ETV Bharat / state

Bhupen Bora On Cross Voting: ক্ৰছ ভোটিঙৰ সন্দৰ্ভত দলীয় নেতা কৰ্মীক মুখ বন্ধ ৰাখিবলৈ অনুৰোধ ভূপেন বৰাৰ

author img

By

Published : Jul 29, 2022, 2:17 PM IST

Bhupen Bora On Cross Voting
ক্ৰছ ভোটিঙৰ সন্দৰ্ভত দলীয় নেতা কৰ্মীক মুখ বন্ধ ৰাখিবলৈ অনুৰোধ ভূপেন বৰাৰ

ৰাষ্ট্ৰপতি নিৰ্বাচনত হোৱা ক্ৰছ ভোটিঙৰ বিতৰ্কই এতিয়াও লগ এৰা নাই কংগ্ৰেছক ৷ ক্ৰছ ভোটিঙৰ সন্দৰ্ভত সংবাদ মাধ্যম বা অন্যান্য প্ৰচাৰ মাধ্যমত কোনো ধৰণৰ বক্তব্য দাঙি নধৰিবলৈ সভাপতি বৰাই সকলো দলীয় নেতা-কৰ্মীক সতৰ্ক কৰি দিয়ে (Bhupen Bora urged party leaders to keep shut their mouths) ৷

গুৱাহাটী, ২৯ জুলাই: "মই দলৰ প্ৰতিগৰাকী নেতা-কৰ্মীক টানি অনুৰোধ জনাইছো যে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিঙৰ বিষয়টো ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিচাৰধীন ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে নিজৰ স্থিতি ৰাজহুৱাভাৱে ইতিমধ্যে ব্যক্ত কৰিছে ৷ সেয়েহে এই বিষয়টো সম্পৰ্কত সাংসদ, বিধায়ক, নেতা, কৰ্মীৰ পৰা আমি দলে কোনো দিহা পৰামৰ্শ বা মতামত বিচৰা নাই ৷ সেইকাৰণে প্ৰত্যেকগৰাকী নেদা কৰ্মীক এই ক্ৰছ ভোটিঙৰ বিষয়টোৰ পৰা বিৰত থাকিবৰ কাৰণে মই অনুৰোধ জনাইছো ৷" ক্ৰছ ভোটিঙৰ সন্দৰ্ভত দলীয় নেতা কৰ্মীক মুখ বন্ধ ৰাখিবলৈ অনুৰোধ ভূপেন বৰাৰ (Bhupen Bora urged party leaders to keep shut their mouths) ৷

ৰাষ্ট্ৰপতি নিৰ্বাচনত হোৱা ক্ৰছ ভোটিঙৰ বিতৰ্কই এতিয়াও লগ এৰা নাই কংগ্ৰেছক (Presidential Election 2022) ৷ কংগ্ৰেছৰ ছয়জন বিধায়কে ক্ৰছ ভোটিং কৰা বুলি দলটো নিশ্চিত হোৱাৰ পাছত বিষয়টো কংগ্ৰেছ হাইকামাণ্ড নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ বিচাৰাধীন হৈ আছে (Bhupen Bora On Cross Voting)৷

ক্ৰছ ভোটিঙৰ সন্দৰ্ভত দলীয় নেতা কৰ্মীক মুখ বন্ধ ৰাখিবলৈ অনুৰোধ ভূপেন বৰাৰ

নতুন দিল্লীৰ পৰা শুকুৰবাৰে তিনিদিনীয়া কাশী ভ্ৰমণলৈ ওলোৱাৰ প্ৰাকক্ষণত সভাপতি বৰাই কয় যে কংগ্ৰেছ সকলো সাংসদ, বিধায়ক, দলীয় নেতা তথা বিষয়ববীয়া এই বিষয়ত সংযত হোৱা উচিত ৷ তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ ক্ৰছ ভোটিং সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত দিবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে বিচাৰ-বিবেচনা কৰি আছে (Congress MLA cross voting In Presidential election)৷ সেয়ে এই বিশেষ বিষয়টোক লৈ সংবাদ মাধ্যম বা অন্যান্য প্ৰচাৰ মাধ্যমত কোনো ধৰণৰ বক্তব্য দাঙি নধৰিবলৈ সভাপতি বৰাই সকলো দলীয় নেতা-কৰ্মীক সতৰ্ক কৰি দিয়ে ৷

উল্লেখ্য যে ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যৰ মুঠ 22 জন বিৰোধী দলৰ বিধায়কে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক (NDA Candidate Draupadi Murmu) ভোট দিছিল ৷ যাকলৈ বিৰোধীৰ মাজত বোকা ছটিওৱাৰ ৰাজনীতি এতিয়াও অব্যাহত আছে ৷ লক্ষণীয় বিষয় যে বিৰোধী শিবিৰৰ পৰা 42 জন বিধায়কে ভোট দিছিল মুৰ্মুক ৷

আনহাতে বিৰোধী দলৰ প্ৰাৰ্থী যশৱন্ত সিনহাই অসমৰ বিৰোধী শিবিৰৰ পৰা লাভ কৰিছিল মাত্ৰ 20 জন বিধায়কৰ ভোট৷ বাকী 22 জন বিৰোধী শিবিৰৰ বিধায়কে ক্ৰছ ভোটিঙৰ দ্বাৰা দ্ৰৌপদী মুৰ্মুক জয়ী কৰাত সহায় কৰিছিল । কংগ্ৰেছে জনোৱা অনুসৰি তেওঁলোকৰ দলৰ ছয়জন বিধায়কে ক্ৰছ ভোট কৰিছে ৷ ইতিমধ্যে সেই 6 জন বিধায়কৰ নাম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ হাইকামাণ্ডক দিয়া বুলি মন্তব্য প্ৰকাশ কৰিছিল ৷ এইক্ষেত্ৰত হাইকামাণ্ডৰ সিন্ধান্তই শেষ সিদ্ধান্ত হ'ব বুলি বৰাই জনাইছিল ৷

লগতে পঢ়ক: Cross Voting in President Election: ক্ৰছ ভোটিং কৰাসকলক কঠোৰ সকিয়নী জীতেন্দ্ৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.