ETV Bharat / state

Assam Flood Relief Fund : দিওঁ-নিদিওঁকৈ টকা 250 কোটিহে দিলে দিল্লীয়ে

author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 3:31 PM IST

Assam Flood Relief Fund
কেন্দ্ৰৰ পৰা পাবলগীয়া ধনৰ পৰা অসমক বঞ্চনা

বান-ভূমিস্খলন তথা প্ৰাকৃতিক দুৰ্যোগৰ নামত কেন্দ্ৰৰ পৰা পাবলগীয়া ধনৰ পৰা অসমক বঞ্চনা কৰাৰ স্বৰূপটো স্পষ্ট হৈছে ৰাজ্য চৰকাৰৰ এখন পত্ৰত । বান আৰু ভূমিস্খলনত হোৱা ক্ষতিৰ পুনৰসংস্থাপন আৰু আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি হিচাবে বিচৰা হৈছিল ৩,০৭৩.৮৬ কোটি টকা । ৰাজ্য চৰকাৰে বিচৰা পুঁজিৰ বিপৰীতে এন ডি আৰ এফৰ শিতানত কেন্দ্ৰই দিলে ২৫০ কোটি টকা । ২০২২-২৩ বৰ্ষত তিনিটা পৰ্যায়ত প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ লগতে কৃষি ক্ষেত্ৰৰ বিস্তৰ ক্ষতি কৰিছিল । কেন্দ্ৰীয় প্ৰতিনিধিৰ পৰামৰ্শ অগ্ৰাহ্য কৰা হ'ল ।

গুৱাহাটী, ১৮ অক্টোবৰ: অসমসহ উত্তৰ-পূৰ্বাঞ্চলক 'অষ্টলক্ষ্মী' আখ্যা দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে কিন্তু বাস্তৱত তেনে দৃষ্টিভংগীৰে কাম নকৰে । বিভিন্ন ক্ষেত্ৰত অসমক উপেক্ষা তথা বঞ্চিত কৰা পৰিলক্ষিত হয় । লক্ষণীয় বিষয় যে বান সাহায্যৰ নামত কেন্দ্ৰীয় চৰকাৰে অসমক চূড়ান্তভাৱে প্ৰতাৰণা কৰি আহিছে । প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন চৰকাৰৰ আমোলত বান-ভূমিস্খলন তথা প্ৰাকৃতিক দুৰ্যোগৰ নামত কেন্দ্ৰৰ পৰা পাবলগীয়া ধনৰ পৰা অসমক বঞ্চনা কৰাৰ স্বৰূপটো ৰাজ্য চৰকাৰৰ এখন পত্ৰৰ জৰিয়তে স্পষ্ট হৈ পৰিছে ।

ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ আয়ুক্ত সচিবে বিগত বৰ্ষৰ ৩১ ডিচেম্বৰত কেন্দ্ৰলৈ বান আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগে বৰ্ষটোত ক্ষতিগ্ৰস্ত কৰাৰ কথা দোহাৰি আৰু আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় কমিটীৰ পৰামৰ্শৰ ভিত্তিত বান সাহায্য বিচাৰি কেন্দ্ৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল । এই পত্ৰৰ যোগেদি ৰাজ্যচৰকাৰখনে বান আৰু ভূমিস্খলনত হোৱা ক্ষতিৰ পুনৰ সংস্থাপন আৰু আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি হিচাবে ৩,০৭৩.৮৬ কোটি টকা বিচাৰিছিল ।

বান আৰু ভূমিস্খলনৰ দৰে প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্তসকলক তাৎক্ষণিক সকাহ দিয়াৰ বাবে বিচৰা এই ধনৰাশিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে মাত্ৰ ২৫০ কোটি টকা । বান সাহায্যৰ নামত ৰাজ্য চৰকাৰে বিচৰা পুঁজিৰ বিপৰীতে প্ৰদান কৰা এই ২৫০ কোটি টকা আছিল এন ডি আৰ এফৰ শিতানৰ । কেন্দ্ৰীয় চৰকাৰে এই শিতানত প্ৰতি বছৰে অসমক ধন নিদিয়ে যদিও আন বহু ৰাজ্যই নিয়মিতভাৱে এন ডি আৰ এফৰ ধন পাই আহিছে ।

