ETV Bharat / state

Power tariff hike in Assam: বিদ্যুৎ মাচুল বৃদ্ধি বিৰুদ্ধে আন্দোলন ঘোষণা অসম তৃণমূল কংগ্ৰেছৰ

author img

By

Published : Jan 30, 2023, 7:11 PM IST

ফেব্ৰুৱাৰী মাহত ৰাজ্যবাসীয়ে পুনৰ প্ৰতি ইউনিট বিদ্যুৎ মাচুলৰ বাবে দিব লাগিব অতিৰিক্ত 20 পইচা ৷ APDCLৰ এই সিদ্ধান্তৰ বিৰোধিতা অসম তৃণমূল কংগ্ৰেছৰ ৷ বিদ্যুৎ মাচুল বৃদ্ধি হ্ৰাস নকৰিলে আন্দোলন কৰাৰ ঘোষণা অসম তৃণমূল কংগ্ৰেছৰ (Power tariff hike in Assam) ৷

Power tariff hike in Assam
বিদ্যুৎ মাচুল বৃদ্ধি বিৰুদ্ধে আন্দোলন ঘোষণা অসম তৃণমূল কংগ্ৰেছৰ

বিদ্যুৎ মাচুল বৃদ্ধি বিৰুদ্ধে আন্দোলন ঘোষণা অসম তৃণমূল কংগ্ৰেছৰ

গুৱাহাটী, 30 জানুৱাৰী: ৰাজ্য চৰকাৰে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে আন্দোলন ঘোষণা অসম তৃণমূল কংগ্ৰেছৰ (Assam Trinamool Congress) ৷ ফেব্ৰুৱাৰী মাহৰ পৰা প্ৰতি ইউনিটত 20 পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDC য়ে ৷ ইতিমধ্যেই এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে এ পি ডি চি এলে (Power tariff hike in Assam) ৷

সোমবাৰে গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰাৰ কথা সদৰী কৰে অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ ‌সম্পাদক দিলীপ শৰ্মাই (Trinamool Congress opposes power tariff hike) ৷ তেওঁ কয় যে, গ্ৰাহকৰ মূৰত পুনৰ মাধমাৰ শোধাবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে এ পি ডি চি এলে ৷ যাৰ বাবে ফেব্ৰুৱাৰী মাহত অতিৰিক্ত মাচুল আদায় দিব লাগিব গ্ৰাহকে ৷ চৰকাৰে শীঘ্ৰে বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিব লাগে ৷ অন্যথা ইয়াৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য ল’ব অসম তৃণমূল কংগ্ৰেছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, নবেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত গ্ৰাহকে প্ৰতি ইউনিটত 30 পইচাকৈ অতিৰিক্ত মাচুল আদায় দি আছে ৷ ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্ৰাইচ এডজাষ্টমেণ্টৰ (Fuel and power purchase price adjustment) নামত অৰ্থাৎ খাৰুৱা তেলৰ দাম বৃদ্ধিৰ অজুহাতত সৰ্বসাধাৰণৰ পৰা অতিৰিক্তভাৱে মুঠ 50 পইচাকৈ নিৰিখ সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত লৈছে APDCL য়ে (Assam Power Distribution Company Limited)।

কেৱল সিমানেই নহয়, ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে অতিৰিক্ত বিদ্যুৎ মাচুল আদায় দিয়াৰ পাচত ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে আকৌ এপ্ৰিলৰ পৰা বছৰেকীয়া বিদ্যুৎ মাচুল বৃদ্ধিৰ বোজাও বহন কৰিব লাগিব (Electricity price hike in Assam) । জানিব পৰা মতে, এ পি ডি চি এলে প্ৰতি ইউনিটত 1 টকাকৈ বছৰেকীয়া মাচুল বৃদ্ধিৰ বাবে নিয়ামক আয়োগৰ ওচৰত আবেদন জনাই থৈছে । এ পি ডি চি এলে প্ৰায় 900 কোটি টকাৰ ৰাজহ ঘাটি পূৰাবলৈ নিয়ামক আয়োগৰ ওচৰত আবেদন দাখিল কৰি থৈছে এই আবেদন ।

ইফালে সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ ‌সম্পাদক দিলীপ শৰ্মাই (TMC Dilip Sharma) লগতে কয় যে, নিউয়ৰ্কস্থিত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত গৌতম আদানি নেতৃত্বাধীন গ্ৰুপটোক ‘ষ্টক জালিয়াতি আৰু একাউণ্টিং জালিয়াতিৰ সৈতে মুকলিকৈ জড়িত’ বুলি অভিযোগ কৰা হৈছে । কোম্পানীটোৰ এই অভিযোগৰ পিচত বিভিন্ন ব্যৱসায়ৰ সৈতে জড়িত গ্ৰুপটোৰ তালিকাভুক্ত কোম্পানীবোৰৰ শ্বেয়াৰ মূল্য যথেষ্ট হ্ৰাস হৈছে ।

লগতে তেওঁ কয়, ‘‘আমেৰিকাৰ বিত্তীয় গৱেষণা কোম্পানী হিণ্ডেনবাৰ্গ ৰিছাৰ্চে কৈছে যে, তেওঁলোক তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত সম্পূৰ্ণ অটল হৈ আছে । গৌতম আদানি নেতৃত্বাধীন গ্ৰুপে কৰা ‘ষ্টক জালিয়াতি আৰু একাউণ্টিং জালিয়াতি’ৰ বাবে দেশৰ বিত্তমন্ত্ৰীয়ে নৈতিক দায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰা উচিত ।’’ লগতে, বি টি আৰ চুক্তি সঠিকভাৱে কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় তৃণমূল কংগ্ৰেছে ।

লগতে পঢ়ক: Power tariff to be hiked : ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.