ETV Bharat / state

Electricity tariff hike: বিদ্যুৎ মাচুলৰ প্ৰসংগত এ পি ডি ছি এলৰ সৈতে তৰ্কযুদ্ধ গৰিমা শইকীয়া গাৰ্গৰ

author img

By

Published : Jun 8, 2023, 8:12 PM IST

Electricity tariff hike
Garima Saikia Garg Facebook post

বিদ্যুৎ বিলৰ প্ৰসংগত এইবাৰ চৰ্চাত গৰিমা শইকীয়া গাৰ্গ ৷ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ এটা ফেচবুক পোষ্টে লগাইছে তোলপাৰ ৷ সেই পোষ্টতে এ পি ডি চি এলৰ সৈতে বাক-বিতণ্ডা হোৱাও দেখা গৈছে গৰিমাৰ (Garima Saikia Garg Facebook post) ৷

গুৱাহাটী, ৮ জুন: বিদ্যুতৰ বৰ্ধিত মাচুলে যে কেৱল সাধাৰণ জনতাকেই জলা-কলা খুৱাইছে তেনে নহয় ৷ সমাজৰ বিভিন্ন স্তৰৰ লোককো বিদ্যুতৰ বিলে প্ৰভাৱিত কৰিছে । বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ অসমত তীব্ৰ বাদানুবাদ চলি থকাৰ মাজতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুতৰ খৰচ কমাবৰ বাবে ফেন বন্ধ কৰি গছৰ তলত আশ্ৰয় লোৱাৰ বাবে অদ্ভুত যুক্তি আগবঢ়াইছিল । এই অদ্ভুত যুক্তিৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ (Garima Saikia Garg argue with APDCL)।

সেই প্ৰতিক্ৰিয়াৰ অংশ স্বৰূপে সামাজিক মাধ্যমত এটা পোষ্ট কৰিছিল গৰিমা শইকীয়া গাৰ্গে । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে পোষ্টটোত বিগত মাহত ১০,৫০০ টকা বিদ্যুতৰ বিল আদায় দিয়াৰ কথা উল্লেখ কৰি কয়, ‘‘এই মাহৰ প্ৰথম ৫ দিনতে ২০০০ মানে মাহৰ শেষলৈ ১২০০০ টকা । বহেমিয়ানৰ ঘৰ বুলি দুটা কোঠাত বেছিভাগ সময় লাইট, ফেনো বন্ধ থাকে । আমাৰ ওচৰত ডাঙৰ গছো নাই ।’’ (Garima Saikia Garg Facebook post)

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ গছৰ প্ৰসংগৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা অদ্ভুত মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । গৰিমা শইকীয়া গাৰ্গৰ পোষ্টটোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে । তেওঁৰ অনুৰাগী তথা সকলো শ্ৰেণীৰ মানুহে কমেণ্ট কৰি শক্তি বিভাগক সমালোচনাৰে থকা-সৰকা কৰে । এই সমালোচনাৰ মাজতেই বৃহস্পতিবাৰে সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গৰ সেই পোষ্টটোত কৰা আন এটা কমেণ্টে ব্যাপক চৰ্চা লাভ কৰিছে (Garima Saikia Garg FB post controversy) ।

লগতে পঢ়ক: Electricity tariff hike: বিদ্যুৎ বেছিকৈ ব্যৱহাৰ কৰিলে বিল বেছিকৈ আহিবই; মুখ্যমন্ত্ৰী

কমেণ্টত প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে শক্তি বিভাগ অৰ্থাৎ এ পি ডি চি এলে । গৰিমা শইকীয়া গাৰ্গে অনা অভিযোগ খণ্ডন কৰি শক্তি বিভাগে কমেণ্টৰ যোগেদি জনায় যে, এপ্ৰিল মাহত ৬,০৯৮ টকা মাছুল পৰিশোধ কৰাৰ বিপৰীতে মে' মাহত ৬,৪৫৯ টকা মাছুল পৰিশোধ কৰিছে গৰিমা শইকীয়া গাৰ্গে । এপ্ৰিলত ৰিচাৰ্জ কৰা নাই বাবে মে'ত দুমাহৰ ৰিচাৰ্জ কৰিবলগীয়া হৈছে (Garima Saikia Garg APDCL argument) ।

পিছে ইমানতে শেষ হোৱা নাই সামাজিক মাধ্যমৰ এই অভিযোগ-প্ৰতিঅভিযোগৰ বিতৰ্ক । শক্তি বিভাগৰ কমেণ্টৰ পাচতেই তথ্য সহকাৰে পুনৰ সামাজিক মাধ্যমতেই প্ৰত্যুতৰ দিলে গৰিমা শইকীয়া গাৰ্গে । নিজৰ বিদ্যুতৰ মাছুল পৰিশোধ কৰা বিল দেখুৱাই গাৰ্গে কয়, ‘‘কিছুমান কথা ভিত্তিহীনভাৱে এনেই কোৱা নাযায় । ৩০০ টকাৰ Balance দেখি ৰাতি ২ বজাত Recharge কৰিছিলোঁ । ৮ জুন তাৰিখ উল্লেখ কৰা আছে । এতিয়া ১৫ ঘণ্টাত বাকী কিমান আছেগৈ, সেয়াও স্পষ্ট হৈ আছে আৰু Recharge নাথাকিলে দেখোন তৎক্ষণাৎ লাইন কাটি দিয়ে । আমাৰো Prepaid connection ৰ জ্ঞান নথকাৰ বাবে বিহু অনুষ্ঠান চলি থকাৰ মাজত সেই অভিজ্ঞতা হৈছে ।’’

Electricity tariff hike
এ পি ডি ছি এলৰ সৈতে তৰ্কযুদ্ধ গৰিমা শইকীয়া গাৰ্গৰ

পোষ্টত আপলোড কৰা বিদ্যুতৰ বিল অনুসৰি জুন মাহৰ ৩ তাৰিখ আৰু ৮ তাৰিখে বিদ্যুতৰ মাছুল ২,০০০ কৈ পৰিশোধ কৰিছে গৰিমা শইকীয়া গাৰ্গে । লক্ষণীয় বিষয় যে, ৰাজ্যত বিদ্যুতৰ বিল বৃদ্ধিৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে । বিশেষকৈ বিল বৃদ্ধিক লৈ বিশ্বজিৎ দৈমাৰীয়ে কৰা তৰল মন্তব্যই এই বিষয়টোক দিছে অন্য এক মাত্ৰা (Zubeen Garg wife) ।

লগতে পঢ়ক: Complaint against Zubeen: কোনে কিয় জুবিন গাৰ্গৰ বিৰুদ্ধে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত দিলে অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.