ETV Bharat / state

Complaint against Zubeen: কোনে কিয় জুবিন গাৰ্গৰ বিৰুদ্ধে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত দিলে অভিযোগ

author img

By

Published : Jun 7, 2023, 4:28 PM IST

জুবিন গাৰ্গৰ বিৰুদ্ধে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত অভিযোগ দাখিল আয়োগৰে প্ৰাক্তন সদস্যা ৰূপা হাজৰিকাৰ । এই সন্দৰ্ভত অভিযোগকাৰী ৰূপা হাজৰিকাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ । চাওক সবিশেষ...

Complaint against Zubeen
complaint filed against Zubeen Garg

Complaint against Zubeen
জুবিন গাৰ্গৰ বিৰুদ্ধে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত অভিযোগ

গুৱাহাটী, ৭ জুন: আইনী মেৰ-পেচত পৰিব পাৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ । কাৰণ শিল্পীগৰাকীৰ বিৰুদ্ধে শিশু সুৰক্ষা আইনৰ অধীনত দাখিল কৰা হৈছে অভিযোগ । অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত দাখিল কৰা হৈছে এই অভিযোগ । আয়োগৰে প্ৰাক্তন সদস্যা ৰূপা হাজৰিকাই দাখিল কৰিছে অভিযোগটো (Complaint filed against Zubeen Garg) ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ দৰে অবিকল আচৰণ কৰি সামজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল এজন কিশোৰ । কিশোৰজনৰ ঘৰ বিশ্বনাথৰ নাহৰণি গাৱঁত । হুবহু জুবিন গাৰ্গৰ দৰে কথা কোৱাৰ উপৰি একেই আদব-কায়দাৰে চৰ্চিত হৈ পৰিছে কিশোৰজন । আনকি বহুকেইখন বিহু মঞ্চলৈও তেওঁ আমন্ত্ৰিত হৈছে জুবিন গাৰ্গৰ আচৰণ প্ৰদৰ্শনৰ বাবে । বহু মঞ্চত তেওঁ জুবিন গাৰ্গৰ অভিব্যক্তিৰে অনুষ্ঠানো কৰিছে । কিশোৰজনৰ দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে যেন সোমাই আছে জুবিন গাৰ্গ (Zubeen Garg teen follower in Assam)।

সকলো সময়তে জুবিনে গাৰ্গক লৈ ব্যস্ত থকা কিশোৰজন বৰ্তমান সময়ত সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত । কিন্তু এই চৰ্চাৰ মাজতে জুবিন গাৰ্গে কৰা এটা মন্তব্যত ভাগি পৰিছে কিশোৰজন । এটা সংবাদ মাধ্যমৰ এক সাক্ষাৎকাৰত জুবিন গাৰ্গক কিশোৰজনৰ প্ৰসংগত প্ৰশ্ন কৰা হৈছিল । তাৰ প্ৰত্যুত্তৰত জুবিন গাৰ্গে কিশোৰজনৰ তেনে কাৰ্যক 'পাগল' বুলি আখ্যা দিছিল । ভগৱানৰ দৰে শ্ৰদ্ধা-ভক্তি কৰা জুবিন গাৰ্গে পাগল বুলি কোৱাৰ পাচত মানসিকভাৱে ভাগি পৰে কিশোৰজন । কান্দি কান্দি কিশোৰজনে জুবিন গাৰ্গৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাও দেখা যায় (Assam Boy act like Zubeen) ।

লগতে পঢ়ক: HBD Ramen Baruah: ঊনৈশ বছৰ বয়সত ছবিজগতত ভৰি দিয়া ৰমেন বৰুৱা কেনেকৈ হ’ল সফল সংগীত পৰিচালক

সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত কিশোৰজনৰ অৱস্থা দেখি শিশু সুৰক্ষা আয়োগত জুবিন গাৰ্গৰ বিৰুদ্ধে মেইল যোগে অভিযোগ দাখিল কৰিলে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰে প্ৰাক্তন সদস্যা ৰূপা হাজৰিকাই । তেওঁ অভিযোগৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগলৈও । এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা ৰূপা হাজৰিকাৰ এক আছুতীয়া সাক্ষাতকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাতকাৰত তেওঁ জুবিন গাৰ্গে কৰা মন্তব্যই কিশোৰজনৰ মানসিকতাত পেলোৱা প্ৰভাৱ সম্পৰ্কে সদৰী কৰে (Zubeen Garg reacts on his followers) ।

ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

তেওঁ কয় যে, জুবিন গাৰ্গৰ মন্তব্যকলৈ কিশোৰজন ভাগি পৰিছে । একপ্ৰকাৰ কিশোৰজনৰ ওপৰত মানসিক অত্যাচাৰ কৰা হৈছে । নৱম মান শ্ৰেণীত পঢ়ি থকা কিশোৰজনে ৰিক্সা চলাই নিজৰ আৰু ঘৰখনৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ জুবিন গাৰ্গক অনুসৰণ কৰি তেওঁৰ অভিব্যক্তি ব্যক্ত কৰে । কিশোৰজনে কোনো অপৰাধ কৰা নাই । জুবিন গাৰ্গে কৰা মন্তব্যৰ কিশোৰজনৰ ওপৰত পৰা প্ৰভাৱৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে তেওঁ আয়োগৰ ওচৰত অভিযোগ দাখিল কৰা বুলি তেওঁ কয় (Zubeen Garg controversy)।

ভৱিষ্যতে যাতে কোনেও এনেদৰে ৰাজহুৱা মঞ্চত এনে ধৰণৰ মন্তব্যৰে কোনো শিশুৰ ওপৰত মানসিক হাৰাশান্তি নকৰে তাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । অৱশ্যে আয়োগৰে প্ৰাক্তন ৰূপা হাজৰিকাৰ অভিযোগক আয়োগে কি ধৰণে গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব (Complaint against Zubeen Garg)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.