ETV Bharat / state

Cancer Survivor Women Achievement: মৃত্যু জিনি ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত উজলিল এগৰাকী মহিলা

author img

By

Published : Feb 23, 2023, 10:14 PM IST

Updated : Feb 24, 2023, 2:51 PM IST

Cancer Survivor Women Achievement
মৃত্যু জিনি ৰাষ্ট্ৰীয় ক্ৰীড়া জগত উজলিল এগৰাকী মহিলা

অদম্য ইচ্ছা শক্তিয়ে সকলো বাধা নেওচি আগুৱাই যোৱাত সহায় কৰে । কিন্তু তাৰবাবে লাগিব এক সপোন, লাগিব এক ইতিবাচক মন । এই সপোন বুকুত বান্ধি অদম্য ইচ্ছা শক্তিৰে দুৰাৰোগ্য ৰোগৰ বাধাকো নেওচি এগৰাকী ৬৫ বছৰীয়া বয়োজ্যেষ্ঠ মহিলাই সকলোৰে বাবে কঢ়িয়াই আনিছে এক আশাৰ ৰেঙনি (Cancer Survivor Women Achievement) ।

মাষ্টাৰ এথলীট মৰ্জিনা বেগম

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী: দুৰাৰোগ্য ৰোগকো প্ৰতিহত কৰি সকলোৰে বাবে আদৰ্শ হৈ পৰিছে গোৱালপাৰাৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলা ৷ নাম মৰ্জিনা বেগম (৬৫) ৷ কৰ্কট ৰোগত আক্ৰান্ত হৈ বৰ্তমানলৈ ৩১ টা কেম’ লৈছে এইগৰাকী মহিলাই ৷ কিন্তু ইয়াৰ পাছতো থমকি ৰোৱা নাই এইগৰাকী মহিলা ৷ বিচনাত পৰি তথা ঘৰতে আৱদ্ধ হৈ মৃত্যুৰ ক্ষণ গণাৰ কৰাৰ পৰিbৰ্তে মৃত্যুক জিনাৰ পথত অহৰহ যাত্ৰা অব্যাহত ৰাখিছে এইগৰাকী বয়োজ্যেষ্ঠ মহিলাই (cancer-survivor-wins-silver-medal) ৷

বিশেষকৈ যিসকল লোক দুৰাৰোগ্য ৰোগত ভুগি আশা হেৰুওৱা পেলাইছে সেইসকল লোকৰ বাবে এতিয়া আশাৰ কিৰণ হৈ পৰিছে গোৱালপাৰাৰ ৬৫ বছৰীয়া মৰ্জিনা বেগম ৷ পাঁচ বছৰ পূৰ্বে যেতিয়া মাষ্টাৰ এথলীট মৰ্জিনা বেগমৰ(৬৫) স্তনৰ কৰ্কট ৰোগ ধৰা পৰিছিল ৷ তেতিয়া একাংশ তেওঁক কৈছিল যে তেওঁৰ জীৱনৰ আৰু বেছি সময় নাই । কিন্তু মৰ্জিনা বেগমে এই ৰোগৰ চিকিৎসা চলি থকাৰ সময়তে কিছুদিন পূৰ্বে কলকাতাত অনুষ্ঠিত হৈ যোৱা National Masters Athletics Championshipত অংশগ্ৰহণ কৰি ৰূপৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনে ।

মনকৰিবলগীয়া যে, মৰ্জিনা বেগমে এই সফলতাৰ বাবে কোনো চৰকাৰী সন্মান পোৱা নাই । কিন্তু এই সফলতাই মৰ্জিনা বেগমৰ দৰে দুৰাৰোগ্য ৰোগত ভুগি থকা লোকসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । ২০১০ চনৰ পৰা মৰ্জিনা বেগমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় Masters Athletics প্ৰতিযোগিতাত ভাগ লৈ আহিছে । এই প্ৰতিযোগিতা ৩৫ বছৰৰ উৰ্ধৰ লোকসকলে অংশগ্ৰহণ কৰিব পাৰে । ইয়াৰ মাজতে ২০১৮ চনত তেওঁৰ স্তনৰ কৰ্কট ৰোগ ধৰা পৰে ।

২০১৮ চনত ড৹ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত (Dr B Borooah Cancer Institute) অস্ত্ৰোপচাৰৰ পিচত তেওঁ ২০২০ চনলৈকে চিকিৎসালয়ত আছিল । বৰ্তমান তেওঁ সুস্থ যদিও তেওঁৰ চিকিৎসা অব্যাহত আছে । নিজৰ অদম্য ইচ্ছা শক্তি, পৰিয়ালৰ অনুপ্ৰেৰণা আৰু ড৹ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সহায়ৰ বাবে তেওঁ বিভিন্ন বাধা নেওচি যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ কলকাতাত অনুষ্ঠিত হৈ যোৱা National Masters Athletics Championship ত তেওঁ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।

মৰ্জিনা বেগমৰ চিকিৎসা আৰু অদম্য ইচ্ছা শক্তিৰ সন্দৰ্ভত ড৹ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক তথা অধ্যাপক মুনলিমা হাজৰিকাই কয় যে, মৰ্জিনা বেগমৰ নিজৰ ইচ্ছা শক্তিৰ বল এই সফলতা লাভ কৰিছে । এয়া সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস । তেওঁ কয় যে, মৰ্জিনা বেগমৰ চিকিৎসা বৰ্তমানো চলি আছে । আৰ্থিকভাৱে দুৰ্বল মৰ্জিনা বেগমৰ অদম্য ইচ্ছা শক্তিয়ে তেওঁৰ সপোনক বাধা দিব পৰা নাই ।

লগতে পঢ়ক: Guinness World Records: গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে ৰাজ্য চৰকাৰৰ বিয়াগোম আয়োজন

Last Updated :Feb 24, 2023, 2:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.