ETV Bharat / state

FIR Against Pankaj Pathak: পিছে কোন এই পংকজ পাঠক ?

author img

By

Published : Jul 19, 2022, 7:11 PM IST

চৰ্চাত পংকজ পাঠক ৷ নিজকে আয়ুৰ্বেদৰ চিকিৎসক বুলি দাবী কৰা পংকজ পাঠকে বোৱাৰীসকলৰ বিৰুদ্ধে কৰিছিল কটু মন্তব্য (Pankaj Pathak obscene comments against women) ৷ যাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ বহু মহিলা দল-সংগঠন ৷ আনকি পংকজ পাঠকৰ এই অভব্য আচৰণৰ বিৰোধিতা কৰি সোমবাৰে অসম ৰাজ্যিক মহিলা আয়োগে নিজাববীয়াকৈ লোকজনৰ বিৰুদ্ধে ৰুজু কৰে এটা গোচৰ ৷

FIR Lodged Against Pankaj Pathak
কোন এই পংকজ পাঠক ?

গুৱাহাটী, ১৯ জুলাই: পংকজ পাঠকৰ বিৰুদ্ধে সৰব অসম ৰাজ্যিক মহিলা আয়োগ ৷ এইবাৰ নিজাববীয়াকৈ অসম ৰাজ্যিক মহিলা আয়োগে পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (FIR Against Pankaj Pathak) ৷ কেৱল ৰাজ্যিক মহিলা আয়োগেই নহয়, শেহতীয়াকৈ সামাজিক মাধ্যমত মহিলা সম্পৰ্কে বিতৰ্কিত মন্তব্যৰে বান্দৰ কেকোঁৱাৰ গুড়ি বিক্ৰীৰ প্ৰচাৰ চলোৱা পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ ।

উল্লেখ্য যে, নিজকে আয়ুৰ্বেদৰ চিকিৎসক বুলি দাবী কৰা পংকজ পাঠকে কিছুদিন পূৰ্বে সামাজিক মাধ্যমত কৰিছিল কটু মন্তব্য (Pankaj Pathak obscene comments against women) ৷ আনকি চুটি কাপোৰ পিন্ধি ৰীলৰ ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিছিল এইগৰাকী স্বয়ংভূ চিকিৎসকে । লগতে এই ঔষধ ক’ত উপলদ্ধ হ’ব, তাকো বৰ্ণনা কৰিছিল পংকজ পাঠকে ৷

পংকজ পাঠকৰ এই মন্তব্যৰ পাচতেই ৰাজ্যৰ বিভিন্ন থানাত তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ।

ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ মহিলা সমিতি, জাতীয় নাৰী বাহিনী, সদৌ অসম আইন ছাত্ৰ সন্থাই পাঠকৰ বিৰুদ্ধে বশিষ্ঠ, দিছপুৰ আৰু পাণবজাৰ থানাত ৰুজু কৰিছে গোচৰ ৷ ইয়াৰ পাচতে, সোমবাৰে অসম ৰাজ্যিক মহিলা আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে পংকজ পাঠকৰ বিৰুদ্ধে ।

এই সন্দৰ্ভত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে কয়, মহিলাৰ স্বামীৰ যদি পত্নীৰ কাৰ্যত আপত্তি নাই, তেন্তে এই সন্দৰ্ভত মন্তব্য কৰাৰ অধিকাৰ পংকজ পাঠকক কোনে দিলে ? লগতে তেওঁ পংকজ পাঠকক নিকৃষ্ট মনৰ ব্যক্তি বুলিও আখ্যা দিয়ে ।

এতিয়া প্ৰশ্ন হয় এই ক্ষেত্ৰত ৰাজ্যৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব ৷ সৰু সৰু কাৰণতেই মানুহক দোষী সজাই কাৰাগাৰলৈ প্ৰেৰণ কৰা অসম আৰক্ষীয়ে বোৱাৰীক অপমান কৰা পংকজ পাঠকৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Cops Assault Auto Driver In Bokajan: অটোৰিক্সা চালকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰা আৰক্ষীৰ ৰিৰুদ্ধে ব্যৱস্থা গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.