ETV Bharat / state

Chandrayaan-3: চন্দ্ৰযান-৩ৰ অৱতৰণ সাক্ষী হ'বলৈ বুধবাৰে সন্ধিয়ালৈ বিদ্যালয় খোলা ৰখাৰ নিৰ্দেশ

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2023, 5:13 PM IST

Updated : Aug 23, 2023, 8:35 AM IST

Chandrayaan 3
চন্দ্ৰযান ৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং

২৩ আগষ্টত চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিং হ'ব । চন্দ্ৰযান-৩ৰ অৱতৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগৰ কাইলৈ সন্ধিয়ালৈ ৰাজ্যৰ বিদ্যালয়সমূহ খোলা ৰখাৰ নিৰ্দেশ ।

গুৱাহাটী, ২২ আগষ্ট: উৎকণ্ঠাৰ অন্ত পৰিবলৈ মাজত মাত্র কেইটামান ঘণ্টা বাকী আছে । ভাৰতে মহাকাশ যাত্ৰাত আৰু এখোজ আগবাঢ়িবলৈ সাজু হৈছে । ইছৰোৰ চন্দ্ৰযান-৩য়ে আশা কৰা মতে ২৩ আগষ্টৰ বিয়লি চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰিব । চন্দ্ৰযান-৩ৰ অৱতৰণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষা বিভাগে কাইলৈ সন্ধিয়ালৈ ৰাজ্যৰ বিদ্যালয়সমূহ খোলা ৰখাৰ নিৰ্দেশ দিছে ।

ৰাজ্যৰ সকলো বিদ্যালয় বুধবাৰে সন্ধিয়ালৈ খোলা ৰখাৰ নিৰ্দেশ দিছে অসম সৰ্বশিক্ষা অভিযান মিছন আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ে । বিদ্যালয় সমূহ খোলা ৰাখি শিক্ষাৰ্থীসকলক বিদ্যালয়ত দেখুৱাব লাগিব চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিং । বিদ্যালয় চৌহদত চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ লাইভ ষ্ট্ৰিমিঙৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, বিদ্যালয়ৰ সমীপৰ ছাত্ৰ-ছাত্ৰীকো লাইভ ষ্ট্ৰিমিং চাবলৈ আমন্ত্ৰণ জনোৱাৰ আহ্বান কৰিবলৈ কোৱা হৈছে । বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰযান-৩ চন্দ্ৰমাৰ বুকুত অৱতৰণৰ আশা কৰা হৈছে । এই বিৰল মূহুৰ্তৰ শিক্ষাৰ্থীসকল প্ৰত্যক্ষ সাক্ষী হোৱাৰ বাবে বুধবাৰে বিয়লিলৈ বিদ্যালয় সমূহ খোলা ৰখাৰ নিৰ্দেশ দিয়া হৈছে । উল্লেখ্য যে ভাৰতৰ এই চন্দ্ৰ অভিযানৰ ঐতিহাসিক মুহূৰ্তৰ বাবে দেশৰ লগতে বিশ্ববাসী অপেক্ষাৰত হৈ আছে । ৰাছিয়াৰ লুনা-২৫ৰ পতনৰ পিছত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতৰ চন্দ্ৰযান-৩ৰ ওপৰত ।

ইছৰোৰ তথ্য অনুসৰি বুধবাৰে সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩য়ে ছফ্ট লেণ্ডিং কৰিব বুলি আশা কৰা হৈছে । যাক লৈ এতিয়া সকলো উৎকণ্ঠিত হৈ আছে । যদি ই সফল হয় তেনেহ'লে পৃথিৱীৰ উপগ্ৰহৰ দক্ষিণ মেৰুত অৱতৰণ কৰা প্ৰথমখন দেশ হ'ব ভাৰত আৰু চন্দ্ৰত ছফ্ট লেণ্ডিং কৰা বিশ্বৰ ভিতৰতে চতুর্থখন দেশ হ'ব ।

লগতে পঢ়ক:Chandrayaan-3: চন্দ্ৰযানৰ ছফ্ট লেণ্ডিঙৰ দিন সলনি হ'বও পাৰে; এতিয়াও আছে অনিশ্চয়তা !

Last Updated :Aug 23, 2023, 8:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.