ETV Bharat / state

বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য

author img

By

Published : Jan 19, 2021, 12:25 PM IST

অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়তাবাদী দলসমূহে হাই প্ৰফাইল নেতাই ৰাজনৈতিক সভা পাতি চমক সৃষ্টি কৰাৰ মাজতে সোমবাৰে বিধানসভা নির্বাচনৰ প্রচাৰত অসমত সামাজিক মাধ্যমক দলীয়ভাৱে পূর্ণ ব্যৱহাৰ কৰাৰ বাবে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ তথ্য আৰু সামাজিক মাধ্যম কোষৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক অমিত মালব্য।

সমাগত নিৰ্বাচনত বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য
সমাগত নিৰ্বাচনত বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য

গুৱাহাটী, ১৯ জানুৱাৰীঃ সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলবোৰৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। অসমৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয়তাবাদী দলসমূহে হাই প্ৰফাইল নেতাই ৰাজনৈতিক সভা পাতি চমক সৃষ্টি কৰাৰ মাজতে সোমবাৰে বিধানসভা নির্বাচনৰ প্রচাৰত অসমত সামাজিক মাধ্যমক দলীয়ভাৱে পূর্ণ ব্যৱহাৰ কৰাৰ বাবে গুৱাহাটীত উপস্থিত হয় বিজেপিৰ তথ্য আৰু সামাজিক মাধ্যম কোষৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক অমিত মালব্য।

সমাগত নিৰ্বাচনত বিজেপিৰ আইটি চেলৰ ৰণকৌশল প্রস্তুতৰ বাবে গুৱাহাটীত অমিত মালব্য

বিজেপিৰ কেন্দ্রীয় নেতাজনে অসম ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম কোষৰ সমিতি,তথ্য আৰু প্রযুক্তিবিদ্যা ৰাজ্যিক সমিতি,জিলা সামাজিক মাধ্যম কোষৰ আহ্বায়ক আৰু সহঃ আহ্বায়ক,তথ্য আৰু প্রযুক্তিবিদ্যাৰ জিলা আহ্বায়কসকলৰ সৈতে আগন্তুক নির্বাচনক লৈ এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকতে নির্বাচনী প্রচাৰত সামাজিক মাধ্যমক পূর্ণাংগ অৰ্থত ব্যৱহাৰ কৰাৰ বাবে ৰণকৌশল প্রস্তুত কৰে বিজেপিৰ তথ্য আৰু সামাজিক মাধ্যম কোষৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক অমিত মালব্যই।

উল্লেখযোগ্য যে,মহানগৰীৰ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কার্যালয়ৰ এই বৈঠকত বিজেপিৰ ৰাজ্যিক বিষয়ববীয়াসকলেও অংশগ্রহণ কৰে । বৈঠকত নির্বাচনী প্রচাৰত কেনেদৰে সামাজিক মাধ্যমক দলৰ অনুকূলে ব্যৱহাৰ কৰিব পৰা যায়,তাৰ বাবে ৰাজ্যিক আৰু জিলাৰ বিষয়ববীয়াসকলক ব্লুপ্রিন্ট যুগুতাই দিয়ে মালব্যই ।

লগতে পঢ়কঃ বিশ্বনাথত গৰাখহনীয়া প্ৰতিৰোধ আঁচনি শুভাৰম্ভ মন্ত্ৰী ৰঞ্জিত দত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.