ETV Bharat / state

Power tariff to be hiked : ফেব্ৰুৱাৰীৰ পৰা প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুৎ মাচুল

author img

By

Published : Jan 29, 2023, 2:03 PM IST

খাৰুৱা তেলৰ দাম বৃদ্ধিৰ অজুহাতত পুনৰ মাচুল বৃদ্ধি APDCLৰ (Power tariff hiked in Assam)। চলিত বিত্তীয় বৰ্ষত তিনিবাৰকৈ মাচুল বৃদ্ধি কৰাৰ পাছত ফেব্ৰুৱাৰীত দুমাহত চতুৰ্থ বাৰলৈ প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধি । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজহ ঘাটিত দোহাই দি বিদ্যুতৰ মাচুল প্রতি ইউনিটত ১.৮০ টকাকৈ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগত দাখিল কৰা প্ৰস্তাৱৰ শীঘ্ৰে হ'ব ৰাজহুৱা শুনানি ।

Power tariff to be hiked
প্ৰতি ইউনিটত ৫০ পইচাকৈ বৃদ্ধি পাব বিদ্যুৎ মাচুল

গুৱাহাটী,২৯ জানুৱাৰী : থমকি ৰোৱা নাই ৰাজ্যৰ শক্তি বিভ‍াগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL)। পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL ready to increase power tariff)। পহিলা ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ পুনৰ বৃদ্ধি পাব বিদ্যুতৰ মাচুল । এইবাৰ প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে ফুৱেল এণ্ড পাৱাৰ পাৰ্ছেছ প্রাইচ এডজাষ্টমেণ্টৰ (Fuel and power purchase price adjustment) নামত অৰ্থাৎ খাৰুৱা তেলৰ দাম বৃদ্ধিৰ অজুহাতত সৰ্বসাধাৰণৰ পৰা অতিৰিক্তভাৱে ৫০ পইচাকৈ নিৰিখ সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে ।

এই সন্দৰ্ভত জাননী প্ৰকাশ কৰিছে এ পি ডি চি এল কৰ্তৃপক্ষই । উল্লেখ্য যে, এফ পি পি পি এৰ নামত নৱেম্বৰ মাহত প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে বৃদ্ধি কৰা হৈছিল ৩০ পইচাকৈ (Power tariff hiked in Assam)। নৱেম্বৰৰ পৰা চলিত জানুৱাৰীলৈ বিদ্যুৎ গ্রাহকসকলে এফ পি পি পি এৰ নামত প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে অতিৰিক্তভাৱে আদায় দি আহিছে ৩০ পইচাকৈ । কিন্তু এতিয়া পহিলা ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এফ পি পি পি এৰ নামত গ্ৰাহকৰ পৰা আদায় কৰা হ'ব অতিৰিক্ত ৫০ পইচাকৈ নিৰিখ ।

লক্ষ্যনীয় বিষয় যে বিজেপি চৰকাৰৰ আমোলত পেট্র'ল-ডিজেল, ৰন্ধন গেছকে ধৰি নিত্যব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক ত্রাহি মধুসূদন সোঁৱৰাই আহিছে (Price hike in Assam)। ইয়াৰ সমান্তৰালকৈ ধাৰাবাহিক বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাইজক জলা-কলা খুৱাইছে চৰকাৰে । মূল্যবৃদ্ধিত অতিষ্ঠ জনসাধাৰণে ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছে যদিও চৰকাৰৰ এইবোৰলৈ যেন কোনো কাণসাৰ নাই ।

নৱেম্বৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এফ পি পি পি এৰ নামত প্রতি ইউনিট বিদ্যুতৰ বিপৰীতে বৃদ্ধি কৰিছিল ৩০ পইচাকৈ । ইয়াক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্র প্রতিক্ৰিয়াৰ । কিন্তু এনে প্রতিক্রিয়া, প্রতিবাদ তথা আপত্তিলৈ কেৰেপ নকৰি এইবাৰ পুনৰ এফ পি পি পি এৰ নামত বিদ্যুৎ নিৰিখ বৃদ্ধি কৰা কাৰ্য বিশেষভাৱে লক্ষণীয় হৈ পৰিছে ।

উল্লেখ্য যে ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি এ পি ডি চি এলয়ে প্রতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে চৰকাৰলৈ ইতিপূৰ্বে প্ৰেৰণ কৰা প্ৰস্তাৱত সেউজ সংকেত দিছে দিছপুৰে । যাৰ পৰিপ্ৰেক্ষিতত পহিলা ফেব্ৰুৱাৰীৰ পৰা অতিৰিক্তভাৱে ৫০ পইচাকৈ নিৰিখ প্ৰযোজ্য কৰা হ'ব । এ পি ডি চি এল কৰ্তৃপক্ষই ইন্ধনৰ মূল্য বৃদ্ধিৰ দোহাই দি চলিত বিত্তীয় বৰ্ষত তিনিবাৰকৈ মাচুল বৃদ্ধি কৰাৰ পাচত ফেব্ৰুৱাৰী দুমাহৰ বাবে চতুৰ্থ বাৰলৈ প্ৰতি ইউনিটত ৫০ পইচাকৈ মাচুল বৃদ্ধিৰ বাবে সাজু হৈছে ।

লক্ষ্যনীয়ভাৱে ইয়াৰ পূৰ্বে এ পি ডি চি এল কৰ্তৃপক্ষই দুবাৰ প্ৰতি ইউনিটৰ বিপৰীতে ৩০ পইচাকৈ আৰু এবাৰ ৬০ পইচাকৈ মাচুল বৃদ্ধি কৰিছিল । আনহাতে আগন্তুক বিত্তীয় বর্ষ অর্থাৎ ২০২৩-২৪ বৰ্ষৰ বাবেও অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে ৰাজহ ঘাটিত দোহাই দি বিদ্যুতৰ মাচুল প্রতি ইউনিটত ১.৮০ টকাকৈ বৃদ্ধিৰ বাবে বিদ্যুৎ নিয়ামক আয়োগত প্ৰস্তাৱ দাখিল কৰিছে (Power tariff in Assam)। নিয়ামক আয়োগে শীঘ্ৰে ৰাজহুৱা শুনানি গ্ৰহণ কৰি মাচুল বৃদ্ধিৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব ।

আগন্তুক বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰাই এ পি ডি চি এলয়ে বার্ষিক প্রস্তাৱিত নিৰিখৰ উপৰিও ইন্ধনৰ মূল্য বৃদ্ধিৰ নামতো অতিৰিক্ত মাচুল বৃদ্ধি কৰি উপভোক্তাক যে মাধমাৰ সোধাব সেয়া নিশ্চিত ।

লগতে পঢ়ক :Sherman Ali Sahitya Sabha controversy : এইবাৰ অসম সাহিত্য সভাক লৈ বিস্ফোৰণ শ্বেৰমান আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.