লক্ষণীয় বিষয় যে শেহতীয়া কেইটামান বছৰত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সাহায্য পুঁজি (এছ ডি আৰ এফ)ৰ ধনো কৰ্তন কৰি অহা দেখা গৈছে । উল্লেখ্য যে ২০২২-২৩ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন মৰ্মে এছ ডি আৰ এফৰ শিতানত ৬৪৮.৮০ কোটি টকা আৰু এন ডি আৰ এফৰ শিতানত ২৫০ কোটি টকা ৰাজ্য চৰকাৰলৈ মুকলি কৰি দিছিল । অর্থাৎ ৰাজ্য চৰকাৰে অতিৰিক্তকৈ ৩,০৭৩ কোটি টকা বিচাৰিছিল যদিও সেই প্ৰস্তাৱৰ ভিত্তিত এন ডি আৰ এফ শিতানৰ যোগেদি মাথোঁ ২৫০ কোটি টকা মোকলাই দিয়া হ'ল ।

স্মর্তব্য যে ২০২২-২৩ বৰ্ষত তিনিটা পৰ্যায়ত প্ৰলয়ংকৰী বান আৰু ভূমিস্খলনে ৰাজ্যখনৰ আন্তঃগাঁথনিৰ লগতে কৃষি ক্ষেত্ৰৰ বিস্তৰ ক্ষতি কৰিছিল । এই লৈ কেন্দ্ৰীয় চৰকাৰে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় গোট পঠিয়াই ৰাজ্যখনৰ বান পৰিস্থিতিৰ পর্যালোচনা কৰিছিল আৰু প্ৰতিবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত পুঁজি মুকলি কৰি দিয়াৰ আশ্বাস দিছিল । স্মৰ্তব্য যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান সমস্যাৰ স্থায়ী সমাধানৰ প্ৰতিশ্ৰুতিও দিছিল । সেই মৰ্মে ৰাজ্য চৰকাৰেও আশা কৰিছিল যে অন্ততঃ কেন্দ্ৰই বান সমস্যা সমাধানৰ বাবে যাৱতীয় পুঁজিৰ যোগান ধৰিব । কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ।

উল্লেখ্য যে তথ্যমতে কেন্দ্ৰীয় চৰকাৰে সেই সময়ত প্ৰেৰণ কৰা কেন্দ্ৰীয় প্ৰতিনিধিৰ ওচৰত ৰাজ্য চৰকাৰে বছৰটোত বানৰ ক্ষতি পূৰণৰ বাবে ৪,৪১৬.৫৩ কোটি টকাৰ প্ৰয়োজন হ'ব বুলি স্মাৰকপত্ৰ প্ৰদান কৰিছিল । কিন্তু কেন্দ্ৰীয় প্ৰতিনিধিৰ গোটটোৱে সকলো দিশ পর্যালোচনা কৰি ইয়াৰ বাবে ৩,০৭৩.৮৬ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি পৰামৰ্শ প্ৰদান কৰাৰ লগতে উক্ত পুঁজিৰ বিপৰীতে অনুদান দিবলৈ অনুমোদন জনায় । সেই অনুসৰিয়েই ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবৰ পত্ৰযোগে তৎকালীনভাৱে ৩,০৭৩.৮৬ কোটি টকা মোকলাই দিবলৈ অনুৰোধ জনায় । কিন্তু আজিপর্যন্ত সেই পত্ৰৰ কোনো গ্ৰহণযোগ্য উত্তৰ ৰাজ্য চৰকাৰলৈ নাহিল । ৰাজ্য চৰকাৰক প্ৰয়োজন হোৱা ৩,০৭৩ কোটি টকাৰ বিপৰীতে প্ৰদান কৰিলে দিলে মাত্ৰ ২৫০ কোটি টকা ।

লগতে পঢ়ক: Assam CM slams Rahul Gandhi: ৰাহুল গান্ধীয়েই হ’ল বংশ ৰাজনীতিৰ মূল প্ৰতীক; হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে সংবিধানৰ ২৮০ অনুচ্ছেদ অনুসৰি গঠিত চতুর্দশ বিত্ত আয়োগৰ পৰামৰ্শৰ ভিত্তিতেই কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ পৰা অসমৰ প্ৰাপ্য বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল । ইফালে সংবিধানৰ উক্ত অনুচ্ছেদ মৰ্মেই ৰাজ্যসমূহৰ প্ৰাপ্য পুঁজি পোৱাটো সংবিধানেই নিশ্চিত কৰিছে । পঞ্চদশ বিত্ত আয়োগৰ (২০২১-২০২৬ চন) পৰামৰ্শৰ ভিত্তিত অসমে দুৰ্যোগ সাহায্য পুঁজি শিতানত ৫ বছৰত (২০২১-২০২৬ চন) ৪,২৬৮ কোটি টকা পাব লাগে । কিন্তু বিত্ত আয়োগে কেন্দ্ৰীয় চৰকাৰক দিয়া পৰামৰ্শৰ ভিত্তিত অসমক এতিয়ালৈ দুৰ্যোগ সাহায্য পুঁজি মুকলি কৰা পৰিলক্ষিত হোৱা নাই ।

কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ চনত এছ ডি আৰ এফ শিতানত ৬১৭.৬০ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত ৬৪৮.৮০ কোটি টকা মোকলাই দিছে । তেনেদৰে ২০২৩-২৪ বৰ্ষটোত এতিয়ালৈ ৩৪০.৪০ কোটি টকাহে মোকলাই দিছে । আনহাতে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজি অর্থাৎ এন ডি আৰ এফ শিতানত ২০২১-২২ বৰ্ষত এটকাও দিয়া নাই যদিও ২০২২-২৩ বৰ্ষত ২৫০ কোটি টকা মোকলাই দিছে । ইফালে পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ মতে ২০২১-২২ বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপত মোকলাই দিব লাগিছিল ৭৭২ কোটি টকা । তেনেদৰে ২০২২-২৩ বৰ্ষত কেন্দ্ৰৰ অংশৰূপে অসমে লাভ কৰিব লাগিছিল ৮১১ কোটি টকা আৰু ২০২৩-২৪ বৰ্ষত লাভ কৰিব লাগে ৮৫১ কোটি টকা । কিন্তু ২০২১-২২ বৰ্ষৰ পৰা বৰ্তমানলৈ ৰাজ্যখনলৈ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰৰ অংশৰূপে মোকলাই দিছে ১,৬৮৬.৪০ কোটি টকা ।

লক্ষণীয় বিষয় যে ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰখনে বিগত চাৰিটা বছৰত ২০১৮-১৯ বৰ্ষৰ পৰা ২০২১-২২ বৰ্ষৰ বান সমস্যা সমাধানৰ বাবে ৯,৪৭৫.৮৮ কোটি টকা বিচাৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ সাহায্য পুঁজি শিতানৰ যোগেদি ৪৪.৩৭ কোটি টকাহে প্ৰদান কৰিছিল ।

তথ্য মতে ২০১৮-১৯ বৰ্ষত ৰাজ্য চৰকাৰে এন ডি আৰ এফৰ অধীনত ২,৫০৯.০৭ কোটি টকা বিচাৰিছিল যদিও এটকাও লাভ কৰা নাছি । তেনেদৰে ২০১৯-২০ চনত ৰাজ্য চৰকাৰখনে একে শিতানতে ৩,২৩৭.৭৬ কোটি টকা বিচাৰিছিল যদিও কোনো পুঁজি লাভ কৰা নাছিল । ২০২০-২১ বৰ্ষত আকৌ ৰাজ্য চৰকাৰে ২,৬৪০.৮৯ কোটি টকা বিচাৰি প্ৰস্তাৱ দাখিল কৰিছিল যদিও সেই বছৰটোত ৪৪.৩৭ কোটি টকাহে লাভ কৰিছিল । ২০২১-২২ বৰ্ষত আকৌ এন ডি আৰ এফৰ জৰিয়তে ১,০৮৮.১৮ কোটি টকা বিচাৰিছিল । কিন্তু কোনো পুঁজি মোকলাই নিদলে ।

সেইদৰে ২০২২-২৩ বৰ্ষৰ ৩১ ডিচেম্বৰত পুনৰ ৩,০৭৩.৮৬ কোটি টকা বিচাৰি পত্ৰ প্ৰদান কৰে যদিও এতিয়ালৈকে মাত্ৰ ২৫০ কোটি টকাহে প্ৰদান কৰে । প্ৰত্যেক বছৰেই ভয়াৱহ দুৰ্যোগৰ সন্মুখীন হোৱা অসমক এনেদৰে কেন্দ্ৰই মাথো বঞ্চনা কৰিহে আহিছে । 'ডাবল্ ইঞ্জিন'ৰ চৰকাৰ থকাৰ পাছতো ৰাজ্যখনে এনেদৰে চৰম প্ৰতাৰণাৰ সন্মূখীন হৈ অহাটো অতি পৰিতাপৰ বিষয় ।

লগতে পঢ়ক: Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত ৰাজ্যিক বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.