বিজেপি অসম প্ৰদেশৰ বিভিন্ন মৰ্চাৰ পূৰ্ণাংগ সমিতি ঘােষণা

author img

By

Published : Sep 7, 2021, 7:50 PM IST

assam bjp

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চা, ৰাজ্যিক কিষাণমৰ্চা, ৰাজ্যিক অনুসূচীত জাতি মৰ্চা, ৰাজ্যিক সংখ্যালঘু মৰ্চা, ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চা আৰু ৰাজ্যিক যুৱ মৰ্চাৰ পূৰ্ণাংগ সমিতি ঘোষণা ।

গুৱাহাটী, ৭ ছেপ্তেম্বৰ : অসম ৰাজ্যিক বিজেপিৰ নেতৃত্বই মঙলবাৰে দলৰ বিভিন্ন মৰ্চাৰ পূৰ্ণাংগ সমিতি ঘােষণা কৰে । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অনুমােদন সাপেক্ষে ঘােষণা কৰা হ’ল মৰ্চাৰ পূৰ্ণাংগ সমিতি সমূহ ৷ এই কমিটী কেইখন হ’ল ৰাজ্যিক মহিলা মৰ্চা, ৰাজ্যিক কিষাণ মৰ্চা, ৰাজ্যিক অনুসূচীত জাতি মৰ্চা, ৰাজ্যিক সংখ্যালঘু মৰ্চা, ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চা আৰু ৰাজ্যিক যুৱ মৰ্চা ।

মহানগৰীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত অনুষ্ঠিত হােৱা এখন সংবাদ মেলত পূর্ণাংগ সমিতি সমূহ ঘােষণা কৰা হয় । ৰাজ্যিক বিজেপিৰ সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে আঁত ধৰা সংবাদ মেলখনত সমিতিৰ বিষয়ববীয়াৰ নামসমূহ ঘোষণা কৰা হয় ।

assam bjp
বিজেপি অসম প্ৰদেশৰ বিভিন্ন মৰ্চাৰ পূৰ্ণাংগ সমিতি ঘােষণা

লগতে পঢ়ক : কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত একাংশ গৃহৰক্ষী জোৱানৰ দুৰ্বিসহ জীৱন: গুৰুত্ব নাই চৰকাৰৰ

হিমাংশু শেখৰ বৈশ্য আৰু ৰক্তিম খাটনিয়াৰক যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক, নিবাৰণ লহকৰ আৰু ইন্দ্রানী তহবিলদাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক, তিলোত্তমা হাছনু আৰু দিগন্ত পাদুনক অনুসূচীত জনজাতি মৰ্চাৰ সাধাৰণ সম্পাদক, হিমাশ্রী দেৱী আৰু পূৰবী ৰয়ক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা, সীমান্ত দাস আৰু অৰ্জুন মজুমদাৰক অনুসূচীত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক, ছাহিদুল ইছলাম আৰু মােস্তাক উদ্দিন আহমেদক সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক, নিপন চেতিয়া আৰু সৌৰভ কুমাৰ নাথক অন্যান্য পিছপৰা শ্রেণী মৰ্চাৰ সাধাৰণ সম্পাদক পদত দায়িত্ব অর্পন কৰাৰ কথা ঘােষণা কৰা হয় ।

লগতে পঢ়ক : আব্দুল গণিৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় লোকৰ

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই নৱ গঠিত মৰ্চাৰ নেতৃবর্গই সমাজৰ সকলাে স্তৰতে ভাৰতীয় জনতা পার্টিক সর্বব্যাপী আৰু সর্বস্পর্শী কৰি তুলিব বুলি আশা প্রকাশ কৰে । উল্লেখযােগ্য যে চাহ জনজাতি মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰৰ পৰিয়ালৰ লােক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বাবে মৰ্চাৰ পূৰ্ণাংগ ৰাজ্যিক সমিতি ঘােষণা কৰিব পৰা নগ’ল বুলি সংবাদ মেলত ঘােষণা কৰা হয় ।

লগতে পঢ়ক : সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকৰ সকলো দাবী পূৰণ কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.