আবেদন কৰি আজিও সেই নম্বৰ প্লেট সমূহ পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা নিয়া নাই, তেওঁলোকক সেই সমূহ নম্বৰ প্লেট কাৰ্যালয়ৰ পৰা নিয়াৰ বাবেও আহ্বান জনাই বিষয়া গৰাকীয়ে ।

লগতে পঢ়কঃ ৰঙিয়াত জৰাজীৰ্ণ পথ মেৰামতিৰ দাবীত ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.