ETV Bharat / state

কয়লাৰ নাটনি : অসমতো হ'ব লোড শ্বেডিং !

author img

By

Published : Oct 12, 2021, 8:51 PM IST

as_ghy_02_assam_will_face_load-shedding_7209925
কয়লাৰ নাটনি : অসমতো হ'ব লোড শ্বেডিং !

সৰ্বসাধাৰণ গ্ৰাহকক বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'বলৈ অনুৰোধ জনাইছে এ পি ডি চি এলৰ মুখ্য মহাপ্ৰৱন্ধকে (বাণিজ্যিক)। কয়লাৰ নাটনিৰ বাবে তাপ বিদ্যুৎ প্ৰকল্পসমূহ চলাব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত দেশত বিদ্যুতৰ সংকটৰ সৃষ্টি হৈছে ।

গুৱাহাটী, 12 অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ সময়ত অসম অন্ধকাৰত নিমজ্জিত হোৱাৰ আশংকাই দেখা দিছে । দেশত উদ্ভৱ হোৱা কয়লাৰ নাটনিৰ বাবেই এই সংকটে দেখা দিছে । ৰাজ্যবাসীয়ে আনন্দ-উৎসৱৰ এই পৰিৱেশৰ মাজতে হয়তো অধিক সময়েই থাকিব লাগিব অন্ধকাৰৰ মাজত ।

as_ghy_02_assam_will_face_load-shedding_7209925
কয়লাৰ নাটনি : অসমতো হ'ব লোড শ্বেডিং !

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এলে জাৰি কৰা এক ৰাজহুৱা জাননীৰ জৰিয়তে এই বিষয়ে আগতীয়াকৈ ৰাইজক অৱগত কৰিছে । বিশ্বৰ আন আন দেশৰ লগতে ভাৰততো কয়লাৰ নাটনি হোৱাৰ বাবে আগন্তুক সময়ত বিদ্যুৎ সেৱা ব্যাহত হৈ পৰাৰ আশংকাই দেখা দিছে । দেশৰ বাকী অংশৰ দৰে অসমো এই বিদ্যুৎ সংকটৰ গৰাহত পৰিব ।

as_ghy_02_assam_will_face_load-shedding_7209925
কয়লাৰ নাটনি : অসমতো হ'ব লোড শ্বেডিং !

এ পি ডি চি এলে এক জাননীৰ জৰিয়তে ঘোষণা কৰিছে যে, তাৎক্ষণিকভাৱে বিদ্যুৎ কৰ্তন কৰা হ’ব পাৰে । সঘনাই বিদ্যুৎ কৰ্তন কৰা হ’ব পাৰে । এই অসুবিধাৰ সৈতে সন্মুখীন হ'বৰ বাবে সকলোকে সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছে এ পি ডি চি এলে ।

as_ghy_02_assam_will_face_load-shedding_7209925
কয়লাৰ নাটনি : অসমতো হ'ব লোড শ্বেডিং !

সৰ্বসাধাৰণ গ্ৰাহকক বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'বলৈও অনুৰোধ জনাইছে এ পি ডি চি এলৰ মুখ্য মহাপ্ৰৱন্ধকে (বাণিজ্যিক)। কয়লাৰ নাটনিৰ বাবে তাপ বিদ্যুৎ প্ৰকল্পসমূহ চলাব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত দেশত বিদ্যুতৰ সংকটৰ সৃষ্টি হৈছে । অসমক প্ৰায় পিক আৱাৰত ২১০০ মেগাৱাটৰ বিদ্যুৎ প্ৰয়োজন হয় । কেন্দ্ৰীয় প্ৰকল্প আৰু মুকলি বজাৰৰ বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল অসমে নিজাকৈ দৈনিক মাত্ৰ ৩৪০-৩৭০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰে । ইয়াৰ বিপৰীতে প্ৰায় ১৭০০ মেগাৱাট বিদ্যুৎ কেন্দ্ৰীয় প্ৰকল্প আৰু মুকলি বজাৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয় ।

লগতে পঢ়ক : প্ৰশান্ত ফুকনৰ অকপট স্বীকাৰোক্তি; ৰাজনৈতিক স্বাৰ্থত হে কৰিছিল মূল্যবৃদ্ধিৰ প্ৰতিবাদ

কয়লাৰ নাটনি : অসমতো হ'ব লোড শ্বেডিং !

