ETV Bharat / state

ECI team in Assam : গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল

author img

By

Published : Mar 26, 2023, 9:31 PM IST

সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত অংশীদাৰসকলৰ পৰা মতামত লোৱাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল (ECI team visit Assam)। বাতৰি কাকতত খচৰা প্ৰস্তাৱ প্ৰকাশৰ পাছত পুনৰ ভ্ৰমণ কৰিব দলটোৱে । ২৭ মাৰ্চত গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত আয়োগৰ দলটোৱে বিভিন্ন পক্ষৰ মতামত গ্ৰহণ কৰিব ।

ECI team in Assam
গুৱাহাটীত উপস্থিত নিৰ্বাচন আয়োগৰ দল

গুৱাহাটী, ২৬ মাৰ্চ : অসমত উপস্থিত ভাৰতীয় নিৰ্বাচন আয়োগৰ দল (ECI team in Guwahati)। দেওবাৰে বিয়লি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হয় নিৰ্বাচন আয়োগৰ দলটো । সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত গণমত সংগ্ৰহৰ উদ্দেশ্যেৰে তিনিদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰে উপস্থিত হৈছে দলটো (ECI team visits Assam)।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি অংশীদাৰসকলৰ সৈতে মতামত গ্ৰহণ কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ দলটো অসমত উপস্থিত হৈছে (Constituency delimitation of Assam)। ইফালে নিৰ্বাচন আয়োগৰ এনেধৰণৰ যাত্ৰা এয়াই প্ৰথম বুলি উল্লেখ কৰে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে । কিয়নো সচৰাচৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশৰ পাছতহে নিৰ্বাচন আয়োগৰ প্ৰতিনিধিয়ে ভ্ৰমণ কৰে ।

আনহাতে বাতৰি কাকতত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশৰ পাছত পুনৰ এবাৰ আয়োগৰ দলে অসম ভ্ৰমণ কৰিব বুলিও প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে । সেয়েহে আয়োগৰ সন্মুখত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে জড়িত মতামত ব্যক্ত কৰাৰ বাবে অংশীদাৰসকলে দুবাৰকৈ সুযোগ পাব । যিটোৱে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক অধিক সৰ্বাত্মক, অংশগ্ৰহণমূলক আৰু স্বচ্ছ কৰি তুলিব বুলি মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েয়ে প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে ।

মুখ্য নিৰ্বাচনী বিষয়াই জনোৱা মতে ২৭ মাৰ্চত গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত আয়োগৰ দলটোৱে স্বীকৃতি প্ৰাপ্ত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল আৰু ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ সৈতে মত বিনিময় কৰিব । নাগৰিক সমাজ, সামাজিক সংগঠনৰ প্ৰতিনিধিৰেও আলোচনাত মিলিত হ'ব আয়োগৰ দলটো (ECI in Assam)। সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতেও বৈঠকত অংশগ্ৰহণ কৰিব দলটোৱে ।

অহা ২৮ মাৰ্চৰ আবেলি সংবাদ মাধ্যমক সম্বোধন কৰিব নিৰ্বাচন আয়োগে । লগতে অসমৰদমুখ্য নিৰ্বাচন আয়ুক্তৰ তৰফৰ পৰা জনোৱা হৈছে যে নিৰ্বাচন আয়ুক্তক সাক্ষাৎ কৰিব নোৱাৰাসকলে knbhar@eci.gov.in নাইবা brajesh@eci.gov.in লৈ নিজৰ মতামত মেইল কৰিব পাৰিব ৷

উল্লেখ্য যে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । কোনোৱে যদি পুনৰ নিৰ্ধাৰণক সমৰ্থন কৰিছে আন একাংশই আকৌ ইয়াৰ বিৰোধিতাও কৰিছে । আন কোনোৱে কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ ৷

লগতে পঢ়ক :ECI team visits Assam: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগক লৈ অসমত কেন্দ্ৰীয় নিৰ্বাচন আয়োগৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.