ETV Bharat / state

Guinness World Records: গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে ৰাজ্য চৰকাৰৰ বিয়াগোম আয়োজন

author img

By

Published : Feb 22, 2023, 9:44 PM IST

Guinness World Records
প্ৰস্তুতি সন্দৰ্ভত মন্ত্ৰী পৰিষদেৰে আলোচনা মুখ্যমন্ত্ৰীৰ

লক্ষ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তি (Assam govt to Target Guinness World Records) । ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ১১ হেজাৰ বিহুৱা-বিহুৱতীৰ অংশগ্রহণেৰে অনুষ্ঠিত হ’ব বিহু নৃত্যৰ অনুষ্ঠান । ব্যয় হ'ব প্ৰায় ১০০ কোটি টকা । কেবিনেটৰ উপৰিও মুখ্যমন্ত্রী আৰু মন্ত্রী পৰ্যায়ৰ লগতে বিষয়া পৰ্যায়ত ইতিমধ্যে কেইবালানি আলোচনা । অনুষ্ঠানটোৰ বাবে নিয়োজিত কৰা হৈছে তিনিগৰাকীকৈ মন্ত্রীক ।

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : লক্ষ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ (Guinness Book of World Records) । এই লক্ষ্য পূৰণৰ বাবে বৰ্তমান পূৰ্ণোদ্যমে প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । আনকি ইয়াৰ বাবে তিনিগৰাকীকৈ কেবিনেট মন্ত্রীক সকলো দিশ চোৱা-চিতাৰ বাবে দায়িত্ব দিয়া হৈছে (Assam govt to Target Guinness World Records) । খৰচৰ ক্ষেত্রত কোনো কৃপণালি কৰা নাই চৰকাৰখনে । ঋণৰ ওপৰত ঋণ লৈ ৰাজ্য চলালেও কিন্তু লক্ষ্যপ্ৰাপ্তিৰ ক্ষেত্রত ব্যয় কৰিবলৈ অলপো সংকোচ নাই চৰকাৰৰ । প্ৰকৃত উন্নয়নৰ বিপৰীতে দেখুওৱাৰ নামত ৰাজ্য চৰকাৰে ৰাজকোষৰ ধন শৰাধ কৰাত অলপো থমকি ৰোৱা নাই ।

এইবাৰ গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্তিৰ লক্ষ্যৰে ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) উপস্থিতিত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ১১ হেজাৰ বিহুৱা-বিহুৱতীৰ অংশগ্রহণেৰে অনুষ্ঠিত হ’ব বিহু নৃত্যৰ অনুষ্ঠান (Guinness Book of World Records through Bihu) । ৰাজ্য চৰকাৰৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

এই কাৰ্যসূচীৰ বাবে কেবিনেটৰ উপৰি মুখ্যমন্ত্রী আৰু মন্ত্রী পৰ্যায়ৰ লগতে বিষয়া পৰ্যায়ত ইতিমধ্যে কেইবালানি আলোচনা অনুষ্ঠিত হৈছে । মঙলবাৰেও এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) উপস্থিতিত জনতা ভৱনত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত এই বৃহৎ অনুষ্ঠানটো সূচাৰুৰূপে অনুষ্ঠিত কৰা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয় ।

সমগ্ৰ অনুষ্ঠানটো যাতে সুশৃংখলিতভাৱে আৰু দৃষ্টিনন্দনকৈ আয়োজিত হয় তাৰবাবে বৈঠকত মুখ্যমন্ত্রীয়ে সেই দিশত প্ৰতিটো বিভাগে চলোৱা প্ৰস্তুতিৰ বুজ লয় আৰু প্ৰশিক্ষণৰ পৰা মূল কাৰ্যসূচী অনুষ্ঠিত হোৱালৈকে সকলো দিশ নিয়াৰিকৈ সম্পন্ন কৰাৰ দিশত বিভিন্ন নিৰ্দেশনা দিয়ে (world records programme by Bihu dance) । বৈঠকত মন্ত্রী কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু আৰু বিমল বড়া, অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, বিশ্বৰঞ্জন চামাল, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, জ্যেষ্ঠ সাংবাদিক চৈয়দ জাৰিৰ হুছেইন আৰু বিশিষ্ট শিল্পী ৰঞ্জিত গগৈৰ উপৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে, ১ লাখ ৩০ হেজাৰ কোটি টকাৰ ঋণত পোত গৈ থকা চৰকাৰখনে এইবাৰ উক্ত অনুষ্ঠানটোৰ নামতেই ব্যয় কৰিব প্রায় ১০০ কোটি টকা । পূর্বে কেবিনেট বৈঠক আৰু শেহতীয়াকৈ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে হোৱা মুখ্যমন্ত্রীৰ বৈঠকতো প্রস্তাৱিত অনুষ্ঠানটোক লৈ আলোচনা কৰা হয় । মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক অনুষ্ঠানটোৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে । উল্লেখ্য যে, ২৭ ফেব্ৰুৱাৰীত এই সংক্রান্তত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত বিশেষ প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ হ’ব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ১ মাৰ্চৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ সমষ্টিয়ে সমষ্টিয়ে আৰু অহা ৮ এপ্ৰিলৰ দিনা গুৱাহাটীত হ’ব মূল আখৰা ।

দিছপুৰৰ এক উচ্চস্তৰীয় সূত্রই জানিবলৈ দিয়া মতে, এই সমগ্ৰ কাৰ্যসূচীটোৰ বাবদ ৰাজ্য চৰকাৰৰ ব্যয় ধার্য কৰা হৈছে ১০০ কোটি টকা । ইতিমধ্যে বিহুৱা-বিহুৱতী, ঢুলীয়া আৰু তেওঁলোকৰ লগত আহিবলগীয়া অভিভাৱকসকলৰ থকা-খোৱা আদিৰ বাবদ মহানগৰীৰ হোটেল, গেষ্ট হাউছ আদিৰ আগতীয়া বুকিঙৰ কাম আৰম্ভ কৰা হৈছে । উল্লেখ্য যে, অংশগ্রহণকাৰীসকল মহানগৰীলৈ অহা-যোৱা তথা থকা খৰচ ৰাজ্য চৰকাৰে বহন কৰাৰ লগতে নিৰ্দিষ্ট পাৰিশ্ৰমিকৰো ব্যৱস্থা কৰিছে ।

অর্থাৎ ২৭ ফেব্ৰুৱাৰীৰ পৰাই এইবাৰ চৰকাৰী উদ্যোগত ৰঙালী বিহুৰ ৰং-ৰহইচৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ সামৰণি পৰিব ১৪ এপ্রিলত । কম সময়ৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানটোৰ নামতেই চৰকাৰে ব্যয় কৰিব প্রায় ১০০ কোটি টকা । যিটো সময়ত ৰাজ্য চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ তৎ পোৱা নাই, সেই সময়ত ইমান বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Assam cabinet decisions: উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ সমপৰ্যায়ৰ কৰা হ’ল পলিটেকনিক ডিপ্ল’মাৰ পাঠ্যক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.