প্ৰাপ্ত তথ্য মতে, অসমে দৈনিক প্ৰায় ১২০০ মেগাৱাট বিদ্যুৎ কেন্দ্ৰীয় প্ৰকল্পৰ পৰা আৰু ৩৫০-৫০০ মেগাৱাট বিদ্যুৎ মুকলি বজাৰৰ পৰা ক্ৰয় কৰে । কিন্তু এতিয়া মুকলি বজাৰত বিদ্যুতৰ দাম হঠাতে বৃদ্ধি পাইছে । স্বাভাৱিক সময়ত মুকলি বজাৰত প্ৰতি ইউনিট বিদ্যুতৰ মূল্য আছিল ৪-৫ টকা । এতিয়া সেই মূল্য বৃদ্ধি হৈ ২০-২৫ টকা হৈছে ।

এনে প্ৰেক্ষাপটত মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাটো এ পি ডি চি এল (APDCL)ৰ বাবে প্ৰত্যাহ্বানজনক হৈ পৰিছে । ইফালে কেন্দ্ৰীয় প্ৰকল্পসমূহৰ বিদ্যুতৰ উৎপাদন হ্ৰাস পাইছে । ফলত কেন্দ্ৰীয় প্ৰকল্পৰ পৰাও চাহিদা অনুপাতে বিদ্যুৎ ক্ৰয় কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিছে । এনে এক পৰিস্থিতিত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিদ্যুতৰ অভাৱনীয় নাটনি হৈছে । যাৰ বাবে এ পি ডি চি এলে ৰাজহুৱা জাননী জাৰি কৰি বিদ্যুতৰ সংকটৰ কথা প্ৰকাশ কৰাৰ লগতে বিদ্যুৎ কৰ্তন তথা লোড শ্বেডিং হ'ব বুলি সতৰ্কবাণী শুনাবলগীয়া হৈছে ।

এই জাননীতে স্পষ্ট হৈ পৰিছে ৰাজ্যৰ বিদ্যুৎ সংকটৰ কথা । লক্ষণীয় বিষয় যে, দেশত কয়লাৰ নাটনি হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ বিপৰীতে এ পি ডি চি এলে প্ৰকাশ কৰা ৰাজহুৱা জাননীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে, দেশত উৎপাদিত মুঠ কয়লাৰ প্ৰায় ৭০ শতাংশ তাপবিদ্যুৎ প্ৰকল্প সমূহত ব্যৱহাৰ হয় । অসমসহ উত্তৰ-পূৰ্বাঞ্চলতো কয়লাৰ এখন বৃহৎ উৎপাদন ক্ষেত্র আছে । কিন্তু বৰ্তমান এই ক্ষেত্ৰসমূহ বন্ধ হৈ আছে । উত্তৰ-পূৰ্বাঞ্চলত দুই ধৰণৰ কয়লা পোৱা যায় । ইয়াৰে GONDWANA বিধত কাৰ্বনৰ পৰিমান ৬০ ৰ পৰা ৯০ শতাংশ আৰু ইয়াৰ উৎপাদন হয় ১০৫ মিলিয়ন টন ।

লগতে পঢ়ক : ৰাজকন্যাৰ বাবে বিপদত পৰিব নেকি হোটেল তাজ ভিভাণ্টা ?

