ETV Bharat / state

"ধনু" বনাম "মাইনা": মৰিয়নিত সমুখ সমৰত দুই বন্ধু

author img

By

Published : Oct 6, 2021, 9:06 PM IST

Updated : Oct 6, 2021, 9:15 PM IST

"ধনু" বনাম "মাইনা": মৰিয়নিত সমুখ সমৰত দুই বন্ধু
"ধনু" বনাম "মাইনা": মৰিয়নিত সমুখ সমৰত দুই বন্ধু

প্ৰয়াত ৰূপম কুৰ্মী আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ পুত্ৰ ৰূপজ্যোতি কুৰ্মী, দুই মাতৃ-পুত্ৰৰ হাতৰ পৰা কোনেও কাঢ়ি নিব পৰা নাছিল মৰিয়নি । কিন্তু এইবাৰ মৰিয়নিৰ পৰিবেশ পৰিস্থিতি সুকীয়া । মৰিয়নিত এইবাৰ সমুখ সমৰত নামিবলৈ ওলাইছে "ধনু" আৰু "মাইনা" ।

গুৱাহাটী, ৬ অক্টোবৰ : এইবাৰ চাবলগীয়া হ’ব মৰিয়নিৰ যুজঁখন । একালৰ দুই নলেগলে লগা বন্ধু আজি দুৰ্ঘোৰ শত্ৰু । ৰাজনৈতিক ভাবে আজি পৰস্পৰে পৰস্পৰৰ বৈৰী । সেয়েহে মৰিয়নিৰ উপ-নিৰ্বাচন যে চকুত লগা হ’ব সেয়া ধুৰূপ । বিগত প্ৰায় তিনিটা দশকজুৰি মৰিয়নি আছে কংগ্ৰেছৰ দখলত ।

প্ৰয়াত ৰূপম কুৰ্মী আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁৰ পুত্ৰ ৰূপজ্যোতি কুৰ্মী, দুই মাতৃ-পুত্ৰৰ হাতৰ পৰা কোনেও কাঢ়ি নিব পৰা নাছিল মৰিয়নি । কিন্তু এইবাৰ মৰিয়নিৰ পৰিবেশ পৰিস্থিতি সুকীয়া । মৰিয়নিত এইবাৰ সমুখ সমৰত নামিবলৈ ওলাইছে "ধনু" আৰু "মাইনা" । আপুনি হয়তো ভাবিব কোন "ধনু" ! "মাইনা" আকৌ কোন ! সৌ সিদিনালৈকে মৰিয়নিত কংগ্ৰেছৰ ধ্বজা উৰুৱাই থকা ৰূপজ্যোতি কুৰ্মী সমষ্টিত জনপ্ৰিয় "ধনু" নামেৰে ।

পিছে ধনুৱে এইবাৰ উপ-নিৰ্বাচনত কংগ্ৰেছৰ ধ্বজা নুৰুৱাই । হাতত পদুম লৈ বিজেপিৰ প্ৰাৰ্থী হিচাপেহে ধনু নামিছে উপ-নিৰ্বাচনত । ইপিনে, কংগ্ৰেছে তিনি দশকজুৰি ধৰি ৰখা মৰিয়নিত এই উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব দিছে লোহিত কোঁৱৰ ওৰফে অভিজিৎ ওৰফে "মাইনা" ক । ধনু আৰু মাইনা পুৰণি বন্ধু । কিন্তু এতিয়া ৰাজনৈতিক শত্ৰু ।

বিগত প্ৰতিটো নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ সৈতে ছাঁৰ দৰে লাগি থাকি সহায় কৰি আহিছিল লোহিত কোঁৱৰে । বহুতে ক’ব খোজে যোৱা সময়চোৱাত ৰূপজ্যোতিৰ প্ৰতিটো বিজয়ৰ আৰত আছিল লোহিত কোঁৱৰ । একেদৰে প্ৰাৰ্থিত্ব পায়েই লোহিত কোঁৱৰেও মন্তব্য কৰিছে যে, যোৱা নিৰ্বাচন সমূহত ৰূপজ্যোতি কুৰ্মী বুলি ৰাইজে ভোট দিয়া নাছিল । দিছিল কংগ্ৰেছ বুলিহে ।

সেয়েহে এইবাৰৰ উপ-নিৰ্বাচনত তেওঁ ত্ৰিশ হাজাৰ মানতকৈ অধিক ভোট নাপায় বুলিও দাবী কৰিছে একালৰ ৰূপজ্যোতিৰ সোঁ হাতস্বৰূপ লোহিত কোঁৱৰে ।

লগতে পঢ়কঃ চৰকাৰৰ প্ৰতাৰণা-প্ৰবঞ্ছনা : জংঘললৈ যোৱাৰ হংকাৰ ২৭ হেজাৰ গৃহৰক্ষী জোৱানৰ

Last Updated :Oct 6, 2021, 9:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.