ETV Bharat / state

বিধানসভাৰ তোৰণত জিলিকিল বড়ো ভাষাৰ ফলক

author img

By

Published : Jul 11, 2021, 5:42 PM IST

পূৰ্বতে অসমীয়া আৰু ইংৰাজী ভাষাৰ যিখন ফলক বিধানসভা সচিবালয়ৰ মূল প্ৰৱেশদ্বাৰৰ তোৰণত আছিল, সেইখন ফলকত ইতিমধ্যে বড়ো ভাষাও (BODO LANGUAGE)সংলগ্ন কৰা হৈছে ।

bodo_language_in_assembly
বিধানসভাৰ তোৰণত জিলিকিল বড়ো ভাষাৰ ফলক

গুৱাহাটী, ১১ জুলাই : অসম বিধানসভাৰ (ASSAM ASSEMBLY) মূল প্ৰৱেশ পথৰ তোৰণত জিলিকিল বড়ো ভাষাৰ ফলক । কাইলৈ অৰ্থ্যাৎ সোমবাৰৰ পৰা এমাহজোৰা কাৰ্যক্ৰমণিকাৰে আৰম্ভ হ’বলগীয়া বিধানসভাৰ বাজেট অধিবেশনৰ (Assam Assembly Budet Session) পূৰ্বে আটকধুনীয়াকৈ সজাই তোলা হৈছে সমগ্ৰ বিধানসভা চৌহদ । পূৰ্বতে অসমীয়া আৰু ইংৰাজী ভাষাৰ যিখন ফলক বিধানসভা সচিবালয়ৰ (Assam Secretariat) মূল প্ৰৱেশদ্বাৰৰ তোৰণত আছিল, সেইখন ফলকত ইতিমধ্যে বড়ো ভাষাও (BODO LANGUAGE) সংলগ্ন কৰা হৈছে ।

কেৱল ফলকেই নহয়, এতিয়াৰে পৰা বিধানসভাৰ মজিয়াত বড়ো ভাষাও স্বীকৃত ভাষা হিচাপে বিবেচিত হ’ব । অৰ্থাৎ যিকোনো বিধায়কে বড়ো ভাষাতো বিধানসভাত প্ৰশ্ন উত্থাপন কৰিব পাৰিব । উল্লেখযোগ্য যে, অতি দীঘলীয়া কাৰ্যক্ৰমণিকাৰে সোমবাৰৰ পৰা অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিবেশন (Assam Assembly Budet Session)। ড৹ হিমন্ত বিশ্ব শৰ্মা (HIMANTA BISWA SHARMA) চৰকাৰৰ এইখনেই হ’ব পূৰ্ণাংগ বাজেট অধিবেশন । ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) দাখিল কৰিব ২০২১-২২ বৰ্ষৰ পূৰ্ণাংগ বাজেট।

আনহাতে, প্ৰথমবাৰৰ বাবে এক সেউজীয়া আৰু নান্দনিক পৰিৱেশৰ মাজত কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিবেশন (Assam Assembly Budet Session) । প্ৰায় এমাহজুৰি চলিবলগীয়া এই বাজেট অধিবেশনৰ বাবে নতুন ধৰণে সজাই তোলা হৈছে দিছপুৰস্থিত অসম বিধানসভা (Assam Assembly) চৌহদ ।

চৌহদৰ প্ৰতিখন দেৱালত ওলোমাই দিয়া হৈছে অজস্ৰ ফুলৰ টাব । বিধানসভাৰ প্ৰৱেশ পথৰ দুয়োপাৰে লানি নিছিগাকৈ সজাই তোলা হৈছে নানাৰঙী ফুল গছেৰে । মুঠতে সমগ্ৰ বিধানসভা চৌহদত এতিয়া কেউফালে মাথো ফুল আৰু ফুল । উল্লেখযোগ্য যে, সোমবাৰে অৰ্থাৎ কালিলৈৰ পৰা সম্পূৰ্ণ এমাহৰ বাবে ক'ভিড প্ৰট'কলৰ মাজেৰে বাজেট অধিবেশন অনুষ্ঠিত হ’ব যদিও এই অধিবেশনৰ কৰ্মদিন অৱশ্যে ২৪ দিনহে হ’ব ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এইখন হ’ব প্ৰথম পূৰ্ণাংগ বাজেট অধিবেশন । ১৬ জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog) বিধানসভাত দাখিল কৰিব ২০২১-২২ বৰ্ষৰ বাজেট । অজন্তা নেওগেই হ’ব বিধানসভাত বাজেট দাখিল কৰা ৰাজ্যৰ প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী । গতিকে স্বাভাৱিকতে সৰ্বস্তৰতে এই বাজেটক লৈ আৰম্ভ হৈছে উৎকন্ঠা ।

লগতে পঢ়কঃ উপ নিৰ্বাচনত সকলো বিৰোধী ঐক্যবদ্ধ হোৱাৰ পোষকতা ৰিপুন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.