ETV Bharat / state

আস্ফালনত পৰিণত চৰকাৰৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা

author img

By

Published : Sep 15, 2022, 6:29 PM IST

Updated : Sep 15, 2022, 9:54 PM IST

তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ২০১৭ চনৰ ৪ ডিচেম্বৰত Dredging corporation of India আৰু ৰাজ্য চৰকাৰৰ মাজত ব্ৰক্ষ্মপুত্ৰ নদীত খনন কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছিল । কিন্তু এইবোৰ চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে ।

Brahmaputra excavation and construction of express highways
বিজেপি চৰকাৰৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা এক আস্ফালনত পৰিণত

গুৱাহাটী, 15 আগষ্ট: ৰাজ্যত ব্ৰহ্মপুত্ৰ খনন আৰু এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ, বিজেপি নেতৃত্বাধীন চৰকাৰৰ এয়া আছিল দুটা অভিনৱ পদক্ষেপ (Brahmaputra excavation and construction of express highways) ৷ পিছে চৰকাৰখনৰ এই দুই পদক্ষেপ ভালুকৰ সাঙীত পৰিণত হৈছে । উল্লেখ্য যে, তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ২০১৭ চনৰ ৪ ডিচেম্বৰত Dredging corporation of India আৰু ৰাজ্য চৰকাৰৰ মাজত ব্ৰক্ষ্মপুত্ৰ নদীত খনন কৰাৰ বাবে এক চুক্তি স্বাক্ষৰিত হৈছিল ।

এই প্ৰকল্পৰ বাবে ১৮ কোটি টকা এছ ডি আৰ এফৰ অধীনত নিৰ্দ্ধাৰণ কৰা হৈছিল । কিন্তু এইবোৰ চৰকাৰী ফাইলতে আৱদ্ধ হৈ আছে । এই সন্দৰ্ভত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ (আইডব্লিউএআই) ৰ সঞ্চালক এ চিলভা কুমাৰক ই টি ভি ভাৰতৰ পৰা সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পাণ্ডুত তেনেধৰণৰ কোনো প্ৰকল্পৰ কাম আৰম্ভ হোৱা নাই (Inland Waterways Authority of India) । এইক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই ।

Brahmaputra excavation and construction of express highways
বিজেপি চৰকাৰৰ ব্ৰহ্মপুত্ৰ খননৰ ঘোষণা এক আস্ফালনত পৰিণত

তেওঁ কয় যে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে নিজাববীয়াকৈ যোৱা জানুৱাৰীৰ মাজভাগৰ পৰা ধুবুৰীত ব্ৰহ্মপুত্ৰখননৰ কাম আৰম্ভ কৰা হৈছে । ধুবুৰী আৰু যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ খননৰ বাবে দুখন ড্ৰেজাৰ ক্ৰয় কৰা হৈছে । ইয়াৰে ধুবুৰীত থকা ড্ৰেজাৰখনৰ মেৰামতিৰ কাম পাণ্ডুত চলি থকাৰ বাবে নিমাতীঘাটত থকা ড্ৰেজাৰখন ধুবুৰীলৈ অনা হৈছে আৰু এইখনৰে ধুবুৰীত ব্ৰহ্মপুত্ৰ খনন কৰি থকা হৈছে ।

বৰ্তমান নদীত পানী বেছি থকাৰ বাবে এই কাম বন্ধ হৈ আছে । তেওঁ লগতে কয় যে আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণৰ এখন ৰ'পেক্স জাহাজ ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত চলি আছে । এই ৰ'পেক্স জাহাজখনৰ যাতায়ত সুচল কৰাৰ বাবে খনন চলি আছিল । অহা খৰালীত এই খনন পুনৰ আৰম্ভ কৰি সম্পূৰ্ণ কৰা হ'ব । তেওঁ কয় যে পৰৱৰ্তী ভাৰত আৰু বাংলাদেশ সীমান্তত থকা ব্ৰক্ষ্মপুত্ৰ নদীত খনন আৰম্ভ কৰা হ'ব ।

