ETV Bharat / bharat

Chandrayaan-3: চন্দ্ৰযানৰ ছফ্ট লেণ্ডিঙৰ দিন সলনি হ'বও পাৰে; এতিয়াও আছে অনিশ্চয়তা !

author img

By

Published : Aug 22, 2023, 1:37 PM IST

২৩ আগষ্টত চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিং স্থগিত ৰখা হ'বও পাৰে । এতিয়াও ১০০ শতাংশ নিশ্চিত নহয় ইছৰো । যদিও কাৰিকৰি সমস্যা বা লেণ্ডাৰ মডিউল সম্পৰ্কীয় কোনো কাৰক প্ৰতিকূল যেন লাগে তেনেহ'লে লেণ্ডিঙৰ তাৰিখ ২৭ আগষ্টলৈ পিছুৱাই দিয়া হ'ব ।

Chandrayaan-3
চন্দ্ৰযানৰ ছফ্ট লেণ্ডিঙৰ দিন সলনি হ'বও পাৰে

নেশ্যনেল ডেস্ক, ২২ আগষ্ট : ২৩ আগষ্টত চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰিবলৈ সাজু হৈছে ভাৰতৰ চন্দ্ৰযান-৩ । এই মুহূৰ্তৰ বাবে সমগ্ৰ দেশবাসী গভীৰ আগ্ৰহেৰে ৰৈ আছে । কিয়নো ই দেশবাসীৰ বাবে গৌৰৱৰ বিষয় । ইফালে চন্দ্ৰৰ দক্ষিণ মেৰুত ছফ্ট লেণ্ডিং কৰা ভাৰত হ'ব বিশ্বৰ ভিতৰতে প্ৰথম দেশ । কিন্তু ২৩ আগষ্টত চন্দ্ৰযানে লেণ্ডিং নকৰিবও পাৰে ? যদি লেণ্ডাৰ মডিউল সম্পৰ্কীয় কোনো কাৰক প্ৰতিকূল যেন লাগে, তেন্তে অৱতৰণ ২৭ আগষ্টলৈ স্থগিত ৰাখিব পাৰে । ইছৰোৱে এই কথা প্ৰকাশ কৰিছে । আহমেদাবাদৰ স্পেচ এপ্লিকেচন চেণ্টাৰ-ইছৰোৰ সঞ্চালক নীলেশ এম দেশাই এই সন্দৰ্ভত কয় যে লেণ্ডাৰ মডিউলৰ পৰিস্থিতি আৰু চন্দ্ৰৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে অৱতৰণ বা লেণ্ডিং সম্পৰ্কীয় সিদ্ধান্ত লোৱা হ'ব ।

চন্দ্ৰযান-৩য়ে চন্দ্ৰত অৱতৰণ কৰাৰ দুঘণ্টা পূৰ্বে লেণ্ডাৰ মডিউলৰ অৱস্থা বা পৰিস্থিত আৰু চন্দ্ৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি সেই সময়ত অৱতৰণ কৰাটো উচিত হ'ব নে নহয় সেই বিষয়ে ইছৰোৱে সিদ্ধান্ত ল'ব । যদি কোনো কাৰক প্ৰতিকূল হয় তেনেহ'লে অৱতৰণৰ দিন পিছুৱাই দিয়া হ'ব পাৰে বুলি ইছৰোৱে উল্লেখ কৰে । সঞ্চালক দেশাই কোৱা মতে যদি কোনো সমস্যা নহয় ২৩ আগষ্টতে মডিউলটো অৱতৰণ কৰিবলৈ সক্ষম হ'ব ।

ইফালে ইছৰোৰ অধ্যক্ষ আৰু মহাকাশ বিভাগৰ সচিব এছ সোমনাথে নতুন দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক (স্বতন্ত্ৰ দায়িত্ব) বিজ্ঞান আৰু প্ৰযুক্তি, পাৰমাণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে আৰু ২৩ আগষ্টত নিৰ্ধাৰিত চন্দ্ৰ অৱতৰণৰ বাবে 'চন্দ্ৰযান-৩'ৰ স্থিতি আৰু তৎপৰতাৰ বিষয়ে অৱগত কৰে । অধ্যক্ষই মন্ত্ৰীগৰাকীক চন্দ্ৰযান-৩ৰ অৱস্থাৰ বিষয়ে অৱগত কৰি কয় যে সকলো প্ৰণালীয়ে নিখুঁতভাৱে কাম কৰি আছে আৰু বুধবাৰে কোনো আকস্মিক পৰিস্থিতি হোৱাৰ সম্ভাৱনা নাই ।

বৈঠকত মন্ত্ৰী জীতেন্দ্ৰ সিঙে ছফ্ট লেণ্ডিং কৰিবলগীয়া 'চন্দ্ৰযান-৩'ৰ ওপৰত আস্থা ব্যক্ত কৰে আৰু আশা প্ৰকাশ কৰে যে ই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত গ্ৰহ অন্বেষণৰ এক নতুন ইতিহাস ৰচনা কৰিব ।

ইফালে ২৩ আগষ্টত ভাৰতীয় সময় অনুসৰি ১৭:২৭ বজাৰ পৰাই ইছৰোৰ ৱেবছাইট, ইউটিউব চেনেল, ফেচবুক আৰু ৰাজহুৱা সম্প্ৰচাৰক ডিডি নেচনেল টিভিত পোনপটীয়া সম্প্ৰচাৰ উপলব্ধ হ'ব ।

লগতে পঢ়ক :ISRO Chandrayaan-3 live streaming : চন্দ্ৰযান-৩ৰ ছফ্ট লেণ্ডিঙৰ মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা ইছৰোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.