ETV Bharat / state

জলবায়ু পৰিৱৰ্তনৰ যুঁজত অসমৰ এজাক যুঁজাৰু ছাত্ৰ-ছাত্ৰীৰ জীৱন সংগ্ৰাম

author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 8:27 AM IST

Updated : Nov 22, 2023, 10:54 AM IST

Climate change is worrying students
জলবায়ু পৰিৱৰ্তনৰ যুঁজত অসমৰ এজাক যুঁজাৰু ছাত্ৰ-ছাত্ৰীৰ জীৱন সংগ্ৰাম

অসমৰ 15খন জিলাৰ জলবায়ু পৰিৱৰ্তনক লৈ গুৱাহাটী আই আই টি আৰু আই আই টি মাণ্ডিৰ বিস্ফোৰক তথ্য ৷ জলবায়ু পৰিৱৰ্তনৰ দিশৰ পৰা অসমৰ এই 15 খন জিলা অতি স্পৰ্শকাতৰ জিলা হিচাপে দুয়োখন আই আই টিয়ে চিহ্নিত কৰিছে ।

জলবায়ু পৰিৱৰ্তনৰ যুঁজত অসমৰ এজাক যুঁজাৰু ছাত্ৰ-ছাত্ৰীৰ জীৱন সংগ্ৰাম

গুৱাহাটী, 22 নৱেম্বৰ : সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনে চিন্তিত কৰিছে বিজ্ঞানীমহলক ৷ তেনে সময়তে গুৱাহাটী আই আই টি আৰু আই আই টি মাণ্ডিয়ে দেশৰ জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত কিছু তথ্য প্ৰকাশ কৰিছে ৷ তথ্য মতে দেশৰ 25 খন জিলাৰ জলবায়ু পৰিৱৰ্তনৰ কবলত পৰিছে । ইয়াৰে 15 খন জিলা হ'ল অসমৰ । জলবায়ু পৰিৱৰ্তনৰ দিশৰ পৰা অসমৰ এই 15 খন জিলা অতি স্পৰ্শকাতৰ জিলা হিচাপে দুয়োখন আই আই টিয়ে চিহ্নিত কৰিছে ।

এই 15 খন জিলাৰ ভিতৰত পাঁচখন জিলাৰ এজাক ছাত্ৰ-ছাত্ৰীয়ে জলবায়ু পৰিৱৰ্তনৰ প্ৰতিৰোধ আৰু সহাৱস্থানৰ সজাগতাৰ সৃষ্টি কৰি সকলোৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দৃষ্টি আকৰ্ষণৰ‌ চেষ্টা কৰিছে । মাজুলী, কাছাৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু ধেমাজি জিলাৰ ভিতৰুৱা অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতাৰ সৈতে যুঁজ দি থকা চুইটি, পূৰ্ণিমা, ধৃতীদীপা, পদুম, সোৱেল আৰু জয়শ্ৰীয়ে এক এক বিশেষ বাৰ্তা কঢ়িয়ায় আনিছে ।

অসমৰ অতি ভিতৰুৱা অঞ্চলত থকা সাধাৰণ পৰিয়ালৰ এই কণ-কণ ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা বিৰুদ্ধে যুঁজ দিয়াৰ লগতে ইয়াৰ প্ৰতিৰোধ আৰু সহাৱস্থানৰ সজাগতাৰ সৃষ্টি কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে । ইফালে ছাত্ৰ-ছাত্ৰীসকলৰ এই কামত সহযোগিতা আগবাঢ়াইছে ইউনিচেফ, অসমে ।

ইউনিচেফ, অসমৰ সহযোগত মঙলবাৰে গুৱাহাটীত পৰিৱেশ‌ মন্ত্ৰীক সাক্ষাৎ কৰে ছাত্ৰ-ছাত্ৰীসকলে । লগতে তেওঁলোকে‌ ৰাজ্যপালক সাক্ষাৎ কৰি স্কুলীয়া পাঠ্যপুথিত জলবায়ু পৰিৱৰ্তনৰ বিষয় সৰল‌ ভাষাত সন্নিৱিষ্ট কৰাৰ বাবে আবেদন কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, কাছাৰ জিলাৰ এখন অতি পিচপৰা অঞ্চলত বাস কৰা দশম শ্ৰেণীৰ ছাত্ৰী চুইটি দাসে যোৱা দুই তিনি বছৰৰ পৰা নিজা উদ্যোগত জলবায়ু পৰিৱৰ্তনৰ বিষয়ত কাম কৰি আহিছে । এই ক্ষেত্ৰত চুইটিয়ে কয়, ‘‘ আমাৰ গাঁওখনত প্ৰতিবছৰে বানপানী‌ হয় । বানৰ ফলত এমাহ পৰ্যন্ত বন্ধ হৈ থাকে বিদ্যালয় ৷ আনকি 19 কিল’মিটাৰ ভিতৰত কোনো ভাল‌ চিকিৎসালয় নাই । পথৰ অৱস্থাও বেয়া । 9 কিলোমিটাৰৰ ভিতৰত এখনে‌ মাত্ৰ স্কুল । তাতে আকৌ শিক্ষক কম । মই গাঁৱৰ শিশুসভাৰ জৰিয়তে বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰক আহ্বান জনায় আহিছে । এই শিশুসভা পঞ্চায়তৰ উদ্যোগত হয় । কিন্তু অসমৰ মাত্ৰ কেইখনমান জিলাতহে এই শিশুসভা অনুষ্ঠিত হয় ।’’

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰও খান্দিব উত্তৰ-পূবত উন্নয়নৰ চকাও দ্ৰুত গতিত ঘূৰিব; সোণোৱালৰ আশ্বাস

Last Updated :Nov 22, 2023, 10:54 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.