সঞ্চালক এ চিলভা কুমাৰ কয় যে, আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ জলপথ সুচল কৰাৰ বাবেহে খনন কাৰ্য্য আৰম্ভ কৰিছে । তেওঁ কয় যে আভ্যন্তৰীণ জল পৰিবহন প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ জলপথ সুচল কৰাৰ বাবে ধুবুৰীৰ পৰা মাজুলীৰ নিমাতী ঘাটলৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা ২.৫ মিটাৰ কৰি ৰখাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে । যিবোৰ ঠাইত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা ২.৫ মিটাৰতকৈ কম আছে সেইবোৰৰ ঠাইত খনন কাৰ্য চলোৱা হ'ব ।

মাজুলীৰ নিমাতী ঘাটৰ পৰা ডিব্ৰগড়লৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা ২ মিটাৰ । আকৌ ডিব্ৰগড়ৰ পৰা পাণ্ডুলৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা ১.৫ মিটাৰ । আনহাতে পাণ্ডুৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা ২.৫ মিটাৰ । তেওঁ কয় যে পাণ্ডুত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠৰ গভীৰতা ঠিকে থকাৰ বাবে সদ্যহতে আভ্যন্তৰীণ জলপৰিবহন প্ৰাধিকৰণে পাণ্ডুত ব্ৰহ্মপুত্ৰত খনন চলোৱাৰ চিন্তা-চৰ্চা কৰা নাই ।

মনকৰিবলগীয়া যে, যোৱা ২০১৭ চনতে ২৬ জুলাইত এক ঘোষণাৰ জৰিয়তে তদানীন্তন কেন্দ্ৰীয় পথ যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰীয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুস ৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰক শদিয়াৰ পৰা ধুবুৰীলৈকে মুঠ ৬০০ কিলোমিটাৰ খননৰ বাবে ৪০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে । এই খননৰ জৰিয়তে ব্ৰহ্মপুত্ৰৰ পৰা সৃষ্টি হোৱা বানপানীৰ এক স্থায়ী সমাধান কৰা হ’ব ।

লগতে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰি ব্ৰহ্মপুত্ৰক ব্যৱসায়িকভাৱে লাভজনক কৰি তোলা হ’ব । লগতে অসমৰ বাবে নদীখনক আশীৰ্বাদস্বৰূপ কৰি তোলা হ’ব । কিন্তু মন্ত্ৰীজনৰ ঘোষণা পৰৱৰ্তী সময়ত বিগ জিৰ' হৈছে ।

উল্লেখ্য যে, ৰাজ্যত ব্ৰহ্মপুত্ৰ খননৰ বাবে ২০১৭ চনত ড৹ দুলাল চন্দ্ৰ গোস্বামীৰ অধ্যক্ষতাত গঠন হৈছিল এক বিশেষজ্ঞ কমিটী৷ কমিটীখনে প্ৰয়োজন সাপেক্ষে ঠাই বিশেষে নদীৰ গতিপথত সৃষ্টি হোৱা গেদ নিষ্কাশনৰ বাবে খননৰ পৰামৰ্শ আগবঢ়াইছিল ৷ যাৰ পৰিপ্ৰক্ষিতত জলসম্পদ বিভাগে ২০১৭-১৮ বিত্তীয় বৰ্ষত ১৮ কোটি ।

কিন্তু সেয়া আজিলৈকে ঘোষণাতে সীমাৱদ্ধ হৈ ৰ’ল । ব্ৰহ্মপু্ত্ৰক সম্পদৰূপে গঢ়ি তোলা হ’ব বুলি প্ৰতিখন শাসকীয় চৰকাৰে আওৰাই আহিছে । ইপিনে বিগত ২০১৭ বৰ্ষত ৰাজ্য চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও ব্ৰহ্মপুত্ৰ খনন কৰিবলৈ ৯৮০ কোটি টকা বিশ্ব বেংকে যোগান ধৰাৰ কথা ঘোষণা কৰিছিল । ৰাজ্য চৰকাৰখনে হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা কৈ আহিছে যদিও কাৰ্যত ইয়াৰ ফলাফল শূন্য দেখা গৈছে । ৰজাঘৰীয়াৰ উন্নয়নৰ ঘোষণাবোৰ এক আস্ফালনত পৰিণত হৈছে ।

লগতে পঢ়ক: Flood in Assam: ৰাজ্যৰ ৩০ লক্ষাধিক বানাক্ৰান্তৰ মাজত হাহাকাৰ পৰিস্থিতি

Last Updated :Sep 15, 2022, 9:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.