ETV Bharat / state

কামৰূপ জিলাত নাও চলাচলত নিষেধাজ্ঞা জাৰি

author img

By

Published : Oct 1, 2022, 7:16 PM IST

Boat traffic ban in Kamrup district
কামৰূপ জিলাত নাও চলাচলত নিষেধাজ্ঞা জাৰি

ভুটভুটি নাও অথবা যান্ত্ৰিক কাউন্ট্ৰি ব’ট (Mechanized Country Boat)ৰ চলাচলত নিষেধাজ্ঞা কামৰূপ জিলাত ৷ আইন অমান্য কৰাসকলৰ বিৰুদ্ধে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা ৷

গুৱাহাটী, 1 অক্টোবৰ: কিছুদিন পূৰ্বে অৰ্থাৎ বিগত ২৯ ছেপ্টেম্বৰৰ দিনা ধুবুৰীত সংঘটিত হৈছিল শোকাৱহ নাও দুৰ্ঘটনা (Dhubri boat accident)৷ ইয়াৰ পাছতেই জনসাধাৰণৰ সুৰক্ষাৰ দিশটোত অগ্ৰাধিকাৰ প্ৰদান কৰি তথা ২০২০ বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত পৰিবহণ বিভাগে জাৰি কৰা এক আদেশৰ ভিত্তিত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াই জাৰি কৰিছে এক নিৰ্দেশনা ৷

এই জাননীৰ জৰিয়তে জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ভূটভূটি নাওঁ অথবা যান্ত্ৰিক কাউন্ট্ৰি ব’ট (Mechanized Country Boats)ৰ চলাচলত থকা নিষেধাজ্ঞা পুনৰ বাহাল ৰাখিছে সংশ্লিষ্ট বিভাগে(Boat traffic ban in Kamrup district) । প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি গোপনে এনেধৰণৰ নাও চলাচল কৰাসকলৰ বিপৰীতে কঠোৰ আইনী ব্যৱস্থা লোৱা হ’ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে ।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত চলাচল কৰা এনে অকৰ্তৃত্বশীল নাও অবিৰতভাৱে নিৰীক্ষণ কৰি সংশ্লিষ্ট এলেকাৰ চক্ৰ বিষয়াক অৱগত কৰিব ৷ ইয়াৰ পাছতেই সংশ্লিষ্ট চক্ৰ বিষয়াই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সৈতে এনেধৰণৰ অবৈধভাৱে নদীৰ বুকুত চলাচল কৰা নাৱৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ।

Boat traffic ban in Kamrup district
কামৰূপ জিলাত নাও চলাচলত নিষেধাজ্ঞা জাৰি

তদুপৰি চলিত দুৰ্গাপূজাৰ সময়ত নাও পৰিবহণৰ লগত জড়িতসকলে যাত্ৰীৰ সুৰক্ষাৰ বাবে লাইফবেল্ট (Lifebuoys), লাইফ জেকেট (Life Jacket) কে ধৰি সুৰক্ষা সামগ্ৰীসমূহ নাৱত পৰ্যাপ্ত পৰিমাণে ৰাখিব লাগিব বুলিও নিৰ্দেশটোত কোৱা হৈছে । শুকুৰবাৰৰ পৰা তাৎক্ষণিকভাৱে জাৰি কৰা এই আদেশ সমগ্ৰ জিলাখনত বাহাল থাকিব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীয়ে দিল্লীত মুকলি কৰিলে 5G সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.