ETV Bharat / state

বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰীৰ ধাৰাবাহিক বৈঠক, পূৰ্ণোদ্যমে চলিছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 10:49 PM IST

সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ শৰ্মা ৷ আয়োজন কৰিছে ইখনৰ পিছত সিখন দলীয় সভা ৷ বৃহস্পতিবাৰেও সমষ্টি পুনৰ নিৰ্ধাৰণে সৃষ্টি কৰা খেলিমেলি দূৰ কৰাৰ বাবে এক দলীয় সভাৰ আয়োজন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Vajpayee Bhawan guwahati
বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ৭ ডিচেম্বৰ : সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিক লৈ উথপথপ লাগিছে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় আৰু ৰাজীৱ ভৱনত ৷ ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ বিপুল জয়ে দুগুণে উৎসাহ বৃদ্ধি কৰিছে অসম বিজেপিৰ ৷ ধনুত টংকাৰ দি ৰণ কৌশল প্ৰস্তুত কৰাত নামি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায় এটা দিনৰ মূৰে মূৰে বাজপেয়ী ভৱনত দলীয় সভা অনুষ্ঠিত কৰিছে ৷ যোৱা বুধবাৰে বাজপেয়ী ভৱনত বিটিআৰকে ধৰি বিজেপিৰ যুৱ মৰ্চাৰ উপৰিও দলৰ আন কেবাটাও মৰ্চাৰ দলীয় কাম-কাজৰ খতিয়ান লোৱাৰ পিছত বৃহস্পতিবাৰেও বাজপেয়ী ভৱনত উপস্থিত হয়গৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ তিনিটাকৈ বিধানসভা সমষ্টিৰ দলীয় কৰ্মকৰ্তাৰ সৈতে এক বৈঠকত মিলিত হয় ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আমগুৰি, টীয়ক আৰু দেৰগাঁও সমষ্টিৰ দলীয় কৰ্মীৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷

বৈঠকৰ অন্ত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আমগুৰি সমষ্টিটো বিলুপ্ত হৈ পৰে ৷ ইফালে দেৰগাঁও আৰু টীয়ক বিধানসভা সমষ্টিৰো ভালেমান পৰিৱৰ্তন সাধন হয় ৷ আমগুৰি সমষ্টিটো নোহোৱা হৈ এটা অংশ শিৱসাগৰ আৰু আন এটা অংশ নাজিৰা সমষ্টিত সংলগ্ন হয় ৷ আনহাতে টীয়ক সমষ্টিৰ এটা অংশ যোৰহাটত আৰু আন এটা অংশ দেৰগাঁৱত লগ লগাৰ বিপৰীতে দেৰগাঁৱৰো এটা অংশ টীয়কত যোগ হয় ৷ যাৰ বাবে দলীয় সংগঠনত কিছু জটিলতা আৰু বিসংগতিয়ে দেখা দিছে ৷ এই জটিলতাসমূহ নিৰসনৰ বাবে মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে এই বৈঠকৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনত অসমত ৬ খন আসনত কংগ্ৰেছক জয়ৰ স্বপ্ন দেখুৱাইছে আজমলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.