ETV Bharat / state

Internal conflict in Assam BJP: এটা দলত ইজনে সিজনক ভালপোৱা বেয়াপোৱা থাকেই; ভৱেশ কলিতাৰ সৰল ব্যাখ্যা

author img

By

Published : May 30, 2023, 6:39 PM IST

বিজেপিত চলি থকা অন্তঃকন্দল সন্দৰ্ভত মঙলবাৰে মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ জোনমণি ৰাভাৰ মৃত্যুক লৈ কংগ্ৰেছে কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে সভাপতিগৰাকীয়ে (Bhabesh Kalita slams Congress) ৷

Internal conflict in Assam BJP
Sivsagar BJP IT Cell news

বিজেপিত চলি থকা অন্তঃকন্দল সন্দৰ্ভত ভৱেশ কলিতা

গুৱাহাটী ৩০, মে’: বিজেপিত দলীয় অন্তঃকন্দল অব্যাহত থকা বুলি চৰ্চা সন্দৰ্ভত মন্তব্য আগবঢ়াইছে দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ মঙলবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়ত এই মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে, সকলোৱে ভাৰতৰ সেৱাৰ বাবে কাম কৰি আছে । দলীয় ভেটি মজবুত কৰিবলৈ সকলোৱে কাম কৰি আছে । তাৰ মাজতে ইজনে সিজনক বেয়াপোৱা ভালপোৱা থাকেই । দেশ প্ৰথম, তাৰ পাচত পাৰ্টি, তাৰ পাচতহে কৰ্মকৰ্তাৰ স্থান (Internal conflict in Assam BJP) ।

লগতে, শিৱসাগৰৰ বিজেপিৰ তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ কৰ্মীসকলে পদত্যাগ কৰাক লৈ মন্তব্য আগবঢ়াই ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে, তেওঁলোকে ভুল বুজিছে, তথ্য প্ৰযুক্তি বিভাগৰ জিলা পৰ্যায়ৰ বৈঠক হোৱা নাই । পৰৱৰ্তী সময়ত জিলা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হ’ব । লগতে কুমুদ কছাৰীৰ ভাইৰেল হোৱা অডিঅ’ সম্পৰ্কে তেওঁ কয়, ‘‘এতিয়ালৈ মই অডিঅ’ টো শুনা নাই । হেমন্ত কলিতাও আমাৰ দলৰেই, কুমুদ কছাৰীও আমাৰ দলৰ । আমি বিষয়টো চাই ল’ম ।’’(Sivsagar BJP IT Cell news)

লগতে পঢ়ক: Anand Mishra: আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰদান কৰাত বাধা

তাৰোপৰি জোনমণি ৰাভাৰ মৃত্যু তদন্ত সন্দৰ্ভত কংগ্ৰেছে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে, জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰতৰ হৈছে । তৎকালীনভাৱে CBI আৰু CID ক তদন্তৰ দায়িত্ব দিয়া হৈছে । কংগ্ৰেছ ৰাইজৰ মাজত নাই । টিভিৰ পৰ্দাত ওলাই থাকিবলৈ কংগ্ৰেছে যিকোনো কথা কৈয়েই থাকিব (Bhabesh Kalita criticises Congress)।

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত কৰা হয় এক যোগদান কাৰ্যসূচী । এই কাৰ্যসূচীৰ যোগেদি অনুসূচীত জাতি মৰ্চাৰ উদ্যোগত ৩০০ লোকক যোগদান কৰোৱা হয় গেৰুৱা দলটোত । যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিজেপিত যোগদান কৰা দেখা গ’ল এই লোকসকলে । সাহিত্য, সংস্কৃতিৰ সৈতে জড়িত ব্যক্তিৰ লগতে অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়াৰো যোগদান গেৰুৱা দলত । বাচফৰ সমাজৰো বহু ব্যক্তিৰ বিজেপিত যোগদান (BJP joining program)।

লগতে পঢ়ক: Rebellion in BJP : বিজেপিৰ বিদ্ৰোহক লৈ জিলা সভাপতিৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.