ETV Bharat / state

উপনিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি মিত্রজোঁটৰ বিজয় ধ্বজা

author img

By

Published : Nov 2, 2021, 6:25 PM IST

Updated : Nov 2, 2021, 8:54 PM IST

bjp-wins-all-the-seats
উপনিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি মিত্রজোঁটৰ বিজয় ধ্বজ্জা

উপনিৰ্বাচনৰ পাঁচটা সমষ্টিতে জয়ী হ'ল বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী । নিজৰ দখলত থকা সমষ্টি উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল কংগ্ৰেছ, বি পি এফ আৰু এ আই ইউ ডি এফ দল ।

গুৱাহ‍াটী, ২ নৱেম্বৰ : অৱশেষত, অন্ত পৰিল সকলো জল্পনা-কল্পনাৰ । উপনিৰ্বাচনৰ পাঁচটা সমষ্টিতে জয়ী হ'ল বিজেপি মিত্রজোঁটৰ প্ৰাৰ্থী । বিজেপিয়ে তিনিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰি তিনিখনতে জয়ী হ'বলৈ সক্ষম হ'ল । আনহাতে, মিত্রদল ইউ পি পি এলে প্ৰতিদ্বন্দ্বিতা কৰা দুয়োখন আসনতে বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ল ।

উপনিৰ্বাচনত পাঁচটা সমষ্টিতে বিজেপি মিত্রজোঁটৰ বিজয় ধ্বজা

৫ টা সমষ্টিতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰি বিৰোধী শূন্য কৰিলে । কংগ্ৰেছ, বি পি এফ আৰু এ আই ইউ ডি এফ দলে নিজৰ দখলত থকা সমষ্টি উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল । মৰিয়নি সমষ্টিত বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ল বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী ।

বিধায়ক পদ আৰু কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰি উপনিৰ্বাচনত অৱতীৰ্ণ হোৱা ৰূপজ্যোতি কুৰ্মীয়ে পুনৰ মৰিয়নি সমষ্টি নিজৰ দখললৈ আনিবলৈ সক্ষম হ'ল । তেওঁ ৫৫,৪৮৯ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰাৰ্থী কংগ্ৰেছৰ লোহিত কোঁৱৰে লাভ কৰে ১৫,৩৮৫ টা ভোট । ৰূপজ্যোতি কুৰ্মী ৪০,১০৪ টা ভোটৰ ব্যৱধানত জয়ী হয় ।

আনহাতে, ভৱানীপুৰ সমষ্টিত বিপুল ভোটত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰে । বিধায়ক পদ আৰু এ আই ইউ ডি এফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰা ফণী তালুকদাৰে ভৱানীপুৰ সমষ্টিৰ উপনিৰ্বাচনত বিজেপিৰ হৈ অৱতীৰ্ণ হৈছিল । তেওঁ ৬৪,২০০ টা ভোট লাভ কৰি জয়যুক্ত হোৱাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে লাভ কৰিছে ৩৮,৫৫৯ টা ভোট । তেওঁ ২৫,৬৪১ টা ভোটৰ ব্যৱধানত জয়ী হৈছে । তৃতীয় স্থানত এ আই ইউ ডি এফৰ প্ৰাৰ্থী জুব্বাৰ আলীয়ে ৬,৩৭৮ টা ভোট লাভ কৰিছে ।

সেইদৰে থাওৰা সমষ্টিত বিপুল ভোটত জয়ী হৈছে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাই । ৩০,৫৬১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিলে সুশান্ত বৰগোহাঁয়ে । সুশান্ত বৰগোহাঁয়ে লাভ কৰিলে মুঠ ৫৪,৯৫৬ টা ভোট । বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৩০,৫৬১ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে । আনহাতে ৰাইজৰ দলৰ মনোনিত প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰে লাভ কৰে ২৪,৩৯৫ টা ভোট ।

ইফালে গোসাইগাঁৱত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ বিজেপিৰ মিত্রদল ইউ পি পি এল প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ । তেওঁ ৫৮,৭৬৯ টা ভোট লাভ কৰি জয়ী হয় । কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুৱে লাভ কৰিছে ৩০,৫১৭ টা ভোট । জিৰণ বসুমতাৰী ২৮,২৫২ টা ভোটৰ ব্যৱধানত জয়ী হৈছে ।

তামুলপুৰ সমষ্টিতো ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ বৃহৎ জয়লাভ । ৯০ হাজাৰতকৈ অধিক ভোট লাভ কৰি তেওঁ জয়ী হৈছে । উল্লেখ্য যে, উপ-নিৰ্বাচন হোৱা সমষ্টিকেইটাত ভোটদানৰ হাৰো বিধানসভা নিৰ্বাচনৰ তুলনাত হ্ৰ‍াস পাইছিল । যিটো বিষয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক : স্বামীৰ বিজয়ৰ পিছত কি ক’লে মঞ্চুৰিয়া বি কুৰ্মীয়ে

Last Updated :Nov 2, 2021, 8:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.