ETV Bharat / bharat

Assam CM slams Rahul Gandhi: ৰাহুল গান্ধীয়েই হ’ল বংশ ৰাজনীতিৰ মূল প্ৰতীক; হিমন্ত বিশ্ব শৰ্মা

author img

By ANI

Published : Oct 18, 2023, 1:09 PM IST

গান্ধী পৰিয়ালক সমালোচনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৷ পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ ধ্বজাবাহক স্বয়ং ৰাহুল গান্ধী বুলি সংবাদ মাধ্যৰ আগত কটাক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ ৷

Assam CM attack Gandhi family
সকলো সমস্যাৰ মূল ৰাহুল গান্ধী বুলি সংবাদ মাধ্যৰ আগত উল্লেখ মুখ্যমন্ত্ৰীৰ

গান্ধী পৰিয়ালক সমালোচনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, 18 অক্টোবৰ: গান্ধী পৰিয়ালৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ৰাহুল গান্ধীৰ ৰাজনৈতিক জ্ঞান শূণ্য বুলি উল্লেখ কৰাৰ লগতে গান্ধী পৰিয়ালক কঠোৰ ভাষাৰে কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলে বুলি অভিযোগ উত্থাপন কৰিছিল ৷ তাৰেই প্ৰত্যুত্তৰত মংগলবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ আগত ৰাহুলক 'নিৰক্ষৰ ব্যক্তি' বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

ৰাহুল গান্ধীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাই কয় যে ৰাহুল গান্ধীয়ে বংশ ৰাজনীতিৰ অৰ্থ জানিব লাগে । ৰাহুল গান্ধীয়েই হ’ল বংশ ৰাজনীতিৰ মূল প্ৰতীক বুলিও অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কটাক্ষ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাহুল গান্ধীয়ে প্ৰথমে নিজৰ দলটোক সবল কৰি তোলাত যত্নপৰ হ’ব লাগে তাৰ পিছতহে আন কাৰোবাক সমালোচনা কৰিব লাগে ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয় , "বংশকেন্দ্ৰিক ৰাজনীতিৰ কথা আহিলে ৰাহুল গান্ধীয়ে নিশ্চয় ইয়াৰ অৰ্থ বুজি নাপায় । অমিত শ্বাহৰ পুত্ৰ ৰাজনীতিত নাই, কিন্তু ৰাহুল গান্ধীৰ সমগ্ৰ পৰিয়ালটো কংগ্ৰেছত আছে ।"

একেদৰে পংকজ সিঙৰ কথা উল্লেখ কৰি ড০ শৰ্মাই প্ৰশ্ন উত্থাপন কৰি কয় " ৰাজনাথ সিঙৰ পুত্ৰ, যি উত্তৰ প্ৰদেশৰ মাত্ৰ এজন বিধায়ক, তেওঁক প্ৰিয়ংকা গান্ধীৰ সৈতে তুলনা কৰিব পাৰিবনে, তেওঁ প্ৰিয়ংকাই কংগ্ৰেছক কৰাৰ দৰে বিজেপিক নিয়ন্ত্ৰণ কৰে নেকি?"

ইয়াৰ পূৰ্বে মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বংশকেন্দ্ৰিক ৰাজনীতিক লৈ ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ সমালোচনা কৰি প্ৰশ্ন তুলিছিল যে, "অমিত শ্বাহৰ পুত্ৰই প্ৰকৃততে কি কৰি আছে?" তাৰোপৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ পংকজ সিং, যি উত্তৰ প্ৰদেশৰ নয়ডাৰ বিজেপি বিধায়ক, তেওঁকো সমালোচনাৰ লক্ষ্য কৰি লৈছিল ৱায়ানাডৰ সাংসদজনে।

লগতে পঢ়ক : Assam CM on Gandhi family : ভাৰত-পাক মেচ সন্দৰ্ভত গান্ধী পৰিয়ালক আক্ৰমণ মুুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.