ETV Bharat / state

CM Program at kalakshetra: ৬৬ জন ঠিকাভিত্তিক কৰ্মচাৰীৰ আত্মীয়লৈ এককালীন সাহায্য প্ৰদান চৰকাৰৰ

author img

By

Published : Apr 12, 2023, 6:12 PM IST

CM Program at Kalakshetra
৬৬ জন কৰ্মচাৰীৰ আত্মীয়লৈ এককালীন সাহায্য প্ৰদান

ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ ৬৬ টা পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (One Time compensation to 66 family)৷

৬৬ জন কৰ্মচাৰীৰ আত্মীয়লৈ এককালীন সাহায্য প্ৰদান

গুৱাহাটী, ১২ এপ্ৰিল: বুধবাৰে মহানগৰীৰ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰিয়ালসকলক এককালীন সাহায্য প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ য’ত বিভাগটোৰ প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকে (Minister Ranjeet Kumaar Dass) প্ৰমুখ্য কৰি বিভাগটোৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ৷

এই বিশেষ অনুষ্ঠানত মুঠ ৬৬ জন কৰ্মচাৰীৰ পৰিয়ালবৰ্গলৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয় (One Time compensation to 66 family) ৷ অনুষ্ঠানটোত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, চৰকাৰী কৰ্মচাৰীৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অনুসৰি ৰাজ্যত ঠিকা ভিত্তিত কৰ্মচাৰী নিযুক্তি দিয়া হয় ৷ এই কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰৰ চাকৰিয়ালৰ সমান সুবিধা নাপায় ৷ পূৰ্বে ঠিকাভিত্তিক কৰ্মচাৰীৰ মৃত্যু হ’লে চৰকাৰে কোনো আৰ্থিক সাহায্য নাপাইছিল ৷"

লগতে পঢ়ক: Accident of MLA car: ভাস্কৰ শৰ্মাৰ পৰিয়ালক খাৱৈত পেলাই দিয়াৰ ভাবুকি চালক ৰূপম দত্তৰ

"ঠিকাভিত্তিক কৰ্মচাৰীৰ মৃত্যু হ'লে সাহায্য দিয়াৰ পূৰ্বে কোনো আঁচনি নাছিল ৷ ২০১৮ চনত মই বিত্তমন্ত্ৰী হৈ থাকোতে এই আঁচনি অনা হয় ৷ সেই অনুসৰি বিভিন্ন বিভাগৰ মৃত্যু হোৱা পৰিয়ালৈ ৫ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হয় ৷" মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

সাহায্য লাভ কৰা পৰিয়ালসমূহক আজিৰ ভিতৰত অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিবলৈ বিভাগীয় মন্ত্ৰীক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "আজি আমি ৬৬ টা পৰিয়াললৈ ৫ লাখকৈ টকা সাহায্য আগবঢ়ালো (5 lacs one time compensation) ৷ দ্বিতীয় পৰ্যায়ত আগন্তুক দুমাহৰ ভিতৰত ৩৩ টা পৰিয়াললৈ ৫ লাখকৈ টকাকৈ সাহায্য প্ৰদান কৰা হ'ব ৷"

লগতে পঢ়ক: Road accident in Barpeta: কলগাছিয়াত পথ দুৰ্ঘটনাত আহত লোকৰ মৃত্য়ু; GNRC ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.