ডাবল মার্ডাৰ গোচৰৰ অভিযুক্তৰ জামিন; অসন্তুষ্ট মহানগৰ আৰক্ষী
Published: Nov 21, 2023, 9:26 PM

ডাবল মার্ডাৰ গোচৰৰ অভিযুক্তৰ জামিন; অসন্তুষ্ট মহানগৰ আৰক্ষী
Published: Nov 21, 2023, 9:26 PM
ডাবল মার্ডাৰ গোচৰৰ তিনি অভিযুক্তৰ জামিনত মুক্তি লাভ কৰা ঘটনাই অস্বস্তিত পেলাইছে মহানগৰ আৰক্ষীক । অভিযুক্তৰ জামিনৰ বিষয়টোক উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ নিয়াৰ বাবে তৎপৰ মহানগৰ আৰক্ষী । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ খাৰিজ কৰাৰ প্রার্থনাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মহানগৰ আৰক্ষী ।
গুৱাহাটী,২১ নবেম্বৰ: গুৱাহাটীৰ চাঞ্চল্যকৰ ডাবল মার্ডাৰ গোচৰৰ মূল অভিযুক্ত বন্দনা কলিতা আৰু তেওঁৰ দুই সহযোগীয়ে জামিনত মুক্তি লাভ কৰা ঘটনাই অস্বস্তিত পেলাইছে মহানগৰ আৰক্ষীক । স্বামী আৰু শাহুৱেকক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি মেঘালয়ৰ দাউকি যোৱা পথৰ দাঁতিত পেলাই দিয়া বন্দনা কলিতা, তেওঁৰ অপৰাধৰ সংগী অৰূপ কলিতা আৰু ধনটি ডেকাই মাত্র কেইমাহমান কাৰাগাৰত থাকিয়েই জামিনত মুক্তি লাভ কৰিবলৈ সক্ষম হোৱাৰ পিচত মহানগৰ আৰক্ষীৰ তদন্তক লৈয়ে সচেতন মহলৰ মাজত তীব্ৰ চৰ্চা হৈছে ।
এনে পৰিস্থিতিত এই তিনি অভিযুক্তৰ জামিনৰ বিষয়টোক উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ নিয়াৰ বাবে তৎপৰ হৈছে মহানগৰ আৰক্ষী । ডাবল মাৰ্ডাৰ গোচৰৰ অন্যতম অভিযুক্ত অৰূপ কলিতাক প্রথমে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল । অৰূপ কলিতাই জামিনত মুক্তি লাভ কৰাৰ পিচতেই বন্দনা কলিতা আৰু ধনটি ডেকাক একে যুক্তিত কামৰূপৰ সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্রদান কৰে ।
ডাবল মাৰ্ডাৰ গোচৰৰ আংশিক অভিযোগনামা দাখিলৰ অজুহাতত মুক্তি লাভ কৰিবলৈ সক্ষম হৈছে এই তিনি অভিযুক্ত । সেয়ে অৰূপ কলিতাক জামিন দিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ খাৰিজ কৰাৰ প্রার্থনাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব মহানগৰ আৰক্ষী । ইয়াৰ বাবে আৰক্ষীয়ে প্রয়োজনীয় প্রস্তুতি চলোৱাত ব্যস্ত হৈছে । উচ্চতম ন্যায়ালয়ে অৰূপ কলিতাক জামিন প্রদান কৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ খাৰিজ কৰিলে ডাবল মাৰ্ডাৰ গোচৰৰ এই তিনি অভিযুক্ত পুনৰ কাৰাগাৰত সোমাব লাগিব ।
অৱশ্যে আৰক্ষীৰ এই চেষ্টা কিমান সফল হয়, সেয়া সময়েহে ক'ব । বন্দনা কলিতাৰ জামিনৰ প্ৰসংগই কিন্তু সৰ্বসাধাৰণকো উদ্বিগ্ন কৰি তুলিছে । শাহুৱেক শংকৰী দে' আৰু স্বামী অমৰজ্যোতি দে'ক হত্যা কৰি মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি মেঘালয়ত পেলাই দিয়া বন্দনা কলিতাই জামিনত মুক্তি লাভ কৰি সম্প্রতি নুনমাটিৰ পিতৃগৃহত আছে ।
আনহাতে আজি পুনৰ আদালতত হাজিৰ হয় বন্দনা কলিতা । ইপিনে শংকৰী দে'ৰ পৰিয়ালে দুখনকৈ আবেদন কৰিছে সত্ৰ ন্যায়াধীশৰ আদালতত । আবেদন দুখনৰ এখনত দুটাকৈ ফ্লেটৰ চাবি বিচাৰিছে । আনখনত শেষকৃত্য সম্পন্ন কৰিবলৈ শৰীৰৰ অৱশিষ্ট বিচাৰি আবেদন কৰিছে অসম আৰক্ষীৰ পৰা । দুয়োখন আবেদনৰ শুনানীৰ তাৰিখ ধার্য কৰা হৈছে ৪ ডিচেম্বৰত ।
