পিছুৱাই দিয়া হৈছে ৰাজ্যিক টেট পৰীক্ষা

author img

By

Published : Oct 12, 2021, 2:19 PM IST

tet-exam-date-has-postponed
টেট পৰীক্ষাৰ দিন স্থগিত ()

2021 বৰ্ষৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষা(TET) চলিত বৰ্ষৰ 31 অক্টোবৰত অনুষ্ঠিত হ’ব ৷ পূৰ্বে 24 অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাজ্যৰ টেট পৰীক্ষা ৷

গুৱাহাটী, 12 অক্টোবৰ : ঘোষণা কৰা হৈছে ৰাজ্যৰ টেট পৰীক্ষা(TET)ৰ নতুন সময়সূচী ৷ পূৰ্বে 24 অক্টোবৰত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ কিন্তু পুনৰ নতুন সময়সূচী ঘোষণা কৰিছে শিক্ষামন্ত্ৰীয়ে । শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু(Ranoj Pegu)ৱে মঙলবাৰে টুইটাৰযোগে টেট পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া নতুন সময়সূচী ঘোষণা কৰে ।

  • TET for LP and UP Level-2021 will be held on 31st October, 2021. Earlier it was scheduled to be held on 24th October, 2021. pic.twitter.com/Tq4fOHmA5e

    — Ranoj Pegu (@ranojpeguassam) October 12, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে শিক্ষা বিভাগ(Education Department)য়েও এই সন্দৰ্ভত জাননী জাৰি কৰিছে । 2021 বৰ্ষৰ নিম্ন প্ৰাথমিক(LP Level) আৰু উচ্চ প্ৰাথমিক(UP Level)ৰ টেট পৰীক্ষা এই বৰ্ষৰ 31 অক্টোবৰত অনুষ্ঠিত হ’ব বুলি শিক্ষামন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ৰাজ্যৰ 17 টা ভ্ৰাম্যমান গোষ্ঠীলৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহায্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.