ETV Bharat / state

GU recruitment scam: কিয়‌ নিমাত শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত: অসম তৃণমূল যুৱ কংগ্ৰেছ

author img

By

Published : Mar 26, 2023, 10:49 PM IST

GU recruitment scam
গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুকম্পামূলক নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নকৰা সন্দৰ্ভত অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ সংবাদমেল (Assam TMC press meet on probe into GU recruitment scam)৷ এই ক্ষেত্ৰত শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত কিয়‌ নিমাত বুলি প্ৰশ্ন কৰে ৷ লগতে আগন্তুক ৩ দিনৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ শিক্ষা উপদেষ্টাগৰাকীক দাবী জনায় অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ অসম তৃণমূল যুৱ কংগ্ৰেছ

গুৱাহাটী, ২৬ মাৰ্চ : গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সৰৱ হৈ পৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছ । আজি অৰ্থাৎ দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই ২০০৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৫ গৰাকীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত অনুকম্পামূলক নিযুক্তি দিয়াৰ পাচতো আজিলৈকে চাকৰি নিয়মীয়াকৰণ নকৰাৰ বাবে ক্ষোভ উজাৰে (Assam TMC press meet on probe into GU recruitment scam)।

দত্তই এই সন্দৰ্ভত কয়, ‘‘অনুকম্পামূলক চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ বাবে ২০০৯ চনৰ ৯ অক্টোবৰত সিদ্ধান্ত লৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যনিৰ্বাহক পৰিষদে । আনহাতে ২০১৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন সংশোধন কৰি নিযুক্তিৰ অনুপাত ১:১.৫ কৰা হৈছিল । লগতে ২০১৭ চনৰ ৬ জুলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অনুকম্পামূলক নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীৰ চাকৰিৰ বিষয়টো সমাধানৰ বাবে তদানীন্তন উপাচাৰ্য ড৹ মৃদুল হাজৰিকালৈ পত্ৰ প্ৰেৰণ কৰাও হৈছিল’’ ।

তেওঁ আৰু কয়, ‘‘২০১৩ চনৰ পাচত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পদবীত নিযুক্তি দিয়া হৈছিল (GU recruitment)। সেই পদসমূহত ইতিমধ্যে অনুকম্পামূলক নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলক মকৰল কৰাৰ সুযোগ আছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে সেয়া কৰা নহ’ল’’ । আনহাতে ২০১৯ চনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ প্ৰসংগ উত্থাপন কৰি ৰৌ-বৰালিৰ বিৰুদ্ধে একো ব্যৱস্থা নোলোৱাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বন্দীপ দত্তই ।

অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ‘‘২০১৯ চনৰ এপিডিচিএলৰ পৰীক্ষাৰ অ‘এমআৰ শ্বীটৰ পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য আৰু এগৰাকী অধ্যাপকক আহ্বায়ক হিচাপে লৈ এক ৯ জনীয়া সমিতি গঠন কৰা হৈছিল । কিন্তু আহ্বায়কগৰাকীয়ে গোপনে নেইকম ইম্প্ৰেছন নামৰ কোম্পানীটোৰ দ্বাৰা মূল্যায়ন কৰাইছিল । এই কথা সেই সময়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে সদৰী কৰিছিল’’ ।

তেওঁ আৰু এই প্ৰসংগতে কয়, ‘‘আনকি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ তদন্তৰ পাচত কেলেংকাৰীত জড়িত থকাৰ অভিযোগত শশাংক শইকীয়া, ত্ৰিদিব শৰ্মা আৰু বেবিলন কাকতিক নিলম্বন কৰা হৈছিল । কিন্তু এগৰাকী অভিযুক্ত হিমাংশু দাস আজিও চাকৰিত নিযুক্ত হৈ আছে । আনহাতে অধ্যাপক-আহ্বায়কগৰাকীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ‌ ৰিপ'ৰ্ট ক’ত ?’’

অৱশ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্ত নিমাত কিয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰশ্ন কৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ লগতে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আগন্তুক ৩ দিনৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ শিক্ষা উপদেষ্টা ড৹ ননীগোপাল মহন্তক দাবী জনায় ।

লগতে পঢ়ক : ECI team in Assam : গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.