ETV Bharat / state

Road accident in Barpeta: কলগাছিয়াত পথ দুৰ্ঘটনাত আহত লোকৰ মৃত্য়ু; GNRC ৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

author img

By

Published : Apr 12, 2023, 1:51 PM IST

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমতলাত পথ দুৰ্ঘটনাত আহত লোকৰ মৃত্য়ু । মৃত্যুৰে যুঁজি সোমবাৰে আহত লোকজনে শেষ নিশ্বাস ত্যাগ কৰে (Road accident in Amtala)।

Road accident in Amtala
আমতলাত পথ দুৰ্ঘটনা

আমতলাত পথ দুৰ্ঘটনা

জনীয়া, ১২ এপ্ৰিল: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমতলাত যোৱা ২৪ মাৰ্চত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত এজন লোকৰ সোমবাৰে মৃত্য়ু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে (Road accident at Kalgasia)। দুৰ্ঘটনাটোত আমতলাৰ তাইজুদ্দিন আহমেদ নামৰ ৬০ৰ উৰ্ধৰ লোক এজনে গুৰুতৰভাৱে আহত হৈ মৃত্যুৰ সৈতে যুঁজি অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য় যে, যোৱা ২৪ মাৰ্চত বৰপেটা ৰোডৰ পৰা AS 15 S 5986 নম্বৰৰ তীব্ৰবেগী এখন বাইকে পিছফালৰ পৰা খুন্দা মাৰে (Road accident at Amtala in Kalgasia)। ফলত গুৰুতৰভাৱে আহত হয় তাইজুদ্দিন । লগে লগে স্থানীয় ৰাইজে আহত তাইজুদ্দিন আহমেদক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় । ইয়াৰ পিচতেই উন্নত চিকিৎসাৰ বাবে তেওঁক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় (Barpeta Medical Collage)। লোকজনৰ অৱস্থাৰ অধিক অৱনতি হোৱাত উত্তৰ গুৱাহাটীস্থিত জি এন আৰ চিত ভৰ্তি কৰায় যদিও ইমানদিনে মৃত্যুৰ সৈতে যুঁজি সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে (North Guwahati GNRC)।

মঙলবাৰে নিশা তেওঁৰ মৃতদেহ নিজ গৃহলৈ অনাৰ পিচতেই কান্দোনৰ ৰোল উঠে । একমাত্ৰ উপাৰ্জনকাৰীক হেৰুৱাই কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোকসকল । আত্মীয় আৰু স্থানীয় ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি কেইবাদিন আগত মৃত্য়ু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে । স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অধিকাংশ ব্যক্তিগত চিকিৎসালয়ত এইধৰণৰ মৃত ৰোগীক চিকিৎসা সেৱা প্ৰদান কৰাৰ নামত পৰিয়ালৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰিবলৈ ন ন পন্থা অৱলম্বন কৰি আহিছে ।

ইপিনে, স্থানীয় লোকে আমতলা চাৰিআলি চকত কোনো ধৰণৰ গতিৰোধক নথকাৰ বাবে তীব্ৰবেগী বাহনে এনেদৰে সঘনাই দুৰ্ঘটনা সংঘটিত কৰি আহিছে বুলি কয় (Demand for Speedbreaker at Kalgasia)। সেয়ে অতি সোনকালে আমতলাত গতিৰোধক নিৰ্মাণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক;Accident of MLA car: ভাস্কৰ শৰ্মাৰ পৰিয়ালক খাৱৈত পেলাই দিয়াৰ ভাবুকি চালক ৰূপম দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.