ETV Bharat / state

Assam Flood Relief Fund: বান সাহাৰ্যৰ বাবে বিচৰা ৩,০৩৮ কোটি টকাৰ বিপৰীতে কেন্দ্ৰই অসমক দিলে মাত্ৰ ৮৯৯ কোটি টকা

author img

By

Published : Apr 7, 2023, 1:33 PM IST

বান বিধ্বস্ত ৰাজ্যখনক বান সাহায্য প্ৰদানৰ ক্ষেত্রতো কৃপণালি কৰি আহিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে। ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰ‍া ৩০৩৭.৮৬ কোটি টকাৰ পুঁজি বিচৰা হৈছিল। কেন্দ্রীয় চৰকাৰৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন মৰ্মে লাভ কৰিছে এছ ডি আৰ এফ শিতানত ৬৪৮.৮০ কোটি আৰু এন ডি আৰ এফ শিতানত ২৫০ কোটি টকা (Centre depriving Assam of flood assistance)।

Assam State Deprived of Centres Flood Relief
বান সাহাৰ্যৰ নামত অসমক বাৰম্বাৰ প্ৰৱঞ্চনা কেন্দ্ৰৰ

গুৱাহাটী,৭ এপ্ৰিল: কেন্দ্ৰই অসমক বঞ্চনা কৰাটো নতুন কথা নহয় ৷ পূৰ্বৰ চৰকাৰসমূহৰ দৰে একেই নীতি বৰ্তমানৰ বিজেপি চৰকাৰেও গ্ৰহণ কৰি আহিছে ৷ ৰাজ্যখনত একেই দলৰ চৰকাৰ থকাৰ পাচতো কিন্তু কেন্দ্ৰৰ বিজেপি চৰকাৰে অসমক বিভিন্ন ক্ষেত্ৰত বঞ্চনা কৰি আহিছে (Assam State Deprived of Centres Flood Relief)।

বান বিধ্বস্ত ৰাজ্যখনক বান সাহায্য প্ৰদানৰ ক্ষেত্ৰতো কৃপণালি কৰি আহিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে (Assam highly effected in flood) ৷ সামগ্ৰিক দৃষ্টিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ মৰমৰ তুলনা নাই ৷ প্ৰধানমন্ত্ৰীৰ পৰা দলীয় নেতালৈকে সকলোৰে মুখত সততে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ কথা শুনিবলৈ পোৱা যায় যদিও প্ৰকৃততে কিন্তু তেনে নহয় ৷ অসমৰ প্ৰতি কেন্দ্ৰৰ প্ৰকৃত স্বৰূপ সময়ে সময়ে উন্মোচিত হৈ আহিছে (Assam Flood Relief Fund) ৷

অসম বিধানসভাৰ মজিয়াতো উন্মোচিত হৈছে অসমৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সদিচ্ছাৰ নমুনা ৷ শেহতীয়া বিধানসভাত দিয়া তথ্য অনুসৰি ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিসমূহ ৰূপায়ণৰ বাবে ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ পৰ‍া ৩০৩৭.৮৬ কোটি টকাৰ পুঁজি বিচৰা হৈছিল (NDRF fund to Assam) ৷ কিন্তু উক্ত বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ পৰা পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদন মৰ্মে এছ ডি আৰ এফ শিতানত মাত্ৰ ৬৪৮.৮০ কোটি আৰু এন ডি আৰ এফ শিতানত মাত্ৰ ২৫০ কোটি টকাহে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কেন্দ্ৰৰ পৰা লাভ কৰিছে ৷ অর্থাৎ ৰাজ্যই বিচৰা ৩০৩৭.৮৬ কোটি টকাৰ বিপৰীতে কেন্দ্ৰই দিলে মাত্ৰ ৮৯৮.৮০ কোটি টকা (sufficient flood relief not released to Assam) ৷

লক্ষ্যনীয় বিষয় যে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তেই বিপদৰ সময়ত ৰাইজৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় আঁচনিসমূহ ৰূপায়ণ কৰা হয় ৷ সদনত দিয়া চৰকাৰী তথ্য অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে, জলসিঞ্চন বিভাগে ১৭১.৫৩২ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া ৮১খন আঁচনি, লোক নির্মাণ বিভাগে ১৭৭৫.৫১৪ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগা ১৭৭খন আঁচনি, জলসম্পদ বিভাগে ১৪৭৯৫.৮৫ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগা ১৯০খন আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগে ৩৪০.০০২২ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগীয়া ২৬৮ খন আঁচনি আৰু মাধ্যমিক শিক্ষা বিভাগে ৫৯.২৫ লাখ টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰিবলগা ১০২খন আঁচনিৰ অনুমোদন জনাইছে ৷ পৰৱৰ্তী সময়ত বিভিন্ন বিভাগে ৰূপায়ণ কৰিবলগীয়া এই আঁচনিসমূহৰ পুঁজিৰ জোৰা বিভাগটোৱে কেনেকৈ মাৰিব সেয়া লক্ষ্যনীয় হ’ব (Assam Repeatedly Deprived by Centre) ৷

উল্লেখ্য যে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে এছ ডি আৰ এফ আৰু এন ডি আৰ এফ শিতানত মুকলি কৰি দিয়া ১৭৪৭.৪৩ কোটি টকাৰ ১০৬৬.৫৪ কোটি টকা খৰচ কৰা হয় আৰু প্ৰায় ৬৮০.৮৯ কোটি টকা জমা হৈ আছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এনে দৃষ্টিভংগীৰ বিপৰীতে অসম চৰকাৰে পৰিস্থিতিৰে কি দৰে মোকাবিলা কৰিব সেয়া সময়েহে ক'ব ৷

লগতে পঢ়ক: 18 new toll gates in Assam : নতুনকৈ স্থাপন হ’বলগীয়া টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তিৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.