ETV Bharat / state

ৰামধেনু সদৃশ মিত্রতাই ৰাজ্যখনক প্ৰগতিৰ দিশত আগুৱাই নিছে : ভৱেশ কলিতা

author img

By

Published : Oct 6, 2021, 10:17 PM IST

ৰামধেনু সদৃশ মিত্রতাই ৰাজ্যখনক প্ৰগতিৰ দিশত আগুৱাই নিছে: ভৱেশ কলিতা
ৰামধেনু সদৃশ মিত্রতাই ৰাজ্যখনক প্ৰগতিৰ দিশত আগুৱাই নিছে: ভৱেশ কলিতা

মিত্ৰজোঁট বিজেপি, অগপ আৰু ইউপিপিএলৰ যৌথ সংবাদমেল । অগপৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আৰু ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ।

গুৱাহাটী,৬ অক্টোবৰ : ৰাজ্যৰ ছটা সমষ্টিৰ উপ-নিৰ্বাচন সন্দৰ্ভত বুধবাৰে বিজেপি নেতৃত্বৰ মিত্ৰজোঁটে এখন সংবাদমেল সম্বোধন কৰে । গুৱাহাটীৰ আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা মিত্ৰজোঁটৰ যৌথ সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আৰু ইউপিপি এলৰ সভাপতি প্ৰমোদ বড়োৱে অংশ গ্ৰহণ কৰে । উল্লেখযোগ্য যে, ৩০ অক্টোবৰত থাওৰা, তামুলপুৰ, গোসাইগাঁও, ভৱানীপুৰ আৰু মৰিয়নিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ।

ৰামধেনু সদৃশ মিত্রতাই ৰাজ্যখনক প্ৰগতিৰ দিশত আগুৱাই নিছে: ভৱেশ কলিতা
ৰামধেনু সদৃশ মিত্রতাই ৰাজ্যখনক প্ৰগতিৰ দিশত আগুৱাই নিছে: ভৱেশ কলিতা

মাজুলী সমষ্টিটো উপ-নিৰ্বাচন হ'ব যদিও দিন ঘোষণা কৰা নাই । সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, আগন্তুক দিনত ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ বাবে আমি মিত্ৰতাত আছো । প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰ সম উন্নয়নৰ দিশত আগবাঢ়ি গৈছে । আমাৰ এই মিত্ৰতা ৰামধেনু সদৃশ । বৃহস্পতিবাৰে তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰা হ'ব । আমি মিত্ৰজোঁটে এক হৈ মনোনয়ন দাখিল কৰিম ।

৮ অক্টোবৰত থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিত দাখিল কৰা হ’ব মনোনয়ন । উপ- নিৰ্বাচনত আমি মিত্ৰদল একত্ৰিত হৈ প্ৰচাৰ অভিযান চলাম । বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ আৰু বিজেপিৰে মিত্ৰতা সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰসংগত তেওঁ কয়, উপ-নিৰ্বাচনত গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিত আমাৰ মিত্ৰদল ইউপিপি এলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বীতা কৰিব । মুখ্যমন্ত্ৰীক সকলো দলৰ নেতাই সাক্ষাৎ কৰিব পাৰে ।

মুখ্যমন্ত্ৰীয়ে মিত্ৰতাৰ কথা কোৱা নাই । যি কৈছে হাগ্ৰামা মহিলাৰীয়ে কৈছে । হাগ্ৰামা মহিলাৰী কোকৰাঝাৰত আছে আৰু তাতেই থাকক । সংবাদমেলত অগপৰ সভাপতি অতুল বৰাই কয়, বিগত সময়ছোৱাত আমি ৰামধেনু সদৃশ মিত্ৰতাৰে ৰাইজৰ স্বাৰ্থত আমি কাম কৰি আছো ৷ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহু উন্নয়নমূলক কাম কৰা হৈছে । দুৰ্নীতিৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ নেতৃত্বত অসমৰ বিকাশ তৰান্বিত হ’ব আৰু অৰ্থনৈতিক ভেটি সবল হ’ব ৷

তেওঁ লগতে কয়, আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব৷ সংবাদমেলত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে কয়, আগন্তুক উপ নিৰ্বাচনত তিনিটা দলৰ মনোভাৱ স্পষ্ট কৰা হৈছে। অসমৰ সৰ্বাংগীণ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীয়ে বহু পদক্ষেপ হাতত লৈছে । ৰাইজেও চৰকাৰখনক আস্থা আৰু বিশ্বাসত লৈছে ।

বিজেপিয়ে অসমত চৰকাৰ গঠন কৰাৰ পাছৰে পৰাই বড়োলেণ্ডৰ লগতে সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰিছে । বড়োলেণ্ডত এতিয়া পূৰ্বৰ হত্যা-হিংসাৰ পৰিৱেশ নাই । সকলোৱে নিৰাপদ জীৱন পাবলৈ সক্ষম হৈছে । উপ নিৰ্বাচনত আমাৰ মিত্ৰদলৰ প্ৰাৰ্থী বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ব । সংবাদমেলত মন্ত্ৰী কেশৱ মহন্তক, সাংসদ পল্লৱ লোচন দাসৰ উপৰি তিনিওটা দলৰ ভালেসংখ্যক নেতা উপস্থিত আছিল ।

লগতে পঢ়কঃ "ধনু" বনাম "মাইনা": মৰিয়নিত সমুখ সমৰত দুই বন্ধু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.