ETV Bharat / state

Guwahati double murder: হত্য়াকাণ্ড সংঘটিত কৰাৰ অভিযোগ নাকচ বন্দনা কলিতাৰ

author img

By

Published : Jun 8, 2023, 10:29 PM IST

Guwahati double murder
Guwahati double murder

‘মই হত্যা কৰা নাই’- এই মন্তব্য স্বামী আৰু শাহুৱেক হত্যাৰ গোচৰত জে’ল হাজোতত থকা বন্দনা কলিতাৰ ৷ বৃহস্পতিবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হয় বন্দনা কলিতাক ৷ বন্দনাত লগত আছিল হত্যাকাণ্ডৰ দুই সহযোগী অৰূপ আৰু ধনটি (Guwahati double murder case) ৷

হত্য়াকাণ্ড সংঘটিত কৰাৰ অভিযোগ নাকচ বন্দনা কলিতাৰ

গুৱাহাটী, 8 জুন: পুনৰ বিশেষ আদালতত বৃহস্পতিবাৰে হাজিৰ কৰা হয় বন্দনা কলিতাক ৷ বন্দনাৰ বিৰুদ্ধে আছে স্বামী আৰু শাহু হত্যাৰ অভিযোগ৷ আদালতত হাজিৰ কৰা সময়ত সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত ‘মই হত্যা কৰা নাই’ বুলি পুনৰ সেই একেই ভাষ্য বন্দনা কলিতাৰ ৷ সময়ত সকলো খুলি কোৱাৰ ইংগিত দিলে বন্দনা কলিতাই (Bandana Kalita case) ৷

ইতিমধ্যে বন্দনাৰ বিৰুদ্ধে দাখিল হৈছে ১৬৩০ পৃষ্ঠাৰ চাৰ্জশ্বীট৷ বন্দনাৰ লগতে হাজিৰ আন দুই অভিযুক্ত অৰূপ আৰু ধনটি ৷ উল্লেখ্য যে নুনমাটি আৰক্ষীয়ে যোৱা 14 মে’ত ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰা নাৰেংগীৰ দ্বৈত হত্যাকাণ্ডৰ সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰিছিল (Bandana Kalita produced in court) । প্ৰমাণৰ নথি-পত্ৰসহ আদালতত দাখিল কৰা অভিযোগনামাত নুনমাটি আৰক্ষীয়ে স্পষ্টভাৱে উল্লেখ কৰে যে সম্পত্তি আৰু পৰকীয়া প্ৰেমৰ বাবেই দুই সহযোগীৰে মিলি বন্দনা কলিতাই শাহুৱেক শংকৰী দে’ আৰু স্বামী অমৰজ্যোতি দে’ক শীতল মস্তিষ্কৰে পৰিকল্পিতভাৱে হত্যা কৰিছিল (Bandana Kalita murder case update) ৷

80 দিনীয়া ধাৰাবাহিক তদন্ত প্ৰক্ৰিয়াৰ অন্তত আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে । উল্লেখ্য যে বন্দনা কলিতাই স্বামী আৰু শাহুক হত্যা কৰি পিচত দাৰে টুকুৰা টুকুৰ কৰি পলিথিনত ভৰাই মেঘালয়ৰ ডাউকী ৰোডৰ পাহাৰীয়া অঞ্চলৰ প্ৰায় ৫০/৬০ ফুট দ খাৱৈত পেলাই দিছিল ৷ ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ৭ মাহ পিচত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল এই নৃশংস হত্যাকাণ্ডৰ কথা (Double murder in Guwahati) ৷

মহানগৰীৰ নাৰেংগী এছ বি আই বেংকৰ সমীপৰ বাসিন্দা অমৰজ্যোতি দে’ কেইবছৰমান পূৰ্বে বন্দনা কলিতা নামৰ এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ বিয়াৰ কিছুদিনলৈ স্বামী-স্ত্ৰীৰ সম্পৰ্ক ঠিকে আছিল যদিও অধিক উচ্চাকাংক্ষী পত্নী বন্দনাৰ সৈতে ধনটি ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল ৷ এই কথাক লৈ স্বামী অমৰজ্যোতি দে’ আৰু বন্দনাৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল ।

ইফালে অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দে’ৰ নামত মহানগৰীৰ চান্দমাৰী অঞ্চলত পাঁচটা অট্টালিকা আছিল । তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বসবাস কৰি আছিল । ইয়াৰে অন্য চাৰিটা অট্টালিকা ভাড়া সংগ্ৰহ কৰি আছিল অমৰজ্যোতি দেৰ মোমায়েকে । ইয়াক লৈয়ো বন্দনা কলিতা ক্ষুণ্ণ হৈ পৰিছিল ।

এনে বিভিন্ন কাৰণতে বন্দনা কলিতা আৰু স্বামী অমৰজ্যোতি দে’ৰ মাজত বিবাহ বিচ্ছেদৰ প্ৰস্তুতি চলি আছিল । এনে সময়তে প্ৰায় ৭ মাহ পূৰ্বে বন্দনাই তেওঁৰ স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ নিৰুদ্দেশ হৈ থকা বুলি নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দিয়ে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সন্ধানহীন সম্পৰ্কীয় গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে ৷

এই তদন্ত চলি থকা সময়তে বন্দনাই দ্বিতীয়খন এজাহাৰ দাখিল কৰি শাহুৰ পাঁচটা একাউন্টৰ ধন অমৰজ্যোতি দেৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ কৰি ঘটনাৰ তদন্ত বিচাৰে আৰক্ষীৰ পৰা ৷ আৰক্ষীয়ে এই পাঁচটা একাউন্টৰ ধন উলিওৱা ঘটনাটো সূক্ষ্মভাৱে তদন্ত কৰি ইয়াৰ এটা একাউন্টৰ পৰা বন্দনাই এ টি এম ব্যৱহাৰ কৰি পাঁচ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে ।

এই তথ্য লাভ কৰাৰ পিচতে আৰক্ষীৰ বন্দনাৰ ওপৰত সন্দেহ ওপজে । পিচত আৰক্ষীয়ে যোৱা ১৭ ফেব্ৰুৱাৰীত বন্দনাক গ্ৰেপ্তাৰ কৰাৰ লগতে ধনটি ডেকা আৰু অৰূপ ডেকা নামৰ দুই সহযোগীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক: Electricity tariff hike: বিদ্যুৎ মাচুলৰ প্ৰসংগত এ পি ডি ছি এলৰ সৈতে তৰ্কযুদ্ধ গৰিমা শইকীয়া গাৰ্গৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.