আনহাতে, আনবিধ TERTIARY ত কাৰ্বনৰ পৰিমান ৩০ ৰ পৰা ৫০ শতাংশ আৰু ইয়াৰ উৎপাদন হয় ১৪৯২ মিলিয়ন টন । দেশত দৈনিক প্ৰয়োজন হোৱা বিদ্যুতৰ পৰিমান হৈছে ৩,৮৮,১৩৪ মেগাৱাট । ইয়াৰে ২,০২,৮০৫ মেগাৱাট বিদ্যুৎ তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ পৰা আহে । দেশৰ বিদ্যুতৰ চাহিদা পূৰণৰ ক্ষেত্রত তাপ বিদ্যুৎ প্ৰকল্পসমূহৰ বিশেষ গুৰুত্ব আছে ।

উল্লেখ্য যে, নেচনেল থাৰ্মেল পাৱাৰ ক'ৰ্পৰেচনে পাঁচটা তাপ বিদ্যুৎ প্ৰকল্প পৰিচালনা কৰাৰ বিপৰীতে আন পাঁচটা ব্যক্তিগত খণ্ডই পৰিচালনা কৰে । দেশৰ চাহিদাৰ ৬৫ শতাংশ বিদ্যুৎ তাপবিদ্যুৎ প্ৰকল্পসমূহৰ যোগেদি আহে । আনহাতে তাপ বিদ্যুৎ প্ৰকল্পসমূহ চলাবলৈ প্ৰয়োজন হোৱা কয়লাৰ পৰিমান হৈছে ৮৫ শতাংশ।

নেচনেল থাৰ্মেল পাৱাৰ ক'ৰ্পৰেচনে পাঁচটা তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে অসম, মেঘালয় আৰু নাগালেণ্ডৰ পৰা ক্ৰয় কৰে। লক্ষণীয় বিষয় যে অসমসহ উত্তৰ-পূৰ্বাঞ্চলত কয়লাৰ খনন বৰ্ত্তমান বন্ধ হৈ আছে। মেঘালয়ত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিষেধাজ্ঞাৰ পাছত কয়লাৰ খনন দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ পাছত শেহতীয়াকৈ তিনিটা ব্লক খুলি দিয়া হৈছিল যদিও বিভিন্ন সংগঠনৰ প্ৰতিবাদৰ বাবে পুনৰ বন্ধ কৰি দিয়া হয় ।

সেইদৰে অসমৰ লিডু-মাৰ্ঘেৰিটাত বন্ধ হৈ আছে ৰেট হোল মাইনিং। তেনেস্থলত কয়লাৰ অভাৱত তাপ বিদ্যুৎ প্ৰকল্পসমূহ সংকটৰ সন্মুখীন হোৱাৰ লগে লগে বিদ্যুতৰ সংকট হোৱাটো স্বাভাৱিক । ইফালে কয়লাৰ নাটনিক লৈ অসমত বিদ্যুতৰ নাটনি হোৱাৰ কোনো কাৰণ নাই বুলি যুক্তি দাঙি ধৰিছে এ ই জি চি এলৰ প্ৰাক্তন সঞ্চালক অভিজিৎ মজুমদাৰে ।

ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত মজুমদাৰে কয় যে, অসমত এটাই তাপ বিদ্যুৎ প্ৰকল্প আছে আৰু যাৰ উৎপাদন ক্ষমতা তেনেই সামান্য । উত্তৰ-পূৰ্বাঞ্চলৰ জলবিদ্যুৎ প্ৰকল্প সমূহত পৰ্যাপ্ত বিদ্যুৎ উৎপাদন হয় আৰু এই বিদ্যুৎ ক্ৰয় কৰি অসমৰ বিদ্যুতৰ চাহিদা পূৰণ কৰাৰ সুবিধা আছে যদিও কৰা হোৱা নাই বুলি তেওঁ কয় । কয়লাৰ কাৰণে উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি খণ্ড প্ৰভাৱিত নহয় বুলি তেওঁ কয় ।

লগতে পঢ়ক : পিছুৱাই দিয়া হৈছে ৰাজ্যিক টেট পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.